অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিঅৰা স্পেলমেন

লিঅৰা স্পেলমেন (জন্ম লিঅৰা থেৰেছা স্পেলমেয়াৰ; ১৩ জুলাই ১৮৮৮ বা ১৮৯০ – ৪ ছেপ্তেম্বৰ ১৯৪৫) এজনী আমেৰিকান ভডেভিল শিল্পী আৰু মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ অভিনেতা চাৰ্লছ বি. মিডলটনৰ পত্নী আছিল। লিঅৰা থেৰেছা স্পেলমেয়াৰ মিছৌৰীৰ ব’ন টেৰত জন্মগ্ৰহণ কৰিছিল।

হালনাগাদ: ১০ এপ্ৰিল ২০২৫ ১৯৬ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

লিঅৰা স্পেলমেন (জন্ম লিঅৰা থেৰেছা স্পেলমেয়াৰ; ১৩ জুলাই ১৮৮৮ বা ১৮৯০ – ৪ ছেপ্তেম্বৰ ১৯৪৫) এজনী আমেৰিকান ভডেভিল শিল্পী আৰু মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ অভিনেতা চাৰ্লছ বি. মিডলটনৰ পত্নী আছিল।১

লিঅৰা থেৰেছা স্পেলমেয়াৰ মিছৌৰীৰ ব’ন টেৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ শিশু অৱস্থাতেই মঞ্চত সংগীত পৰিবেশন কৰা আৰম্ভ কৰিছিল। যুৱতী অৱস্থাত ভডেভিলত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল, য'ত তেওঁ ১৯০৮ চনত সহ-শিল্পী চাৰ্লছ মিডলটনক লগ পায় আৰু বিবাহ পাশত আবদ্ধ হয়।২

তেওঁলোকে "Middleton and Spellmeyer" নামেৰে এখন ভডেভিল দলেৰে অভিনয় কৰিছিল।

ল’ৰা স্পেলমেন নামৰে মঞ্চত অভিনয় কৰা স্পেলমেনে মুখ্যতঃ থিয়েটাৰতে অভিনয় কৰিছিল। ১৯২০ চনত তেওঁ আৰু তেওঁৰ স্বামীয়ে একেলগে "Wits vs. Wits" চলচ্চিত্ৰত অভিনয় কৰিছিল, যদিও তেওঁ মঞ্চত অভিনয় অব্যাহত ৰাখি মাত্ৰ দুটা চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁৰ স্বামী চাৰ্লছ বি. মিডলটন "ফ্লেচ গৰ্ডন" শৃংখলাৰ "এম্পেৰ’ৰ মিং" ৰূপে অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল।

তেওঁৰ স্বামীৰ তুলনাত তিনি বছৰতকৈ কম বয়সীয়া হলেও, লিঅৰা স্পেলমেন ১৯৪৫ চনৰ ৪ ছেপ্তেম্বৰত লছ এঞ্জেলেছত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে।৩ তেওঁ হলিউড ফ’ৰেভাৰ চেমেটেৰীত নিজৰ স্বামীৰ কাষতে সমাধিস্থ হয়। যদিও বহুতো তথ্য উৎসত তেওঁৰ জন্ম ১৮৯০ চন বুলি উল্লেখ আছে, তেওঁৰ সমাধি ফলকত ১৮৮৮ চন উল্লেখ কৰা আছে। ১৯০০ চনৰ আমেৰিকান জনগণনা নথিত তেওঁৰ জন্ম ১৮৮৭ চনৰ জুলাই মাহত হৈছিল বুলি উল্লেখ আছে।

তথ্যসূত্ৰ

  1. ↑ Ellenberger, Allan R. (2001). Celebrities in Los Angeles Cemeteries: A Directory. McFarland. পৃ. 151. ISBN 978-0-7864-0983-9
  2. ↑ Mayer, Geoff. (2017). Encyclopedia of American Film Serials. McFarland, Incorporated, Publishers. পৃ. 206. ISBN 978-0-7864-7762-3
  3. ↑ Quinlan, David. (1986). The illustrated encyclopedia of movie character actors. Harmony Books. পৃ. 213. ISBN 978-0-517-56171-3

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিঅৰা স্পেলমেন” প্ৰবন্ধৰ সংশোধন ৫০৩১২৭ (১০ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।