লিম্ফ'মা (Lymphoma) হৈছে লিম্ফ'ছাইটৰ (শ্বেত ৰক্ত কোষৰ এক প্ৰকাৰ) পৰা বিকশিত তেজ আৰু লসীকা বা লিম্ফৰ টিউমাৰৰ এটা গোট। বৰ্তমান সময়ত লিম্ফ'মা নামটোৱে সাধাৰণতে এনে সকলো টিউমাৰৰ পৰিৱৰ্তে কেৱল কৰ্কট ৰোগজনিত সংস্কৰণক বুজায়।১ লক্ষণসমূহৰ ভিতৰত লিম্ফ ন'ড বৃদ্ধি হোৱা, জ্বৰ, ঘামত তিতি যোৱা, অনাকাংক্ষিতভাৱে ওজন কমি যোৱা, খজুৱতি হোৱা আৰু অনবৰতে ভাগৰুৱা অনুভৱ কৰা অন্যতম। বৃদ্ধি হোৱা লিম্ফ ন'ডবোৰ সাধাৰণতে বিষহীন হয়। সচৰাচৰ ৰাতিৰ সময়ত ঘাম বেছিকৈ ওলায়।
লিম্ফ'মাৰ বহুতো উপপ্ৰকাৰ জনা যায়।২ লিম্ফ'মাৰ দুটা ঘাই শ্ৰেণী হৈছে হজকিন লিম্ফ'মা (HL) (১০% কেছৰ ক্ষেত্ৰত)৩ আৰু নন-হজকিন লিম্ফ'মা (NHL) (৯০% কেছৰ ক্ষেত্ৰত)।৩৪ বিশ্ব স্বাস্থ্য সংস্থাই লিম্ফ'মাৰ প্ৰকাৰ হিচাপে আন দুটা শ্ৰেণী অন্তৰ্ভুক্ত কৰিছে – প্লাজমা কোষ মাইল’মা আৰু লিম্ফ'প্ৰলিফেৰেটিভ ৰোগ।৫ লিম্ফ'মা আৰু লিউকিমিয়া হৈছে হেমাট'পয়েটিক আৰু লিম্ফ'ইড কলাৰ টিউমাৰৰ এটা বিশাল গোটৰ অংশ।৬
হজকিন লিম্ফ'মাৰ বিপদজনক কাৰকসমূহ হ'ল এপষ্টাইন–বাৰ ভাইৰাছৰ সংক্ৰমণ আৰু পৰিয়ালত এই ৰোগৰ ইতিহাস। আনহাতে, সাধাৰণ প্ৰকাৰৰ নন-হজকিন লিম্ফ'মাৰ বিপদজনক কাৰকসমূহ হ'ল স্ব-অসংক্ৰাম্য ৰোগ, এইচ আই ভি/এইড্ছ, মানৱ টি-লিম্ফ’ট্ৰপিক ভাইৰাছৰ সংক্ৰমণ, ইমিউন’ছাপ্ৰেছিভ ঔষধ, আৰু কিছুমান কীটনাশক।৭ প্ৰচুৰ পৰিমাণে ৰেড মীট খোৱা আৰু ধঁপাত সেৱন কৰিলেও বিপদাশংকা বৃদ্ধি পাব পাৰে।৮৯১০ যদিহে বৃদ্ধি হোৱা লিম্ফ ন'ডৰ উপস্থিতি দেখা যায়, তেতিয়া সচৰাচৰ লিম্ফ ন'ড বায়'প্সিৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰা হয়। তেজ, প্ৰস্ৰাৱ আৰু অস্থি মজ্জাৰ পৰীক্ষা কৰাটোও ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত উপযোগী হ'ব পাৰে। তাৰ পিছত মেডিকেল ইমেজিঙৰ সহায়ত কৰ্কট ৰোগ বিয়পি পৰিছে নে নাই আৰু ক'ত বিয়পি পৰিছে সেয়া নিৰ্ণয় কৰিব পাৰি। লিম্ফ'মা প্ৰায়ে হাওঁফাওঁ, যকৃত আৰু মগজুলৈ বিয়পে।
চিকিৎসাৰ ভিতৰত আছে কেম'থেৰাপি, ৰেডিঅ'থেৰাপি, প্ৰ'টন থেৰাপি, টাৰ্গেটেড থেৰাপি, আৰু অস্ত্ৰোপচাৰ। কিছুমান নন-হজকিন লিম্ফ'মাত লিম্ফ'মা কোষৰ দ্বাৰা উৎপন্ন হোৱা প্ৰটিনৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত তেজ ইমানেই ডাঠ হৈ পৰে যে প্ৰটিনখিনি আঁতৰাবলৈ প্লাজমাফেৰেছিছ সম্পন্ন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত সকলো হজকিন লিম্ফ'মাৰ উপপ্ৰকাৰৰ ক্ষেত্ৰত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ ৮৫%,১১ আনহাতে নন-হজকিন লিম্ফ'মাৰ ক্ষেত্ৰত এই হাৰ ৬৯%।১২ ২০১২ চনত গোটেই বিশ্বজুৰি ৫ লাখ ৬৬ হাজাৰ লোকৰ দেহত লিম্ফ'মা বিকশিত হৈছিল আৰু ৩ লাখ ৫ হাজাৰ লোকৰ মৃত্যু হৈছিল।৫ সকলো কৰ্কট ৰোগৰ ভিতৰত ৩–৪ শতাংশই লিম্ফ'মা।৫১৩ উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশসমূহত লিম্ফ'মা বেছিকৈ হোৱা পৰিলক্ষিত হয়।৫
ইতিহাস

১৮৩২ চনত টমাছ হজকিনে লিম্ফ'মাৰ প্ৰথম বৰ্ণনা আগবঢ়াইছিল, বিশেষকৈ তেওঁৰ নামেৰে নামকৰণ কৰা ৰূপটোৰ।১৪ তেতিয়াৰ পৰাই আন বহু ধৰণৰ লিম্ফ'মাৰ বৰ্ণনা আগবঢ়োৱা হৈছে।
ব্যুৎপত্তি
"লিম্ফ'মা" শব্দটো লেটিন ভাষাৰ লিম্ফা ("পানী") আৰু গ্ৰীক ভাষাৰ -oma ("ৰোগ বৃদ্ধি, টিউমাৰ")ৰ পৰা আহিছে।১৫
তথ্যসূত্ৰ
- ↑ Taylor, Elizabeth J. (2000). Dorland's Illustrated medical dictionary.. Saunders. পৃ. 1038. ISBN 0721662544
- ↑ Aditya Bardia. (2010). Johns Hopkins Patients' Guide to Lymphoma. Jones & Bartlett Learning. পৃ. 6. ISBN 9781449631413
- ↑ (2013). The Lymphoma Guide Information for Patients and Caregivers. Leukemia and Lymphoma Society
- ↑ (2011-02-02). Lymphoma. NCI
- ↑ (2014). World Cancer Report 2014.. World Health Organization. পৃ. Chapter 5.13. ISBN 978-9283204299
- ↑ (July 2009). The 2008 revision of the World Health Organization (WHO) classification of myeloid neoplasms and acute leukemia: rationale and important changes. Blood. পৃ. 937–951
- ↑ (December 2017). The association between non-Hodgkin lymphoma and organophosphate pesticides exposure: A meta-analysis. Environmental Pollution. পৃ. 319–328
- ↑ (September 2013). Cigarette smoking and risk of Hodgkin lymphoma and its subtypes: a pooled analysis from the International Lymphoma Epidemiology Consortium (InterLymph). Annals of Oncology. পৃ. 2245–2255
- ↑ (November 2015). Red and Processed Meat Consumption Increases Risk for Non-Hodgkin Lymphoma: A PRISMA-Compliant Meta-Analysis of Observational Studies. Medicine. পৃ. e1729
- ↑ (May 2016). Meat intake and non-Hodgkin lymphoma: a meta-analysis of observational studies. Cancer Causes & Control. পৃ. 595–606
- ↑ Hodgkin Lymphoma—SEER Stat Fact Sheets. Seer.cancer.gov
- ↑ SEER Stat Fact Sheets: Non-Hodgkin Lymphoma. NCI
- ↑ Marcus, Robert. (2013). Lymphoma: pathology, diagnosis and treatment. পৃ. 1. ISBN 9781107010598
- ↑ Hellman, Samuel; Mauch, P.M. Ed. (1999). Hodgkin's Disease. Lippincott Williams & Wilkins. পৃ. 5. ISBN 0-7817-1502-4
- ↑ -oma. Online Etymology Dictionary
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিম্ফ'মা” প্ৰবন্ধৰ সংশোধন ৬৩২২৪২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।