লেই টিংজি (চীনা: 雷挺婕; পিনইন: Léi Tǐngjié, জন্ম ১৩ মাৰ্চ ১৯৯৭১) এগৰাকী চীনা দবা খেলুৱৈ। আন্তৰ্জাতিক দবা মহাসংঘই তেওঁক গ্ৰেণ্ডমাষ্টাৰ উপাধি প্ৰদান কৰিছে। তেওঁ ২০২১ চনৰ মহিলা গ্ৰেণ্ড ছুইচ চেম্পিয়ন, ২০১৭ চনৰ চীনৰ মহিলা ৰাষ্ট্ৰীয় চেম্পিয়ন আৰু ২০২২–২৩ মহিলা কেণ্ডিডেটচ বিজয়ী।২৩ লেইয়ে ২০১৭ চনত ১৯ বছৰ বয়সত গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰে আৰু কিশোৰী অৱস্থাতে এই উপাধি লাভ কৰা ষষ্ঠ মহিলা খেলুৱৈৰূপে পৰিগণিত হয়।
কৰ্মজীৱন
২০১৪ চনত, লেইয়ে ৱুক্সিত অনুষ্ঠিত চতুৰ্থ চীন মহিলা মাষ্টাৰ্ছ টুৰ্ণামেন্টত টাইব্ৰেকৰ ভিত্তিতজু ৱেনজুনক পৰাস্ত কৰে।[৪ সেই বছৰতে আন্তৰ্জাতিক দবা সংস্থা (চমুকৈ ফিদে)ই তেওঁক মহিলা গ্ৰেণ্ডমাষ্টাৰ (WGM) উপাধি প্ৰদান কৰে। ২০১৫ চনত, লেই মস্ক’ ওপেনৰ মহিলা শাখাৰ বিজয়ী হয়, য'ত তেওঁ বিশ্ব জুনিয়ৰ গাৰ্লছ চেম্পিয়ন আলেক্সাণ্ড্ৰা গৰ্যাচকিনাক পৰাস্ত কৰে।৫
লেইয়ে ২০১৫ চনৰ মহিলা বিশ্ব দবা চেম্পিয়নশিপত অংশ লৈছিল, পিছে তেওঁ দ্বিতীয় ৰাউণ্ডত শীৰ্ষ বাচনিৰ খেলুৱৈ হাম্পি কোনেৰুৰ বিপক্ষে পৰাস্ত হয়। ডিচেম্বৰ ২০১৫ চনত, তেওঁ ৩২তম বোব্লিংগেন আন্তঃৰাষ্ট্ৰীয় ওপেনত ৭/৯ পইন্ট স্ক’ৰ কৰি আলেক্সাণ্ডাৰ জুবাৰেভ, অলেক্সাণ্ডৰ বৰ্টনিক, জুৰে স্কোবাৰনে আৰু মাক্সিমিলিয়ান নিফৰ সৈতে প্ৰথম স্থান অধিকাৰ কৰে।৬
২০১৬ চনত, তেওঁ ডুবাইত অনুষ্ঠিত এছিয়ান নেচনছ কাপৰ মহিলা বিভাগত সোণৰ পদক বিজয়ী চীন দলৰ সদস্য আছিল।৭ মাৰ্চ ২০১৭ চনত, লেইয়ে পূৰ্ণ গ্ৰেণ্ডমাষ্টাৰ (GM) উপাধি লাভ কৰে।৮
জুন মাহত, তেওঁ ৱুক্সিত অনুষ্ঠিত ছষ্ঠ চীন মহিলা মাষ্টাৰ্ছ টুৰ্ণামেন্টত জয়ী হয়, য'ত তেওঁ মহিলা বিশ্ব চেম্পিয়ন তেন জংঝিক পৰাস্ত কৰে।৯ ডিচেম্বৰ মাহত, লেইয়ে ৰিয়াদত অনুষ্ঠিত মহিলা বিশ্ব ৰেপিড দবা চেম্পিয়নশিপত ৰূপৰ পদক লাভ কৰে।১০
জানুৱাৰী ২০১৮ চনত, লেইয়ে ৪৩তম ছেভিল্লা আন্তঃৰাষ্ট্ৰীয় দবা ওপেন জয় কৰে। অতি উচ্চ-স্তৰৰ এই ওপেন টুৰ্ণামেন্টখন এগৰাকী মহিলা খেলুৱৈয়ে জয় কৰাটো আছিল এক বৃহৎ সাফল্য।১১
তেওঁ ২০২১ চনৰ ফিদে মহিলা গ্ৰেণ্ড ছুইচ টুৰ্ণামেন্ট জয় কৰি ২০২২-২৩ চনৰ মহিলা কেণ্ডিডেটছ টুৰ্ণামেন্টত স্থান নিশ্চিত কৰে।১২
এপ্ৰিল ২০২৩ চনত, লেইয়ে মহিলা কেণ্ডিডেটছ টুৰ্ণামেন্ট ২০২২-২৩ জয় কৰে, য'ত তেওঁ তেন জংঝিক ৩½–১½ স্ক’ৰেৰে পৰাস্ত কৰে, মুঠ পাঁচখন খেলৰ মেচত তেওঁ বিজয়ী হয়। জুলাই ২০২৩ চনত, লেইয়ে বৰ্তমানৰ মহিলা বিশ্ব চেম্পিয়ন জু ৱেনজুনৰ বিৰুদ্ধে বিশ্ব মুকুটৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়, কিন্তু দ্বাদশ গেমত পৰাজিত হৈ মূৰকত তেওঁ বঞ্চিত হয়।১৩
তথ্যসূত্ৰ
- ↑ (2014-06-10). (WGM) TITLE APPLICATION. FIDE
- ↑ (2017-05-04). Wei Yi and Lei Tingjie are 2017 Chinese Chess Champions. Chessdom
- ↑ Lei Tingjie wins the Women's Candidates Final. www.fide.com
- ↑ (2014-05-15). Lei Ting jie wins China Women Master. News About Chess
- ↑ (2015-02-08). WGM Lei Tingjie best in Moscow Open Women's Cup. Chessdom
- ↑ (2015-12-31). GM Zubarev clinches the title at 32nd Boeblingen Open 2015. Chessdom
- ↑ Schulz, André (2016-04-07). "Asian Nations Cup: Gold for India and China". ChessBase
- ↑ (3 March 2017). List of titles approved by the Presidential Board by written resolution. FIDE
- ↑ Crowther, Mark. (2017-06-05). 6th Chinese Women's Masters 2017. The Week in Chess
- ↑ (2017-12-28). Viswanathan Anand and Ju Wenjun are World Rapid Champions!. Chessdom
- ↑ (2017-12-28). Viswanathan Anand and Ju Wenjun are World Rapid Champions!. Chessdom
- ↑ (7 November 2021). FIDE Grand Swiss: Dronavalli Harika draws with Germany's Elisabeth Paehtz, slips to joint third spot
- ↑ Lei Tingjie wins the Women's Candidates Final. www.fide.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেই টিংজি” প্ৰবন্ধৰ সংশোধন ৪৭৭২৬৮ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।