লিণ্ডা নেলেন কফি (Linda Nellene Coffee; জন্ম: ২৫ ডিচেম্বৰ, ১৯৪২)১ টেক্সাছৰ ডালাছত বাস কৰা এগৰাকী আমেৰিকান উকীল। কফি চাৰা ৱেডিংটনৰ সৈতে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ৰ' বনাম ৱেডৰ গোচৰৰ যুক্তি আগবঢ়োৱাৰ বাবে বেছিকৈ পৰিচিত।২৩
প্ৰাথমিক আৰু ব্যক্তিগত জীৱন
কফিৰ জন্ম হৈছিল দক্ষিণৰ বেপ্টিষ্ট পৰিয়ালত। ১৯৮৩ চনৰ শীতকালত ব্যক্তিগত বিজ্ঞাপনৰ উত্তৰত তেওঁৰ সংগীক লগ পায়।.৪
শিক্ষা
১৯৬৫ চনত কফিয়ে ৰাইচ বিশ্ববিদ্যালয়ৰ পৰা জাৰ্মান ভাষাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত ১৯৬৮ চনৰ ফেব্ৰুৱাৰী মাহত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰে।১৯৬৮ চনৰ মে' মাহত তেওঁ টেক্সাছত আইন চৰ্চা কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰে।৫
কৰ্মজীৱন
আইন বিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পিছত তেওঁ টেক্সাছ বিধান পৰিষদৰ বাবে কাম কৰে।১ টেক্সাছ বিধান পৰিষদে টেক্সাছ বিধানসভাৰ বাবে গৱেষণা কৰে।৬ ফি টেক্সাছৰ ফেডাৰেল ন্যায়াধীশ ছাৰা হিউজৰ কেৰাণীও আছিল। মহিলাসকলৰ বাবে সমান নিয়োগৰ সুযোগৰ দিশত কাম কৰা সংস্থা উইমেনছ ইকুইটি একচন লীগৰ তেওঁ সদস্য আছিল।
ৰ'ৰ পিছত কফিয়ে দেউলীয়া হোৱাৰ গোচৰত কাম কৰিছিল।১
তথ্যসূত্ৰ
- ↑ Prager, Joshua. (19 January 2017). Roe v. Wade's Secret Heroine Tells Her Story. Vanity Fair: profile of Coffee
- ↑ Garrow, David J. (27 September 1992). She Put the v in Roe v. Wade. New York Times: review of A Question of Choice by Sarah Weddington
- ↑ Garrow, David J. (1998). Liberty and Sexuality: The Right to Privacy and the Making of Roe v. Wade. University of California Press. পৃ. 1064. ISBN 9780520213029
- ↑ Prager, Joshua. Exclusive: Roe v. Wade's Secret Heroine Tells Her Story. The Hive
- ↑ State Bar of Texas | Find a Lawyer | Linda Nellene Coffee
- ↑ Council, Texas Legislative. Texas Legislative Council - About the Council. www.tlc.state.tx.us
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিণ্ডা কফি” প্ৰবন্ধৰ সংশোধন ৫৩২৫৯৯ (১৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।