শ্ৰী গংগামা দেৱী মন্দিৰ বাংগালোৰ চহৰৰ উত্তৰ-পশ্চিম অঞ্চলত মল্লেশ্বৰ লেআউটৰ দ্বিতীয় টেম্পল ষ্ট্ৰীটৰ কাদু মল্লেশ্বৰ মন্দিৰৰ ওচৰত অৱস্থিত। মন্দিৰৰ মুখ্য দেৱতা হৈছে গণগাম্মা বা দেৱী গঙ্গা নদী, যাক পৃথিৱীত গংগা নদী আৰু শক্তিৰ অৱতাৰ হিচাপেও প্ৰকাশ কৰা বুলি গণ্য কৰা হয়।
মন্দিৰৰ ইতিহাস
ভাৰতৰ এগৰাকী জনপ্ৰিয় দেৱী গঙ্গমা হৈছে বাংগালোৰৰ এগৰাকী নাদা দেৱথে বা স্থানীয় দেৱতা। বাৰ্ষিক গঙ্গামা জাথৰে বা ধৰ্মীয় মেলা আৰু উৎসৱ সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত হয় আৰু বাংগালোৰত হোৱা এই অনুষ্ঠানটো ১৯২৮ চনৰ পৰা মল্লেশ্বৰ অঞ্চলত আৰু ইয়াৰ আশে-পাশে অনুষ্ঠিত হৈ আহিছে।১ ২০০৪ চনত দেৱীৰ সন্মানত এটা স্থায়ী মন্দিৰ পবিত্ৰ কৰা হৈছিল।
মন্দিৰ চৌহদৰ অনান্য দেৱ-দেৱী
মন্দিৰ চৌহদত গণেশ, সুব্ৰমন্য আৰু নৱগ্ৰহৰ বাবে সৰু মন্দিৰআছে
বাৰ্ষিক গংগামা জাথৰে
'জাথ্ৰা' বা 'জাথৰে' হৈছে এক বাৰ্ষিক ধৰ্মীয় মেলা আৰু উৎসৱ যাক দক্ষিণৰ ৰাজ্যসমূহৰ বিভিন্ন সাধু আৰু স্থানীয় দেৱতাৰ সন্মানত অনুষ্ঠিত কৰা হয়। যেনে য়েল্লাম্মা মন্দিৰৰ য়েল্লাম্মা জাথ্ৰে, সৌন্দাট্টি, নায়কনাহাট্টি থিপেৰুদ্ৰা স্বামী মন্দিৰত নায়কনাহাট্টি জাথৰে আদি। বাংগালোৰৰ গাংগমগাম্মা জাথৰে ১৯২৮ চনৰ পৰা এটা পৰম্পৰা হৈ আহিছে আৰু বৰ্তমান মল্লেশ্বৰ গণগাম্মা মন্দিৰৰ চাৰিওফালে অনুষ্ঠিত হৈ আছে।
অনুষ্ঠানটো সাধাৰণতে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় আৰু বাংগালোৰ আৰু ওচৰৰ অঞ্চলৰ পৰা হাজাৰ হাজাৰ ভক্ত মন্দিৰলৈ আহে। মন্দিৰ আৰু দেৱতাক বিশেষভাৱে সজোৱা হয় আৰু ভক্তসকলে পৰম্পৰাগত ফুল, নাৰিকল আৰু ফলৰ সৈতে দেৱীক ৰাগী গেঞ্জি (গ্ৰুৱেল) আগবঢ়ায়।
তথ্যসূত্ৰ
- ↑ A village fair in the heart of city. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰী গংগামা মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৪০২৪৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।