সংলাপ (ইংৰাজী: Sanlaap) হৈছে এটা ভাৰতীয় নাৰীবাদী বেচৰকাৰী সংস্থা। ১৯৮৭ চনত কলিকতাত ইন্দ্ৰাণী সিনহাই এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল।১ কলিকতাত ভিত্তি কৰি গঠন হোৱা এই গোটৰ লক্ষ্য হৈছে মহিলা আৰু ছোৱালীৰ মানৱ অধিকাৰ সুৰক্ষিত কৰা।২ সংলাপ হৈছে এক উন্নয়নমূলক সংস্থা যিয়ে মহিলা আৰু শিশুৰ বিৰুদ্ধে লিংগ বৈষম্যতা আৰু হিংসা ৰূপত বিদ্যমান সামাজিক ভাৰসাম্যহীনতা সংশোধনৰ দিশত কাম কৰে। এই সংস্থাটোৱে ব্যৱসায়িক যৌন শোষণৰ বাবে মহিলা আৰু শিশুৰ সৰবৰাহ, যৌন নিৰ্যাতন আৰু বলপূৰ্বক বেশ্যাবৃত্তিৰ বিৰুদ্ধে কাম কৰাত প্ৰাথমিকতা প্ৰদান কৰে। ছোৱালীৰ জীৱিকা নিৰ্বাহ আৰু স্বাধীনতাৰ প্ৰশিক্ষণ দিবলৈ গোটটোৱে ছোৱালীবোৰক দোকান খুলি দিয়াৰো ব্যৱস্থা কৰিছে।৩
ইতিহাস
১৯৮৭ চনত গৱেষক আৰু শিক্ষকৰ এটা দলে মহিলা আৰু কণ্যা শিশুৰ অধিকাৰৰ বাবে কাম কৰাৰ সিদ্ধান্ত লয়। ১৯৮৯–৯০ চনত কলিকতা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত যৌন নিৰ্যাতনৰ ভুক্তভোগী মহিলাসকলৰ ওপৰত কৰা এক অধ্যয়নত প্ৰকাশ পাইছিল যে ঘৰুৱা সহায় আৰু অন্যান্য কৰ্মসংস্থাপন বিচাৰি অহাৰ সময়ত যৌন নিৰ্যাতিত হোৱা ছোৱালীবোৰৰ জীৱন প্ৰায়ে ৰেড লাইট এৰিয়া বা সন্তুষ্টি প্ৰদানকাৰী এলাকাত সমাপ্ত হৈছিল। সৰবৰাহ, প্ৰতাৰিত আৰু জোৰকৈ বেশ্যাবৃত্তিত লগোৱা কণ্যা শিশুৰ দুৰ্দশাই সংলাপৰ কামৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।
বেশ্যাবৃত্তিত থকা মহিলাসকলৰ সৈতে মত বিনিময় কৰি (WIP) এই মহিলাসকল যেতিয়া সন্ধিয়াৰ সময়ত ব্যস্ত হৈ থাকে তেতিয়া তেওঁলোকৰ সন্তানৰ বাবে যে নিৰাপদ স্থানৰ প্ৰয়োজন আছে সেই কথা প্ৰকাশ পাইছিল। দেহ ব্যৱসায়ত জড়িত মহিলাসকলে প্ৰকাশ কৰা প্ৰয়োজনীয়তা পূৰ কৰিবৰ বাবে “ড্ৰপ ইন চেণ্টাৰ” (ডি আই চি)ৰ ধাৰণাটোৰ বিকশিত হয়। আজি সংলাপে শিক্ষা কাৰ্যসূচী (SOPAN)ৰ অধীনত কলিকতা আৰু ইয়াৰ বাহিৰৰ অঞ্চলৰ ১১খন ৰেড লাইট ডিষ্ট্ৰিক্টত ১৪টা ডি-আই-চি (ড্ৰপ ইন চেণ্টাৰ) চলাই আছে।
এইডছ
বেশ্যালয়ৰ বেশ্যাবৃত্তিৰ পৰা উদ্ধাৰ কৰি স্নেহা আশ্ৰয় শিবিৰত আশ্ৰয় প্ৰদান কৰা ১৯%তকৈ অধিক ছোৱালী এইচ-আই-ভি পজিটিভ। তেওঁলোকক পৰিয়ালৰ লোকেও অৱহেলা কৰে আৰু চৰকাৰী সহায়ৰ পৰাও বঞ্চিত। ইয়াৰে কিছুমানে চৈধ্য আৰু পোন্ধৰ বছৰ বয়সত সন্তানো জন্ম দিছে।
আইনী সাহায্য
SALAH (ছলাহ "পৰামৰ্শ") হৈছে সংলাপৰ এটি শাখা। ঘৰুৱা হিংসা, ৰক্ষণাবেক্ষণ, শিশুৰ তত্ত্বাৱধান আৰু সকলো মহিলাৰ বাবে মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত আইনী সহায় আগবঢ়াবলৈ (সম্পত্তি আৰু ভাড়াঘৰৰ বিবাদৰ বাহিৰে) ১৯৯৬ চনত এই আইনী সাহায্য শাখাৰ জন্ম হৈছিল। ১৯৯৯ চনত প্ৰথম অৱস্থাত এই শাখাটোৱে উৎস অঞ্চলত অভিযান আৰু ওকালতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ১৯৯৮ চনৰ পৰা সংলাপে পঞ্চায়ত আৰু জিলা প্ৰশাসন, আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে আৰু দুৰ্বল শিশু আৰু মহিলাসকলৰ সুৰক্ষা আৰু নিৰাপদ প্ৰব্ৰজন নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণা যোগায়। সৰবৰাহৰ পৰা ৰক্ষা পোৱা লোকসকলৰ অৰ্থনৈতিক পুনৰ্বাসনৰ আজি বিশেষ গুৰুত্ব আছে য’ত সংলাপে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহযোগত কাম কৰে।
সুন্দৰ
২০০০ চনত ৰেড লাইট এৰিয়াৰ বেশ্যাবৃত্তিত জড়িত মহিলাসকলৰ সমস্যাসমূহ সমাধানৰ বাবে “SUNDAR” (সুন্দৰ) নামৰ সহায়ক গোটটো আৰম্ভ কৰা হৈছিল। মহিলাসকলক ভোটাৰ পৰিচয় পত্ৰ আৰু ৰেচন কাৰ্ডৰ ৰূপত নিজৰ পৰিচয় লাভৰ বাবে সহায় কৰাৰ লগতে স্থানীয় গুণ্ডা, গ্ৰাহক, আৰক্ষী আৰু তেওঁলোকৰ প্ৰেমিক বা স্বামীসকলৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰটো সুন্দৰে কাম কৰে।
তথ্যসূত্ৰ
- ↑ "One Woman Against the Tide: Indrani Sinha"
- ↑ V. Kumara Swamy. (24 June 2009). Sex, lies and loopholes. The Telegraph
- ↑ (19 March 2004). Gender power brews in special cafe corner. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংলাপ (সংস্থা)” প্ৰবন্ধৰ সংশোধন ৪১২৮৫৫ (১৯ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।