অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শ্বাৰ্লক হ'ম্‌ছ

শ্বাৰ্লক হ’ম্‌ছ (Sherlock Holmes) এটা কাল্পনিক ডিটেকটিভ চৰিত্ৰ। স্ৰষ্টা আছিল স্কটদেশীয় সাহিত্যিক ছাৰ আৰ্থাৰ কোনান ডয়েল। লণ্ডন নিবাসী শ্বাৰ্লক হোম্‌ছ প্ৰখ্যাত যুক্তিবাদী বিশ্লেষণত, ছদ্মবেশ ধাৰণত আৰু বিধি-বিজ্ঞানৰ নিয়ম অনুসৰি তদন্ত কৰি জটিল ৰহস্য সমাধানত সিদ্ধহস্ত।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৬৭০ শব্দ · ৪ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শ্বাৰ্লক হ’ম্‌ছ (Sherlock Holmes) এটা কাল্পনিক ডিটেকটিভ চৰিত্ৰ। স্ৰষ্টা আছিল স্কটদেশীয় সাহিত্যিক ছাৰ আৰ্থাৰ কোনান ডয়েল। লণ্ডন নিবাসী শ্বাৰ্লক হোম্‌ছ প্ৰখ্যাত যুক্তিবাদী বিশ্লেষণত, ছদ্মবেশ ধাৰণত আৰু বিধি-বিজ্ঞানৰ নিয়ম অনুসৰি তদন্ত কৰি জটিল ৰহস্য সমাধানত সিদ্ধহস্ত।

শ্বাৰ্লক হোম্‌ছৰ আৱিৰ্ভাৱ হৈছিল ১৮৮৭ চনত উপন্যাস 'এ ষ্টাডি ইন স্কাৰলেট'ৰ যোগেদি। ছাৰ্লক হোম্‌ছ চৰিত্ৰটো সৰ্বমুঠ ছাপন্নটা গল্প আৰু চাৰিখন উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ আছিল। প্ৰথম গল্পলানিৰ প্ৰকাশৰ পাছতেই 'ছাৰ্লক হোম্‌ছ' বিপুলভাৱে জনপ্ৰিয় হয়। গল্পলানি মূলত: প্ৰকাশ হৈছিল 'ষ্ট্ৰাণ্ড' আলোচনীত। ছাৰ্লক হোম্‌ছৰ প্ৰথম উপন্যাস প্ৰকাশ হৈছিল 'বীটনছ ক্ৰিষ্টমাছ এনুৱেল' আলোচনীত। গল্পৰ ঘটনাৱলীৰ সময় ১৮৮০ চনৰপৰা ১৯১৪ চনলৈ বিস্তৃত।

ছাৰ্লক হোম্‌ছ গল্প আৰু উপন্যাস সমূহৰ কঠকৰ চৰিত্ৰ আছিল ডা. ৱাটছন। ছাৰ্লক হোম্‌ছৰ অন্তৰংগ বন্ধু। প্ৰথম উপন্যাসৰ সময়তে দুয়োৰে প্ৰথম সাক্ষাৎ হৈছিল। অৱশ্যে দুটা গল্পত ছাৰ্লক হোম্‌ছে নিজেই কথকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। আনহাতে আন দুটা গল্প লিখা হৈছিল তৃতীয় পুৰুষত।

ছাৰ্লক হোম্‌ছৰ চৰিত্ৰৰ অনুপ্ৰেৰণা

ডয়েল চাহেবে কৈ যোৱা মতে ছাৰ্লক হোম্‌ছৰ বাবে তেখেতে অনুপ্ৰেৰণা হিচাপে লৈছিল তেখেতৰ এটা সময়ৰ শিক্ষক জোছেফ বেলক। জোছেফ বেলৰ সৰু সৰু চিহ্ন লক্ষ্য কৰি ডাঙৰ সিদ্ধান্তত উপনীত হোৱাৰ ক্ষমতা আছিল।১ ছাৰ হেনৰি লিটলজনকো ছাৰ্লক হোম্‌ছৰ চৰিত্ৰৰ অনুপ্ৰেৰণা বুলি কোৱা হয়। এখেতে বিধি-বিজ্ঞান বিষয়ৰ অভিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চিকিৎসা বিষয়ক জ্ঞানৰদ্বাৰা অপৰাধ অনুসন্ধানত এখেতে আগভাগ লৈছিল।২

জীৱন বৃত্তান্ত

শাৰ্লক হোমসেৰ প্ৰথম আবিৰ্ভাব, ১৮৮৭
শাৰ্লক হোমসেৰ প্ৰথম আবিৰ্ভাব, ১৮৮৭ছবি: David Henry Friston · Public domain

সম্পূৰ্ণ নাম উইলিয়াম ছাৰ্লক স্কট হোমছ। ছাৰ্লক হোমছৰ জন্ম ১৮৫৪ খ্ৰীষ্টাব্দৰ ৬ জানুৱাৰী্ত শুকুৰবাৰে আবেলি বেলাত। দেউতাক চাইগাৰ হোমছ আৰু মাক ভায়োলেট ছেৰিন ফোৰ্ড। দেউতাকৰ যদিও ইচ্ছা আছিল ছাৰ্লক ডাঙৰ হৈ ইঞ্জিনিয়াৰ হ’ব, কিন্তু ছাৰ্লক হ’লগৈ বিশ্বৰ একমাত্ৰ কনচাল্টিং ৰহস্যসন্ধানী। তেখেতৰ সঙ্গী, যোগ্য সহকাৰী বন্ধুবৰ লেখক ডাক্তৰ ওৱাটচনে ৰহস্য উদঘাটনৰ চেষ্টা কৰিছে কি কাৰণেনো তেওঁ এই পেশালৈ আহিল। কিন্তু বাৰে বাৰে ব্যৰ্থ হৈছে তেওঁ। পাছত অৱশ্যে এদিন ছাৰ্লকে নিজ মুখেৰেই কৈছে সেইকথা।৩

ল’ৰালিকালৰ পৰাই ছাৰ্লকে শিকি গৈ আছিল কি দৰে দুচকুৰ ক্ষমতাৰেই চকুৰে দেখা বস্তুসমূহৰ খুঁটিনাটি ধৰা পেলাব পাৰি। ১৮ বছৰ বয়সত যেতিয়া তেওঁ অক্সফোৰ্ড কলেজৰ আণ্ডাৰ গ্ৰেজুয়েটৰ ছাত্ৰ, তেতিয়া তেওঁ বন্ধুবান্ধবহীন। চেহেৰা সিমান সুন্দৰ নহ'লেও তেখেতৰ ফালে নোচোৱাকৈ থাকিব নোৱাৰি; এক অসাধাৰণ আকৰ্ষণীয় ক্ষমতা আছিল তেখেতৰ। তথাপি দ্বিতীয় বছৰত ভিক্টৰ ট্ৰেভৰ নামৰ বন্ধু এজন পালে তেখেতে। ভিক্টৰো ছাৰ্লকৰ দৰে নিঃসঙ্গ।৩

১৮৭৪ খ্ৰীষ্টাব্দৰ ১২ জুলাইত বন্ধু ভিক্টৰে তেখেতৰ দেউতাকৰ সৈতে ছাৰ্লকক পৰিচয় কৰাই দি ছাৰ্লকৰ বিশ্লেষণী ক্ষমতাৰ কথা কয়। এইখিনিতে বৃদ্ধ ভিক্টৰে ছাৰ্লকক পৰীক্ষা কৰিব খুজি তেখেতৰ সম্বন্ধে ক'বলৈ কয়, ছাৰ্লকে যি ক’লে, সেইকথা শুনি বৃদ্ধৰ হাঁহি হাঁহি চেহেৰা ম্লান হৈ গ’ল। তাৰ পাছৰ পৰাই চখ হিচাপে কৰা এই কামকে ছাৰ্লকে পেশা হিচাপে বাচি লয়।৩

ছাৰ্লক হোমছ অবিবাহিত। লণ্ডনৰ যিটো ভাড়া ঘৰত তেওঁ থাকিছিল তাৰ ঠিকনা: ২২১/বি বেকাৰ ষ্ট্ৰীট, লণ্ডন।৩ ঘৰৰ মালিকনী মিচেচ হাডচন। হোমছে কেতিয়াবাহে ককায়েক মাইক্ৰফট হোমছৰ লগত যোগাযোগ কৰিছিল।

অধিক পঢ়ক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Lycett, Andrew. (2007). The Man Who Created Sherlock Holmes: The Life and Times of Sir Arthur Conan Doyle. Free Press. পৃ. 53–54, 190. ISBN 978-0-7432-7523-1
  2. ↑ Doyle, A. Conan. (1961). The Boys' Sherlock Holmes, New & Enlarged Edition. Harper & Row. পৃ. 88
  3. ↑ আনওয়াৰুল কবীৰ বুলু. ছাৰ্লক হোম্‌ছ ৰচনাসমগ্ৰ. ছাৰ্লক হোম্‌ছ. মনন প্ৰকাশ. পৃ. 656. ISBN 984-8332-00-6

সম্পৰ্কিত শ্ৰেণী

কাল্পনিক চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাৰ্লক হ'ম্‌ছ” প্ৰবন্ধৰ সংশোধন ৬৩১৮৫০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।