বিনোদিনী থিয়েটাৰ ( Binodini Theatre ) পূৰ্বতে ষ্টাৰ থিয়েটাৰ নামেৰে জনাজাত আছিল। এইটো কলকাতাৰ হাতীবাগানত অৱস্থিত।১ ১৮৮৩ চনত থিয়েটাৰটো নিৰ্মাণ কৰা হৈছিল।২ প্ৰথম অৱস্থাত বিডন ষ্ট্ৰীটত অৱস্থিত এই থিয়েটাৰ পিছলৈ কৰ্ণৱালিছ ষ্ট্ৰীটলৈ স্থানান্তৰিত হয়, যাৰ বৰ্তমান বিধান সৰণি বুলি কোৱা হয়। মিনাৰ্ভা থিয়েটাৰৰ লগতে বিনোদিনী থিয়েটাৰো ব্যৱসায়িক বাংলা থিয়েটাৰৰ প্ৰথম প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম আছিল।৩
ইতিহাস আৰু অৱলোকন
হীৰা লাল সেনে নিৰ্মাণ কৰা চলচ্চিত্ৰসমূহ বিনোদিনী (ষ্টাৰ) থিয়েটাৰৰ লগতে মিনাৰ্ভা আৰু দ্য ক্লাছিক থিয়েটাৰো বংগৰ প্ৰথম প্ৰদৰ্শিত হোৱা অন্যতম স্থান আছিল। ১৯৮০ৰ দশকত ষ্টাৰ থিয়েটাৰত নাটক প্ৰযোজনা কৰা প্ৰথম সকলৰ ভিতৰত অন্যতম আছিল গিৰীশ চন্দ্ৰ ঘোষ। কলকাতাৰ এই ঐতিহ্য ক্ষেত্ৰ অগ্নিকাণ্ডত ধ্বংস হৈছিল আৰু পিছত স্থানীয় পৌৰ নিগমে পুনৰ নিৰ্মাণ কৰিছিল। পুনৰ্নিৰ্মাণ কৰা ষ্টাৰ থিয়েটাৰে ঐতিহ্যৰ বহন কৰি আহিছে। এই সম্পত্তি এটা ব্যক্তিগত কোম্পানীয়ে ৰক্ষণাবেক্ষণ কৰে।৪৫
বৰ্তমান ই মূলতঃ চিনেমা হল; মাহে প্ৰায় দুদিন ইয়াক নাটক মঞ্চস্থ কৰা হয়। কিন্তু শীতকালত ডিচেম্বৰ আৰু জানুৱাৰী মাহত ইয়াত বহুত বেছিকৈ, মাহে দহ দিনমান নাটক মঞ্চস্থ কৰা হয়। প্ৰেক্ষাগৃহটোত উৎকৃষ্ট শব্দযন্ত্ৰ ব্যৱহাৰ কৰা হৈছে। গ্ৰে ষ্ট্ৰীট (অৰবিন্দ সৰণি) আৰু কৰ্ণৱালিছ ষ্ট্ৰীট (বিধান সৰণি)ৰ সংযোগস্থলৰ ওচৰতে ষ্টাৰ থিয়েটাৰ। শোভাবজাৰ সুতানুতি মেট্ৰ’ ষ্টেচনৰ পৰা ১০ মিনিটৰ খোজ কঢ়াৰ বাট। ষ্টাৰ থিয়েটাৰত আণ্ডাৰ গ্ৰাউণ্ড গাড়ী পাৰ্কিং আছে, য’ত নামমাত্ৰ পাৰ্কিং মাচুল লোৱা হয়।
তথ্যসূত্ৰ
- ↑ (2 January 2025). Star Theatre is now Binodini Mancha: The life of Nati Binodini, the ‘fallen woman’ who scaled great heights. Indian Express
- ↑ Bhaumik, Anirban. (31 December 2024). Mamata Banerjee corrects 141-year-old injustice, honours 19th century theatre personality Noti Binodini. Deccan Herald
- ↑ Banka, Neha. (8 January 2025). From Star to Binodini, why one of Kolkata’s oldest theatres has a new name today. Indian Express
- ↑ Anonymous (28 March 2012). "Uncertainty looms over Star Theatre's fates". দ্য টাইম্ছ অৱ ইণ্ডিয়া. Retrieved 21 January 2013
- ↑ (31 December 2024). Chief minister Mamata Banerjee has announced that Star Theatre will be renamed as Binodini Theatre.. The Statesman
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টাৰ থিয়েটাৰ, কলকাতা” প্ৰবন্ধৰ সংশোধন ৫০৮৫৫৯ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।