অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সংগীতা কৃষ্ণস্বামী

সংগীতা কৃষ্ণস্বামী এজনী মালয়েছিয়ান অভিনেত্ৰী আৰু মডেল। তেওঁ ভেঙ্কট প্ৰভুৰ হিট চলচ্চিত্ৰ গোৱা-ত অভিনয় কৰি কলিউডত নিজৰ উপস্থিতি জনায়। তাৰ পিছত তেওঁ ZHA চলচ্চিত্ৰত প্ৰধান মহিলা চৰিত্ৰত অভিনয় কৰে, য'ত কেইবাগৰাকী দক্ষিণ ভাৰতীয় অভিনেতাৰ সৈতে অভিনয় কৰিছিল।

হালনাগাদ: ১৩ ছেপ্তেম্বৰ ২০২৫ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সংগীতা কৃষ্ণস্বামী এজনী মালয়েছিয়ান অভিনেত্ৰী আৰু মডেল। তেওঁ ভেঙ্কট প্ৰভুৰ হিট চলচ্চিত্ৰ গোৱা-ত অভিনয় কৰি কলিউডত নিজৰ উপস্থিতি জনায়। তাৰ পিছত তেওঁ ZHA চলচ্চিত্ৰত প্ৰধান মহিলা চৰিত্ৰত অভিনয় কৰে, য'ত কেইবাগৰাকী দক্ষিণ ভাৰতীয় অভিনেতাৰ সৈতে অভিনয় কৰিছিল।১ ২০১৫ চনত তেওঁ মালয়েছিয়াৰ তামিল চলচ্চিত্ৰ ভেট্টি পাসাংগা আৰু ভেন্নিৰা ইৰাভুগালত মুখ্য চৰিত্ৰত অভিনয় কৰে। ভেন্নিৰা ইৰাভুগাল মালয়েছিয়াৰ তামিল চলচ্চিত্ৰ হিচাপে ইউৰোপৰ কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল আৰু ন’ৰৱে তামিল চলচ্চিত্ৰ মহোৎসৱত বিশেষ জুৰিৰ বঁটা লাভ কৰিছিল। পিছত, তেওঁ মালয়েছিয়ান কলাই উলগাম বঁটা ২০১৫-ত সকলো ৫টা শ্ৰেণীত বঁটা লাভ কৰিছিল। তেওঁ মালয়েছিয়াৰ চলচ্চিত্ৰ উদ্যোগৰ অন্যতম শীৰ্ষ অভিনেত্ৰী।

তেওঁ মালয়েছিয়ান কলাই উলগাম বঁটা ২০১৫-ৰ শ্ৰেষ্ঠ অভিনেত্ৰী (চলচ্চিত্ৰ) আৰু টেলিছিৰিজৰ শাখাত বঁটা লাভ কৰে।২ ২০১৭ চনত FFM 29 শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰা আদিৱিৰাকু চলচ্চিত্ৰত তেওঁৰ অভিনয়ে তেওঁক বৰ্ষৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা এনে পাই দিব। এই চলচ্চিত্ৰই মালয় ভাষাৰ চলচ্চিত্ৰত তেওঁৰ প্ৰথম প্ৰৱেশ চিহ্নিত কৰে, য'ত তেওঁ নৱাগত আৰু প্ৰথম মালয় ভাষাৰ ছবিত অভিনয় কৰি আনুগেৰাহ স্ক্ৰিন আৰু কোৱালাম্পুৰ চলচ্চিত্ৰ সমালোচক বঁটাতো বিজয়ী হয়। তেওঁ প্ৰথম মালয়েছিয়ান ভাৰতীয় আৰু প্ৰথম মহিলা অভিনেত্ৰী আছিল, যিয়ে একে বছৰত এই তিনিওটা বঁটা লাভ কৰিছিল।

সাংগীতা কৃষ্ণস্বামী এগৰাকী মালয়েছিয়ান ভাৰতীয়। তেওঁ কোৱালাম্পুৰত জন্ম গ্ৰহণ কৰিছিল আৰু লণ্ডন বিশ্ববিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰিছিল। অধ্যয়নকালত তেওঁ মডেল হিচাপে নিজৰ কৰিয়াৰ আৰম্ভ কৰে, যেতিয়া তেওঁ Nikon-ৰ অনলাইন প্ৰচাৰৰ বাবে মডেলিংৰ অফাৰ পাইছিল। তেওঁ তামিল, মালয়, আৰু ইংৰাজী ভাষাত দক্ষ।

বঁটা আৰু মনোনয়ন

বছৰবঁটাশ্ৰেণীমনোনীত কৃতিত্বফলাফল
২০১৫মালয়েচিয়ান কলাই উলাগাম বঁটা ২০১৫চিত্ৰ-শ্ৰেণীত সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী বঁটাভেন্নিৰা ইৰাভুগাল
টেলিচিত্ৰ আৰু ডিভিডি শ্ৰেণীত সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী বঁটাউনাৰভু
২০১৭২৯ তম মালয়েচিয়া চলচ্চিত্ৰ মহোৎসৱসৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীআদিৱিৰাকু৩
কুয়ালালামপুৰ ফিল্ম ক্ৰিটিক্স বঁটা ২০১৭৪
অনুগ্ৰহ স্ক্ৰিন ২০১৭সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ অভিনেত্ৰী বঁটা৫
২০১৮কুয়ালালামপুৰ ফিল্ম ক্ৰিটিক্স বঁটা ২০১৮সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীভেদিগুন্দু পাছাংগে৬
২০১৯নৰৱে তামিল চলচ্চিত্ৰ মহোৎসৱ বঁটা ২০১৯সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী (তামিল – প্ৰব্ৰজন)৭
২০১৯৩০ তম মালয়েচিয়া চলচ্চিত্ৰ মহোৎসৱসৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰাইজ: ইনি কালিলাহ
২০২১৩১ তম মালয়েচিয়া চলচ্চিত্ৰ মহোৎসৱসৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীএননাভাল
২০২২৩২ তম মালয়েচিয়া চলচ্চিত্ৰ মহোৎসৱসৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীজুৱাং

তথ্যসূত্ৰ

  1. ↑ Malaysian Actress Sangeeta Krishnasamy Photo Gallery! | Selliyal - செல்லியல்
  2. ↑ www.dailyseni.com.my/v3/a-conversation-with-mala
  3. ↑ T K Letchumy Tamboo. FFM29: 10 perkara perlu tahu tentang Sangeetha Krishnasamy. astro awani
  4. ↑ Majlis Pengkritik Filem Kuala Lumpur. ampfkl.blogspot.my
  5. ↑ Mya Amri. (৩ নৱেম্বৰ ২০১৭). Senarai Pemenang Anugerah Skrin 2017: Hanyut Raih Trofi Filem Terbaik. gempak.com
  6. ↑ Senarai Pencalonan Anugerah Majlis Pengkritik Filem Kuala Lumpur 2018
  7. ↑ NTFF 2019: The Winners of Feature film Tamil Eelam

সম্পৰ্কিত শ্ৰেণী

মালয়েছিয়াতামিল চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংগীতা কৃষ্ণস্বামী” প্ৰবন্ধৰ সংশোধন ৫৩৮৪১৪ (১৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।