অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লুনা ব্লেইজ

লুনা ব্লেইজ বয়েড (জন্ম: ১ অক্টোবৰ, ২০০১) এগৰাকী আমেৰিকান অভিনেত্ৰী। ২০১৫ চনত তেওঁ চলচ্চিত্ৰ মেম'ৰিয়াৰ জৰিয়তে চলচ্চিত্ৰ জগতত অভিষেক কৰে। তাৰ পিছত তেওঁ ছিটকম ফ্ৰেশ অৱ দ্য বট (২০১৫–২০১৮) আৰু অতিপ্ৰাকৃতিক নাট্যধাৰা মানিফেষ্ট (২০১৮–২০২৩)-ত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ৩৫৯ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

লুনা ব্লেইজ বয়েড (জন্ম: ১ অক্টোবৰ, ২০০১) এগৰাকী আমেৰিকান অভিনেত্ৰী। ২০১৫ চনত তেওঁ চলচ্চিত্ৰ মেম'ৰিয়াৰ জৰিয়তে চলচ্চিত্ৰ জগতত অভিষেক কৰে। তাৰ পিছত তেওঁ ছিটকম ফ্ৰেশ অৱ দ্য বট (২০১৫–২০১৮) আৰু অতিপ্ৰাকৃতিক নাট্যধাৰা মানিফেষ্ট (২০১৮–২০২৩)-ত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।

২০২৫ চনত তেওঁ বিজ্ঞান-কল্পকাহিনীমূলক চলচ্চিত্ৰ জুৰাছিক ৱৰ্ল্ড ৰিবাৰ্থত অভিনয় কৰে, যিখনে তেওঁক অধিক জনপ্ৰিয়তা প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন

ব্লেইজ লছ এঞ্জেলেছ,কেলিফৰ্ণিয়া-ত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ হৈছে পল বয়েড, যি স্কটলেণ্ডৰ গ্লাছগোৰ এজন পৰিচালক, আৰু মাতৃ হৈছে এঞ্জেলিনা মাৰ্টিনেজ-বয়েড, যি টেক্সাছৰ চেন এণ্টোনিঅ'ৰ দ্বিতীয় প্ৰজন্মৰ মেক্সিকান-আমেৰিকান অভিনেত্ৰী।১২৩৪

কৰ্মজীৱন

প্ৰাৰম্ভিক ভূমিকা আৰু স্বীকৃতি

ব্লেইজে ছয় বছৰ বয়সত ২০০৮ চনৰ চলচ্চিত্ৰ ভিচিয়াছ চাৰ্কল-ত এটা ক্ষুদ্ৰ উপস্থিতিৰ জৰিয়তে অভিনয় আৰম্ভ কৰে। ২০১৩ চনত তেওঁ ইণ্ডি আৰ্ট চলচ্চিত্ৰ মেমোৰিয়া-ত যুৱা নীনা চৰিত্ৰত অভিনয় কৰে। চলচ্চিত্ৰখন জেমছ ফ্ৰাঙ্কো কাৰ্যনিৰ্বাহী প্ৰযোজনা কৰিছিল আৰু তেওঁ নিজেও ইয়াত অভিনয় কৰিছিল।

২০১৪ চনত ব্লেইজে এবিচি টেলিভিছন ধাৰাবাহিক ফ্ৰেছ অফ দ্য বোট-ত নিকোল চৰিত্ৰত পুনৰাবৃত্ত ভূমিকা লাভ কৰে,৫ য'ত ৰেণ্ডেল পাৰ্ক আৰু কনষ্টেন্স ৱু লুইচ আৰু জেছিকা হুৱাং চৰিত্ৰত অভিনয় কৰিছিল। ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হোৱাৰ সময়ত তেওঁ ১৩ বছৰ বয়সীয়া আছিল, আৰু ই আছিল তেওঁৰ প্ৰথম গুৰুত্বপূৰ্ণ ভূমিকা।৬ এই ভূমিকা বাবে তেওঁ ২০১৬ চনৰ ইয়ং আৰ্টিষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ পুনৰাবৃত্ত কিশোৰী অভিনেত্ৰী বঁটা লাভ কৰে।৭

২০১৬ চনৰ জুন মাহত ব্লেইজে জেকব সাৰ্তোৰিয়াছৰ অভিষেক গীত সুইটশাৰ্ট-ৰ সংগীত ভিডিঅ’ত অভিনয় কৰে।৮ ২০২৫ চনত তেওঁ জুৰাছিক ৱৰ্ল্ড ৰিবাৰ্থ চলচ্চিত্ৰত অভিনয় কৰে।৯

সংগীত অভিষেক আৰু মেনিফেষ্ট

২০১৭ চনৰ আৰম্ভণিতে ব্লেইজে নিজৰ প্ৰথম গীত “অ’ভাৰ ইউ” মুক্তি দিয়ে আৰু একে বছৰৰ ডিচেম্বৰ মাহত নতুন বছৰত নতুন সংগীত মুকলি কৰাৰ কথা ঘোষণা কৰে। ২০১৮ চনৰ শেষৰফালে তেওঁ দ্বিতীয় গীত “সিক্ৰেটছ” মুক্তি কৰে।১০

২০১৮ চনত ব্লেইজে NBC-ৰ অতিপ্ৰাকৃতিক নাট্যধাৰা মেনিফেষ্টত অলিভ ষ্টোন চৰিত্ৰত অভিনয় কৰে।১১ তিনিটা ঋতুৰ পিছত ধাৰাবাহিকখন বাতিল কৰা হৈছিল, কিন্তু নেটফ্লিক্সত সংযোজন কৰাৰ পাছত ইয়াৰ জনপ্ৰিয়তা বাঢ়ি যায় আৰু চতুৰ্থ তথা অন্তিম ঋতু নিৰ্মাণ কৰা হয়, যি ২০২৩ চনৰ জুন মাহত সমাপ্ত হয়। সমালোচকসকলৰপৰা ধাৰাবাহিকখনে মিশ্ৰ প্ৰতিক্ৰিয়া লাভ কৰে।

২০২৩ চনত ব্লেইজে স্বতন্ত্ৰ চলচ্চিত্ৰ অ্যাৰিষ্টটল আৰু ডাৰ্টি ডিছকভাৰ দ্য ছিক্ৰেটছ অৱ দ্য ইউনিভাৰ্চ-ত সহায়ক চৰিত্ৰত অভিনয় কৰে। ২০২৫ চনত তেওঁ গেৰেথ এডৱাৰ্ডছ পৰিচালিত বিজ্ঞান-কল্পকাহিনীমূলক চলচ্চিত্ৰ জুৰাছিক ৱৰ্ল্ড ৰিবাৰ্থ-ত অভিনয় কৰে,১২ য'ত স্কাৰলেট জ'হানছন, মাহাৰ্ষলা আলী আৰু জনাথন বেইলী সহ-অভিনয় কৰে। চলচ্চিত্ৰখনে বিশ্বজুৰি ৮৬৯.১ মিলিয়ন ডলাৰৰ অধিক আয় কৰে,১৩১৪ যদিও সমালোচকসকলৰপৰা মিশ্ৰ সমালোচনা লাভ কৰে। ই আছিল তেওঁৰ প্ৰথম বক্স অফিচ সফলতা আৰু একাডেমী এৱাৰ্ড স্বীকৃতিও লাভ কৰে।১৫

তথ্যসূত্ৰ

  1. ↑ Blaise, Luna. (September 29, 2017). How a Lack of Latinx Representation Impacted My Mother and Gave Me a Mission. Popsugar
  2. ↑ Meet the Cast & Crew. Ari & Dante Universe
  3. ↑ Escalante, Ana. (2025-07-01). Inside Luna Blaise's Rapid Rise to Blockbuster Status. Who What Wear
  4. ↑ Kamaraj, Chandana. (2021-04-20). Glass interviews upcoming actor Luna Blaise - The Glass Magazine. theglassmagazine.com
  5. ↑ Yamato, Jen. (January 21, 2015). 'Ben-Hur' Adds Moises Arias; Luna Blaise Joins James Franco's 'Memoria'. Deadline Hollywood
  6. ↑ (2018-09-22). Exclusive: Stars Luna Blaise & Athena Karkanis Talk New Show 'Manifest' - The Knockturnal. The Knockturnal
  7. ↑ Busekroos, Matt. (14 March 2016). ABC and Nickelodeon Actors Lead Winners at Young Artist Awards. backstage.com
  8. ↑ Jacob Sartorius: Sweatshirt (Music Video 2016) ⭐ 1.1 | Music. IMDb
  9. ↑ Jurassic World Rebirth (2025) · Action, Adventure, Sci-Fi
  10. ↑ Kaplan, Ilana. (2018-10-11). Luna Blaise Debuts Music Video for "Secrets," an Electropop Track That'll Get You Dancing. Teen Vogue
  11. ↑ Petski, Denise. (March 9, 2018). 'Main Justice' Casts Deborah Ayorinde; Luna Blaise Joins 'Manifest'. Deadline Hollywood
  12. ↑ Kroll, Justin. (May 31, 2024). 'Jurassic World': Luna Blaise Lands Key Role In New Film From Universal And Amblin. Deadline Hollywood
  13. ↑ Jurassic World Rebirth
  14. ↑ Jurassic World Rebirth
  15. ↑ Wiseman, Andreas; Hipes, Patrick. (January 22, 2026). Oscar Nominations: 'Sinners' Leads The Way With Record 16, 'One Battle' Next With 13 (Full List Of Winners). Deadline Hollywood

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীআমেৰিকান কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুনা ব্লেইজ” প্ৰবন্ধৰ সংশোধন ৫৯৯৮১৮ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।