অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লাইলা ট্ৰেটিক'ভ

লাইলা ট্ৰেটিক'ভ (Lila Tretikov), (Ляля Третьяко́ва; ২৫ জানুৱাৰী, ১৯৭৮) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক। তেখেতৰ জন্মৰ নাম Lyalya Tretyakova। মস্কোত জন্মগ্ৰহণ কৰা ট্ৰেটিক'ভ সৰুকালতেই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহে আৰু ১৯৯৯ চনত কেলিফ'ৰ্নিয়াত ছফ্ট্‌ৱেৰ অভিযন্তা হিচাপে কাম কৰিবলৈ লয়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

লাইলা ট্ৰেটিক'ভ (Lila Tretikov), (Ляля Третьяко́ва; ২৫ জানুৱাৰী, ১৯৭৮১) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক। তেখেতৰ জন্মৰ নাম Lyalya Tretyakova। মস্কোত জন্মগ্ৰহণ কৰা ট্ৰেটিক'ভ সৰুকালতেই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহে আৰু ১৯৯৯ চনত কেলিফ'ৰ্নিয়াত ছফ্ট্‌ৱেৰ অভিযন্তা হিচাপে কাম কৰিবলৈ লয়। ইয়াত তেখেতে এটা প্ৰযুক্তি বিপণন প্ৰতিষ্ঠান আৰম্ভ কৰে আৰু কেইবাটাও ছফ্ট্‌ৱেৰ পেটেণ্টত সহযোগীৰূপে কাম কৰে। এণ্টাৰপ্ৰাইজ ছফ্ট্‌ৱেৰৰৰ বিশেষজ্ঞ ট্ৰেটিক'ভে SugarCRM, Inc.-ৰ মুখ্য তথ্য বিষয়া আৰু উপ-সভাপতি হিচাপেও কাম কৰিছিল। ২০১৪ চনত তেখেতে চ্যু গাৰ্ডনাৰৰ পৰা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বভাৰ চম্ভালি লয়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭৮ চনৰ ২৫ জানুৱাৰীত মস্কোত ট্ৰেটিক'ভে জন্মলাভ কৰে।২৩ তেখেতৰ দেউতাক আছিল এজন গণিতজ্ঞ আৰু মাক এগৰাকী চলচ্চিত্ৰ-নিৰ্মাতা।৪ তেখেত ১৬ বছৰ বয়সত নিউয়ৰ্ক মহানগৰলৈ আহে। তেখেতে পৰিচাৰিকা ৰূপে কাম কৰাৰ লগতে ইংৰাজীও শিকে আৰু কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে য'ৰ পৰা ডিগ্ৰী সমাপ্ত নকৰাকৈয়ে তেখেতে বিদায় লয়।৫ তেখেতৰ মূল বিষয় আছিল কম্পিউটাৰ বিজ্ঞান আৰু কলা, আৰু লগতে যন্ত্ৰ শিক্ষণৰ (machine learning) বিষয়ে গৱেষণা কৰিছিল।৫

কৰ্মজীৱন

১৯৯৯ চনত ট্ৰেটিক'ভে "চান্‌ মাইক্ৰ'ছীষ্টেম"ত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। Sun-Netscape Alliance-ত অভিযন্তা হিচাপে তেখেতে জাভা চাৰ্ভাৰত কাম কৰিছিল। তাৰ পাছত তেখেতে GrokDigital নামৰ এটা প্ৰযুক্তি বিপণন প্ৰতিষ্ঠান আৰম্ভ কৰে আৰু পাছলৈ SugarCRM, Inc-ৰ মুখ্য তথ্য বিষয়া আৰু উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।৬

২০১২ চনত তেখেতে "বছৰটোৰ মহিলা কৰ্যনিৰ্বাহক – ব্যৱসায়িক সেৱা – ১১-২,৫০০ কৰ্মচাৰী – কম্পিউটাৰ হাৰ্ডৱেৰ আৰু ছফ্ট্‌ৱেৰ" শাখাত ষ্টিভি বঁটাৰ ব্ৰ'ঞ্জৰ পদক লাভ কৰে।৭

২০১৪ চনৰ মে' মাহত তেখেতক চ্যু গাৰ্ডনাৰৰ ঠাইত ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়,৮৯১০১১ আৰু ২০১৪ চনৰ ১ জুনত এই পদত যোগদান কৰে। ট্ৰেটিক'ভৰ নিযুক্তি আছিল বিতৰ্কিত কাৰণ নিযুক্তিৰ পূৰ্বে তেখেতে ৱিকিপিডিয়াত কেৱল এবাৰহে সম্পাদনা কৰিছিল। ইণ্টেলিজেণ্ট ডেটা মেপিং আৰু ডায়নামিক লেংগুৱেজ এপ্লিকেছনৰ কেইবাটাও পেটেণ্ট তেখেতে সহ-উদ্ভাৱন কৰে।১২১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Wikimedia Monthly Metrics and Analytics Meeting, May 2014
  2. ↑ CrunchBase. CrunchBase
  3. ↑ Wikimedia is headed by an American of Russian origin. RIA Novosti
  4. ↑ "Women band together, make inroads into tech" by Jon Swartz, USA Today, 27 November 2012
  5. ↑ Seligman, Katherine. (May 9, 2014). The Woman To Run Wikipedia: Russian-born Former Cal Student Seen as "White Unicorn". California Magazine
  6. ↑ Executive Profile: Lila Tretikov Bloomberg Businessweek, 2014. Retrieved 1 May 2014. Archived here.
  7. ↑ Stevie Awards For Women in Business: 2012 Stevie Award Winners. stevieawards.com. Stevie Awards, Inc
  8. ↑ Please welcome Lila Tretikov, the Wikimedia Foundation's new ED ৱিকিমিডিয়া ফাউণ্ডেশ্যন, Wikimedia Foundation Board of Trustees, 1 May 2014
  9. ↑ Vreede, Jan-Bart de. Announcing our new Executive Director: Lila Tretikov. Wikimedia blog
  10. ↑ Elder, Jeff. Wikipedia's New Chief: From Soviet Union to World's Sixth-Largest Site. Wall Street Journal
  11. ↑ Cohen, Noam. Open-Source Software Specialist Selected as Executive Director of Wikipedia. New York Times
  12. ↑ Kiss, Jemima; Gibbs, Samuel. Wikipedia boss Lila Tretikov: 'Glasnost taught me much about freedom of information'. The Guardian
  13. ↑ Patent Search. United States Patent and Trademark Office

সম্পৰ্কিত শ্ৰেণী

ৰাছিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাইলা ট্ৰেটিক'ভ” প্ৰবন্ধৰ সংশোধন ৬৪০১৯৮ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।