অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লেচলি মান

লেচলি মান (ইংৰাজী: Leslie Mann; জন্ম ২৬ মাৰ্চ, ১৯৭২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বহু চিনামাত অভিনয় কৰিছে, যেনে দ্য কেবল গাই (১৯৯৬), শ্বিজ দ্য ৱান (১৯৯৬), জৰ্জ অৱ দ্য জংঘল (১৯৯৭), বিগ ডেডী (১৯৯৯), অৰেঞ্জ কাউণ্টি (২০০২), দ্য ৪০-ইয়াৰ-অল্ড ভাৰ্জিন (২০০৫), নকড আপ (২০০৭), ড্ৰিলবিট টেইলৰ (২০০৮), আই…

হালনাগাদ: ৪ এপ্ৰিল ২০২৬ ৬৭৬ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

লেচলি মান (ইংৰাজী ভাষা: Leslie Mann; জন্ম ২৬ মাৰ্চ, ১৯৭২)১ এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বহু চিনামাত অভিনয় কৰিছে, যেনে দ্য কেবল গাই (১৯৯৬), শ্বিজ দ্য ৱান (১৯৯৬), জৰ্জ অৱ দ্য জংঘল (১৯৯৭), বিগ ডেডী (১৯৯৯), অৰেঞ্জ কাউণ্টি (২০০২), দ্য ৪০-ইয়াৰ-অল্ড ভাৰ্জিন (২০০৫), নকড আপ (২০০৭), ড্ৰিলবিট টেইলৰ (২০০৮), আই লাভ ইউ ফিলিপ মৰিছ (২০০৯), ১৭ এগেইন (২০০৯), ফানি পিপল (২০০৯), ডিছ ইজ ৪০ (২০১২), দ্য ব্লিং ৰিং (২০১৩), দ্য আদাৰ উইমেন (২০১৪), আৰু ব্লকাৰছ (২০১৮)।

প্ৰাথমিক জীৱন

মান ছান ফ্ৰান্সিস্কোত জন্মগ্ৰহণ কৰিছিল আৰু নিউপ'ৰ্ট বিচত ডাঙৰ-দীঘল হৈছিল।২ তেওঁক মাতৃ জেনেটে ডাঙৰ-দীঘল কৰিছিল,৩ যিয়ে আয়াৰ্ছ হোটেল গোটত আঠ বছৰ ধৰি ডিজাইন আৰু মানসম্পন্ন কাৰ্যসূচীৰ নেতৃত্ব দিছিল। মানে দেউতাকৰ বিষয়ে কৈছে, "মোৰ দেউতা...মোৰ আচলতে নাই। মানে, তেওঁৰ অস্তিত্ব আছে, কিন্তু তেওঁৰ সৈতে মোৰ সম্পৰ্ক শূন্য।" তেওঁৰ দুটি ভায়েক-ভনীয়েক আৰু তিনিজন সতীয়া ককায়েক আছে। তেওঁৰ মাতৃৰফালৰ আইতাক চেডি ভায়োলা হেলজা ৰাছানেন আছিল ফিনলেণ্ডৰ অনুপ্ৰৱেশকাৰীৰ কন্যা।৪

মানে কৈছে যে যৌৱনকালত তেওঁ "অতি লাজকুৰীয়া, একপ্ৰকাৰৰ অন্তৰ্মূখী চৰিত্ৰ"ৰ আছিল। তেওঁ ক'ৰ'না ডেল মাৰ হাইস্কুলৰপৰা স্নাতক হৈছিল, আৰু জোয়ান বেৰন/ডি ডব্লিউ ব্ৰাউন অভিনয় ষ্টুডিঅ' আৰু কমেডী ইম্প্ৰ'ভ ট্ৰুপ দ্য গ্ৰাউণ্ডলিংছৰ সৈতে অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কলেজত পঢ়ি যোগাযোগ বিষয়ত অধ্যয়ন কৰিছিল যদিও স্নাতক হোৱাৰ আগতেই বাদ দিছিল।৫

কেৰিয়াৰ

মান, ২০০৮ চনত
মান, ২০০৮ চনতছবি: derivative work: Tabercil (talk) Leslie_Mann.jpg: lukeford.net · CC BY-SA 2.5

মান ১৮ বছৰ বয়সত নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু বহু টেলিভিছন বাণিজ্যিকত উপস্থিত হৈছিল। ১৯৯৬ চনত, তেওঁ দ্য কেবল গাইত অভিনয় কৰিছিল, তাৰ পাছত ফ্ৰীক্স এণ্ড গীক্স, জৰ্জ অৱ দ্য জংঘলত ব্ৰেণ্ডন ফ্ৰেজাৰৰ সৈতে, বিগ ডেডীত আডাম সেণ্ডলাৰৰ সৈতে, অৰেঞ্জ কাউণ্টিত জেক ব্লেকৰ বিপৰীতে, আৰু দ্য ৪০-ইয়াৰ-অল্ড ভাৰ্জিনত ষ্টিভ কেৰে'লৰ সৈতে অভিনয় কৰিছিল।৬

২০০৭ চনত, মান নকড আপ কমেডীত ছেথ ৰ’জেন, কাথেৰিন হেইগল আৰু প’ল ৰাডৰ সৈতে অভিনয় কৰিছিল। এই চিনেমাই বিশ্বজুৰি ২১৮ মিলিয়ন ডলাৰৰো অধিক আয় কৰিছিল। তেওঁৰ অভিনয় সমালোচকসকলৰপৰা প্ৰশংসা লাভ কৰে আৰু শিকাগো ফিল্ম ক্ৰিটিকছ এছ'চিয়েছনৰপৰা "শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী" হিচাপে মনোনীত হয়। চিনেমাই পিপল'ছ চয়েছ এৱাৰ্ডত "প্ৰিয় কমেডী মুভি"ৰ বঁটা জিকিছিল, এএফআইৰ "বছৰৰ শীৰ্ষ দশখন চিনেমা"ৰ ভিতৰত আছিল, আৰু ব্ৰডকাষ্ট ফিল্ম ক্ৰিটিকছ এছ'চিয়েছনৰপৰা "শ্ৰেষ্ঠ কমেডী"ৰ মনোনয়ন লাভ কৰিছিল।৭

২০০৯ চনত, মান ফানি পিপলত বিগ ডেডীৰ সহঅভিনেতা আডাম ছেণ্ডলাৰ আৰু নকড আপৰ সহঅভিনেতা ছেথ ৰ’জেনৰ সৈতে অভিনয় কৰিছিল। ছবিখন বছৰৰ শীৰ্ষ দশখন তালিকাত অন্তৰ্ভুক্ত হৈছিল, যেনে নিউ য়ৰ্কাৰ আৰু নিউ য়ৰ্ক টাইমছ।৮ এলি মেগাজিনৰ লেখক মিকি ৰেপকিনে কৈছিল যে মানে ছবিখনৰ দ্বিতীয় অৰ্ধাংশত নিজৰ চৰিত্ৰৰ পূৰ্ণ আধিপত্য বিস্তাৰ কৰিছিল।

একেই বছৰত, মান ১৭ এগেইনত জেক এফ্ৰন আৰু মেথিউ পেৰীৰ সৈতে অভিনয় কৰিছিল, যি বিশ্বজুৰি ১২৫ মিলিয়ন ডলাৰৰো অধিক আয় কৰিছিল।৯

মান এছাংগ ফিল্ম আই লাভ ইউ ফিলিপ মৰিছত জিম কেৰী আৰু য়ুৱান মেকগ্ৰেগাৰৰ সৈতে অভিনয় কৰিছিল। ছবিখন ২০০৯ চনৰ ছানডেন্স ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল আৰু মুক্তিৰ পাছত সমালোচকসকলৰপৰা প্ৰশংসা লাভ কৰিছিল।১০

২০১১ চনত, মান দ্য চেঞ্জ-আপ কমেডীত ৰায়ান ৰেনল্ডছ আৰু জেছন বেটমেনৰ সৈতে অভিনয় কৰিছিল। তেওঁ লিণ্ডা নামৰ চৰিত্ৰৰ বাবে ৰিঅ’ এনিমেটেড ফিল্মত কণ্ঠ দিছিল, যিটো বিশ্বজুৰি ৪৮৪ মিলিয়নৰো অধিক আয় কৰিছিল।১১

২০১২ চনত, মান পাৰানৰ্মান এনিমেটেড ছবিত নিজৰ কণ্ঠাভিনয় অব্যাহত ৰাখিছিল। ডিচেম্বৰ ২০১২ চনত, তেওঁ পল ৰাডৰ সৈতে দিছ ইজ ৪০ত অভিনয় কৰিছিল। এলি মেগাজিনে কৈছিল, "[তেওঁ] কেৱল দৃশ্য লৈকেৰেৰে বাচি নাযায়—তেওঁ সম্পূৰ্ণ অনুষ্ঠান চুৰ কৰে।" ১২

২০১৩ চনত, মান দ্য ব্লিং ৰিংত এমা ৱাটচনৰ সৈতে অভিনয় কৰিছিল। ২০১৪ চনত, তেওঁ মেকাৰ্ছ: ৱিমেন হু মেক আমেৰিকাৰ দ্বিতীয় মৌসুমৰ ৱিমেন ইন কমেডী অধ্যায়ত বিৱৰণ দিছিল। ২০১৫ চনত, মান ভেকেচনত ক্ৰিছ হেম্সৱৰ্থৰ সৈতে শ্ৰেষ্ঠ চুম্বনৰ বাবে এমটিভি মুভি এৱাৰ্ডৰ বাবে মনোনীত হৈছিল। ২০১৮ চনত, তেওঁ ব্লকাৰ্ছত একক মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ৱেলকাম টু মৰৱেনত ষ্টিভ কেৰেলৰ সৈতে পুনৰ মিলিত হৈছিল।১৩

ব্যক্তিগত জীৱন

মান তেওঁৰ পতি জুড আপাটৱৰ সৈতে, ২০১০ চনত
মান তেওঁৰ পতি জুড আপাটৱৰ সৈতে, ২০১০ চনতছবি: David Shankbone · CC BY 2.0

৯ জুন, ১৯৯৭ চনত, মান নিৰ্দেশক আৰু প্ৰযোজক জুড আপাটৱৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হৈছিল। তেওঁলোকৰ পৰিচয় দ্য কেবল গাইৰ বাবে অডিচন চলাই থকা সময়ত হৈছিল। আপাটৱ, যি ছবিখনৰ এজন প্ৰযোজক আছিল, জিম কেৰীৰ বাবে অডিচন দিছিল।১৪ মান আৰু আপাটৱৰ দুজনী কন্যা আছে, মৌডে আৰু আইৰিছ, যি কন্যা দুয়ো মানৰ চৰিত্ৰৰ শিশুৰূপত নকড আপ, ফানি পিপল আৰু দিচ ইচ ৪০ চিনামাত উপস্থিত হৈছিল।১৫

মান আৰু আপাটৱ দুয়ো ৮২৬এলএ নামৰ অলাভজনক প্ৰতিষ্ঠানৰ দীঘলীয়া সমৰ্থক, যি সুবিধাহীন কিশোৰ-কিশোৰীৰ লিখনি দক্ষতা বিকাশত সহায় কৰে।১৬ তেওঁলোকে ইউচিএলএ ৰেপ ট্ৰিটমেণ্ট চেণ্টাৰৰ ষ্টুৱাৰ্ট হাউছৰ সৈতে যুক্ত, যি যৌন নিগ্ৰহৰ চিকাৰ হোৱা শিশু আৰু তেওঁলোকৰ পৰিয়ালৰ সহায় কৰে।১৭

মান আৰু আপাটৱৰ দাতৃত্বমূলক কৰ্মক ২০১২ চনত ব’গাৰ্ট পেডিয়াট্ৰিক কেঞ্চাৰ ৰিচাৰ্ছ প্ৰগ্ৰামে সন্মানিত কৰিছিল আৰু তেওঁলোকক "চিলড্ৰেনছ চয়েচ এৱাৰ্ড" প্ৰদান কৰিছিল। ২০০৯ চনত, দ্য ফুলফিলমেণ্ট ফাণ্ডে তেওঁলোকক বাৰ্ষিক বেনেফিট গালাত সন্মানিত কৰিছিল।১৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (July 30, 2009). Leslie Mann. Maxim
  2. ↑ Combe, Rachael. (September 17, 2012). Leslie Mann on Being Hollywood's Reigning Funny Girl. Elle
  3. ↑ Multiple sources: * (February 25, 2006). Obituary: Dylan Antoine Ayres. Orange County Register. Legacy.com * Powers, Elia. (June 13, 2005). Ayers heirs keep family business strong. Daily Pilot * Raises over $1 million in 2019. Circle 1000. Hoag Hospital Foundation
  4. ↑ Multiple sources: * (September 1, 1943). Baraga Items. L'Anse Sentinel. Digital Michigan Newspapers Collection * (November 18, 1937). Baraga Items. L'Anse Sentinel. Digital Michigan Newspapers Collection. পৃ. 4 * Sadie H Rasanen in the 1940 Census. Ancestry.com
  5. ↑ de Bertodano, Helena. (February 13, 2013). This is 40: Leslie Mann interview. The Telegraph
  6. ↑ Leslie Mann Filmography
  7. ↑ Knocked Up Awards. The New York Times
  8. ↑ Scott, A.O. (December 18, 2009). Homes Are Where You Find Them. The New York Times
  9. ↑ 17 Again Box Office
  10. ↑ Leslie Mann Film Reviews
  11. ↑ Rio Box Office
  12. ↑ This Is 40 Review
  13. ↑ Blockers Cast and Crew
  14. ↑ Cormier, Roger. (June 14, 2016). 13 Hooked Up Facts About The Cable Guy. Mental Floss
  15. ↑ Gariano, Francesca. (August 13, 2024). Judd Apatow and Leslie Mann's 2 Daughters: All About Maude and Iris. People
  16. ↑ Kellogg, Carolyn. (May 23, 2012). 826LA adds Pee-wee Herman to Judd Apatow benefit
  17. ↑ Delgado, Alexandra. (March 12, 2012). Haute 100 Los Angeles Update: Judd Apatow and Leslie Mann Support Stuart House
  18. ↑ Kay, Felix. Judd Apatow & Leslie Mann Honored for Work for Kids

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেচলি মান” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৪০ (৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।