লক্ষ্মী-নাৰায়ণ (সংস্কৃত ভাষা: लक्ष्मी-नारायण, ৰোমানীকৃত: Lakṣmīnārāyaṇa) পৰম্পৰাগতভাৱে বৈকুণ্ঠত বাস কৰা হিন্দু দেৱতা বিষ্ণু, যাক নাৰায়ণ বুলি কোৱা হয়, আৰু তেওঁৰ পত্নী লক্ষ্মীৰ দ্বৈত প্ৰকাশ। ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মীক পাঞ্চজন্য, কৌমোদকী, পদ্ম আৰু সুদৰ্শন চক্ৰ ধাৰণ কৰা বিষ্ণুৰ কাষত থিয় হৈ থকা অৱস্থাত চিত্ৰিত কৰা হৈছে। লক্ষ্মী-নাৰায়ণৰ আন এটা চিত্ৰণত লক্ষ্মীক ক্ষীৰ সাগৰত ওপঙি থকা মহাজাগতিক সৰ্প শেষনাগৰ ওপৰত শয়ন কৰি থকা নাৰায়ণৰ পদসেৱা কৰা অৱস্থাত চিত্ৰিত কৰা হৈছে।১
কিংবদন্তি
বিভিন্ন পুৰাণত প্ৰকাশ পোৱা কিংবদন্তিসমূহৰ ভিতৰত লক্ষ্মী-নাৰায়ণ আটাইতকৈ উল্লেখযোগ্য কিংবদন্তিটো হ’ল সমুদ্ৰ মন্থন, য’ত বিষ্ণুৱে কুৰ্ম অৱতাৰ ধাৰণ কৰি দেৱতা আৰু অসুৰসকলক ক্ষীৰ সমুদ্ৰ মন্থনত সহায় কৰে। সমুদ্ৰ মন্থনৰ পৰা অসংখ্য ধনৰ ভিতৰত অন্যতম হিচাপে লক্ষ্মীৰ আৱিৰ্ভাৱ হয়। দেৱতাসকলে লক্ষ্মীক বিবাহ কৰিবলৈ বিষ্ণুক অনুৰোধ কৰে আৰু সেয়েহে দেৱত্বৰ মংগলৰ কাৰণে তেওঁ লক্ষ্মীক বিবাহ কৰে, যাৰ ফলত মহাজাগতিক ব্যৱস্থা পুনৰুদ্ধাৰ হয়।২
তিৰুমালাৰ কিংবদন্তিমতে ভৃগু ঋষিয়ে যজ্ঞ আয়োজনৰ বাবে শ্ৰেষ্ঠ দেৱতা নিৰ্বাচন কৰিছিল। ব্ৰহ্মা, ইন্দ্ৰ আৰু শিৱক প্ৰত্যাখ্যান কৰাৰ পিছত তেওঁ বৈকুণ্ঠত উপস্থিত হয়, য'ত তেওঁ লক্ষ্মীয়ে চৰণ মালিচ কৰা অৱস্থাত অনন্ত শৰ্য্যাত শয়নৰত বিষ্ণুক পৰ্যবেক্ষণ কৰে। এই দৃশ্য দেখি ভৃগু ক্ৰোধিত হৈ বিষ্ণুৰ বুকুত ভৰিৰে আঘাত কৰে। পালন কৰ্তা বিষ্ণুৱে ঋষিৰ এই আচৰণত ক্ৰোধিত নহৈ তেওঁক সন্মানেৰে সৎকাৰ কৰে। সন্তুষ্ট হৈ ভৃগুৱে তেওঁৰ যজ্ঞ বিষ্ণুক অৰ্পণ কৰিবলৈ সিদ্ধান্ত লয়। কিন্তু লক্ষ্মী অতিশয় ক্ৰোধিত হৈ চোল ৰজাৰ কন্যা পদ্মৱতী হিচাপে অৱতাৰ লৈ পৃথিৱীলৈ নামি আহে৷ বিষ্ণুয়েও শ্ৰীনিবাসৰ অৱতাৰ গ্ৰহণ কৰে। কালক্ৰমত শ্ৰীনিবাসে পদ্মৱতীক বিচাৰি পায়, তেওঁলোকে পুনৰ বিয়া কৰায়৷ শ্ৰীনিবাসক তিৰুমালাৰ প্ৰাথমিক দেৱতা হিচাপে পূজা কৰা হয়।৩
সাহিত্যত লক্ষ্মী আৰু নাৰায়ণক প্ৰায়ে তেওঁলোকৰ সম্পৰ্কৰ পৰা উদ্ভৱ হোৱা উপনাম দিয়া হয় - লক্ষ্মীৰ স্বামী হিচাপে বিষ্ণুক লক্ষ্মীপতি,৪ আৰু বিষ্ণুৰ প্ৰিয় হিচাপে লক্ষ্মীক বিষ্ণুপ্ৰিয়া বুলি কোৱা হয়,৫ লগতে বৈষ্ণৱী, নাৰায়ণী, বিষ্ণুৰ শক্তি৬ আদি নামেৰে বুজোৱা হয়৷
প্ৰপন্ন পাৰিজাতত লক্ষ্মীয়ে ঘোষণা কৰিছে যে তেওঁৰ স্বামী আৰু তেওঁৰ দ্বৈততাই ব্ৰহ্মক প্ৰতিনিধিত্ব কৰে৷৭
তথ্যসূত্ৰ
- ↑ Ellwood, Robert. (2007). Encyclopedia of World Religions. Infobase Publishing. পৃ. 468. ISBN 978-0-8160-6141-9
- ↑ Pintchman, Tracy. (2005-08-18). Guests at God's Wedding: Celebrating Kartik among the Women of Benares. State University of New York Press. পৃ. 49. ISBN 978-0-7914-8256-8
- ↑ Varadpande, Manohar Laxman. (2009). Mythology of Vishnu and His Incarnations. Gyan Publishing House. পৃ. 187. ISBN 978-81-212-1016-4
- ↑ www.wisdomlib.org. (2017-12-02). Lakshmipati, Lakṣmīpati, Lakshmi-pati: 10 definitions. www.wisdomlib.org
- ↑ www.wisdomlib.org. (2019-01-06). Vishnupriya, Viṣṇupriyā, Vishnu-priya: 4 definitions. www.wisdomlib.org
- ↑ www.wisdomlib.org. (2015-08-28). Vaishnavi, Vaiṣṇāvī, Vaiṣṇavī: 21 definitions. www.wisdomlib.org
- ↑ (1900). The Brahmavâdin. M.C. Alasingaperumal. পৃ. 162
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মী-নাৰায়ণ” প্ৰবন্ধৰ সংশোধন ৪৭৭৮৫২ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।