লক্ষ্মীনাথ তামোলী এগৰাকী বুৰঞ্জী চৰ্চাকাৰী, সংকলক-সম্পাদক, অধ্যাপক আৰু প্ৰশাসনিক বিষয়া।
জন্ম আৰু শিক্ষা
জন্ম ১৯৪৯ চনত, গজপুৰীয়া গাঁও, যোৰহাটত। নাওবৈছা প্ৰাইমেৰী স্কুলত শিক্ষাৰম্ভ। ষষ্ঠমান শ্ৰেণীলৈকে কল্যাণী হাইস্কুলত শিক্ষা আৰু যোৰহাট চৰকাৰী বহুমুখী বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ। ১৯৭২ চনত জগন্নাথ বৰুৱা কলেজৰপৰা ইতিহাসত অনাৰ্চ লৈ স্নাতক ডিগ্ৰী লাভ। ১৯৭৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ। ১৯৭৫ চনত জগন্নাথ বৰুৱা কলেজত ইতিহাসৰ অধ্যাপনা আৰম্ভ। ১৯৭৭ চনত অসম প্ৰশাসনীয় সেৱাৰ প্ৰথম শ্ৰেণীৰ বিষয়া হিচাপে যোগদান। ৰাজৰোষত পৰি ১৯৮৩ চনৰ ৩১ জানুৱাৰীৰপৰা চাকৰিৰপৰা বৰ্খাস্ত হয়।
বুৰঞ্জী চৰ্চা
প্ৰথম ইতিহাসমূলক প্ৰবন্ধ জয়মতী কুঁৱৰীঃ ইতিহাস নে কিংবদন্তি ১৯৮৪ চনৰ ছেপ্টেম্বৰ-নৱেম্বৰ সংখ্যাৰ ‘প্ৰকাশ’ত প্ৰকাশ হয়। তাৰ পিছতে বিভিন্ন ঐতিহাসিক বিষয়ত এলানি প্ৰবন্ধ প্ৰকাশিত হয়। ‘আৱেগ বনাম’ ইতিহাস তেওঁৰ এক বিশ্লেষণাত্মক গ্ৰন্থ।
অন্যান্য গ্ৰন্থসমূহ
১. ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান
২. বুৰঞ্জী আৰু বিতৰ্ক
৩. বাস্তৱৰ বিড়ম্বনা
৪. ঘাইসুঁতিত বালিচৰ
৫. ইতিহাস কাক কয় (ই. এইচ. কাৰৰ What is History ৰ অনুবাদ)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মীনাথ তামুলী” প্ৰবন্ধৰ সংশোধন ৪৫৩৪৬৫ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।