অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিনা টিঅ'

লিনা টিঅ' পিক লিম (ইংৰাজী: Lina Teoh Pick Lim; জন্ম: ৭ জুলাই ১৯৭৬) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী, টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ মালয়েছিয়া ৱৰ্ল্ড ১৯৯৮ ৰ মুকুট লাভ কৰিছিল।

হালনাগাদ: ১২ জুলাই ২০২৬ ৩৫৫ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

লিনা টিঅ' পিক লিম (ইংৰাজী: Lina Teoh Pick Lim; জন্ম: ৭ জুলাই ১৯৭৬) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী, টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ মালয়েছিয়া ৱৰ্ল্ড ১৯৯৮ ৰ মুকুট লাভ কৰিছিল। তেওঁ ছেচেলচৰ মাহেত অনুষ্ঠিত মিছ ৱৰ্ল্ড ১৯৯৮ প্ৰতিযোগিতাত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰি দ্বিতীয় ৰানাৰ্ছ-আপৰ খিতাপ অৰ্জন কৰিছিল।

ব্যক্তিগত জীৱন

অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত এজন মালয়েছিয়ান চীনা পিতৃ আৰু এগৰাকী ডাচ মাতৃৰ কোলাত জন্মগ্ৰহণ কৰা টিঅ’ৱে তেওঁৰ প্ৰাপ্তবয়স্ক জীৱনৰ বেছিভাগ সময় মালয়েছিয়াৰ মালাক্কা আৰু কুৱালালামপুৰত অতিবাহিত কৰিছিল। কিশোৰ অৱস্থাৰ শেষৰফালে আৰু ২০ বছৰ বয়সৰ সময়ছোৱাত তেওঁ দক্ষিণ-পূব এছিয়াৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি বহুতো নামী-দামী ব্ৰেণ্ডৰ টেলিভিছন বিজ্ঞাপন আৰু প্ৰিণ্ট এডৰ বাবে মডেলিং কৰাৰ লগতে ৰেম্প মডেল হিচাপেও কাম কৰিছিল। টিঅ’ৱে ১৯৮০-১৯৯২ চনলৈকে 'শ্ব’ বিজ ডান্স একাডেমী'ত প্ৰশিক্ষণ লৈছিল, য’ত তেওঁ ১২ বছৰ ধৰি জাজ বেলে অধ্যয়ন কৰিছিল। ১৯৯৮ চনত তেওঁ অষ্ট্ৰেলিয়ান ইনষ্টিটিউট অফ ড্ৰামেটিক আৰ্টছৰপৰা শিক্ষা সমাপ্ত কৰে।

বছৰ বছৰ ধৰি তেওঁ মালয়েছিয়াত বহুতো টেলিভিছন কাৰ্যসূচীৰ আঁত ধৰিছে, যাৰ ভিতৰত আছে চেনেল ভি ৰ বাবে 'ৱাচ-ইউ-ৱাণ্ট', এটা মালয়েছিয়ান পৰ্যটন ধাৰাবাহিক, এটা ক্ৰীড়া ধাৰাবাহিক, এটা ব্যাৱসায়িক ধাৰাবাহিক, এটা প্ৰেৰণাদায়ক টক শ্ব’ আৰু এটা মহিলাৰ টক শ্ব’।১

সৌন্দৰ্য প্ৰতিযোগিতা

মিছ ৱৰ্ল্ড ১৯৯৮

টিঅ’ ১৯৯৮ চনৰ মিছ ৱৰ্ল্ড মালয়েছিয়া নিৰ্বাচিত হয় আৰু তাৰ পিছত ছেচেলচত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মিছ ৱৰ্ল্ড ১৯৯৮ প্ৰতিযোগিতাত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰে। এক আশ্চৰ্যজনক অভিজ্ঞতাৰ মাজেৰে টিঅ’ৱে পেৰিছত এসপ্তাহ আৰু তাৰ পিছত ছেচেলচৰ ধুনীয়া দ্বীপ মাহেত তিনি সপ্তাহ কটাইছিল, য’ত প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায় অনুষ্ঠিত হৈছিল। সমগ্ৰ বিশ্বৰ ৯৩ গৰাকী প্ৰতিযোগীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি টিঅ’ৱে অৱশেষত বিজয়ী ইজৰাইলৰ লিনোৰ আবৰ্গিল আৰু প্ৰথম ৰানাৰ্ছ-আপ ফ্ৰান্সৰ ভেৰোনিক কেলোকৰ পিছতে দ্বিতীয় ৰানাৰ্ছ-আপৰ স্থান লাভ কৰে। তেওঁক ১৯৯৮ চনৰ মিছ ৱৰ্ল্ড এছিয়া আৰু ওচেনিয়া হিচাপে ঘোষণা কৰা হৈছিল। মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত এগৰাকী মালয়েছিয়ান প্ৰতিযোগীৰ বাবে এয়া এতিয়ালৈকে (২০২১ চনলৈকে) সৰ্বোচ্চ সাফল্য।২৩

অভিনয় জীৱন

টিঅ’ৱে স্থানীয় ইংৰাজী ধাৰাবাহিক কপিতিয়ামত এগৰাকী অহংকাৰী ছিংগাপুৰৰ অধিবক্তা চুচান লাউৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ থিয়েটাৰ প্ৰডাকশ্যন ‘ফৰএভাৰ টাইৰিন’ত এগৰাকী অদ্ভুত পুথিভঁৰালী আৰু মাল্টি-মিডিয়া নাটক ‘লাইট বাল্বচ’ত এগৰাকী গায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। এই চৰিত্ৰটোৰ বাবে তেওঁ এছিয়ান টেলিভিছন এৱাৰ্ডছত "শ্ৰেষ্ঠ অভিনেত্ৰী"ৰ ৰানাৰ্ছ-আপ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। লগতে এই ধাৰাবাহিকখনৰ জৰিয়তে তেওঁৰ বহুতো অভিনেতা-কৰ্মী আৰু সহ-অভিনেতা ডগলাছ লিমৰ (শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত) সৈতে এক চিৰস্থায়ী বন্ধুত্ব গঢ়ি উঠিছিল।৪

টিঅ’ৱে নেশ্যনেল জিঅ’গ্ৰাফিক চেনেলৰ বাবে ‘এ লিডাৰছ লিগেচি: তুন আব্দুল ৰাজাক’ নামৰ এখন তথ্যচিত্ৰও প্ৰযোজনা কৰিছিল।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ about me. www.linateoh.com
  2. ↑ (27 November 1998). Miss Israel wins Miss World pageant. Moscow-Pullman Daily News. পৃ. 4A
  3. ↑ Blast from the Past. www.missmalaysia-world.com.my
  4. ↑ Lina. www.linateoh.8m.com
  5. ↑ Sean, Ong Han. (24 August 2010). National Geographic documentary on Tun Razak. TheStarOnline

সম্পৰ্কিত শ্ৰেণী

মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিনা টিঅ'” প্ৰবন্ধৰ সংশোধন ৬১৬৭৯৮ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।