ষ্টক মাৰ্কেট (Stock Market) বা শ্বেয়াৰ মাৰ্কেট (share market) হ’ল এখন বজাৰ, য’ত শ্বেয়াৰ জাৰি কৰা বা ব্যৱসায় কৰা হয়। ষ্টক মাৰ্কেট আৰু শ্বেয়াৰ মাৰ্কেট দুয়োটাৰ মাজত প্ৰধান পাৰ্থক্যটো হ’ল ষ্টক মাৰ্কেটে এজন ব্যক্তিক বণ্ড, মিউচুৱেল ফাণ্ড, ডেৰাইভেটিভ, কোম্পানী এটাৰ শ্বেয়াৰ আদিৰ ব্যৱসায় কৰিবলৈ দিয়ে। আনহাতে শ্বেয়াৰ এটা বজাৰে কেৱল শ্বেয়াৰৰ ব্যৱসায়ৰ অনুমতি দিয়ে।
বজাৰৰ আকাৰ
বিশ্বজুৰি ৰাজহুৱাভাৱে ব্যৱসায় কৰা সকলো ষ্টকৰ মুঠ বজাৰ মূলধন ১৯৮০ চনত ২.৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২০ চনৰ শেষত ৯৩.৭ ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পায়।১
২০১৬ চনলৈকে বিশ্বত ৬০টা ষ্টক এক্সচেঞ্জ আছিল। ইয়াৰে ১৬টা এক্সচেঞ্জৰ বজাৰ মূলধন ১ ট্ৰিলিয়ন ডলাৰ বা তাতকৈ অধিক, আৰু ইয়াৰ দ্বাৰা বিশ্বৰ বজাৰ মূলধনলৈ বৰঙণি ৮৭%। অষ্ট্ৰেলিয়ান ছিকিউৰিটিজ এক্সচেঞ্জৰ বাহিৰেও এই ১৬টা এক্সচেঞ্জ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়াত আছে।২
দেশ অনুসৰি ২০২২ চনৰ জানুৱাৰী মাহলৈকে বিশ্বৰ বৃহত্তম ষ্টক মাৰ্কেটৰ অধিকাৰি দেশ কেইখন হৈছে- আমেৰিকা যুক্তৰাষ্ট্ৰ (প্ৰায় ৫৯.৯%), তাৰ পিছতে আছে জাপান (প্ৰায় ৬.২%) আৰু যুক্তৰাজ্য (প্ৰায় ৩.৯%)।৩
তথ্যসূত্ৰ
- ↑ Market capitalization of listed domestic companies (current US$). The World Bank
- ↑ (2016-02-16). All of the World's Stock Exchanges by Size
- ↑ countries with largest stock markets. statista
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেয়াৰ মাৰ্কেট” প্ৰবন্ধৰ সংশোধন ৪২১৯৬৯ (৩১ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।