অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

উগ্ৰ নাৰীবাদ

উগ্ৰ নাৰীবাদ (Radical feminism) হৈছে নাৰীবাদৰ এক দৃষ্টিভংগী যিয়ে সমাজৰ আমূল পুনৰ্শৃংখলাৰ আহ্বান জনায় য'ত সকলো সামাজিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপটতে পুৰুষৰ আধিপত্য নাইকিয়া কৰা হয়।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৩ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

উগ্ৰ নাৰীবাদ (Radical feminism) হৈছে নাৰীবাদৰ এক দৃষ্টিভংগী যিয়ে সমাজৰ আমূল পুনৰ্শৃংখলাৰ আহ্বান জনায় য'ত সকলো সামাজিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপটতে পুৰুষৰ আধিপত্য নাইকিয়া কৰা হয়। একে সময়তে এই কথা স্বীকাৰ কৰা হয় যে নাৰীৰ অভিজ্ঞতাসমূহ অন্যান্য সামাজিক বিভাজনৰ দ্বাৰাও প্ৰভাৱিত হয় যেনে: জাতি, শ্ৰেণী, আৰু যৌন অভিমুখিতা। ষাঠিৰ দশকত এই মতাদৰ্শ আৰু আন্দোলনৰ উন্মেষ ঘটিছিল।১২৩

উগ্ৰ নাৰীবাদীসকলে সমাজখনক মৌলিকভাৱে পিতৃতন্ত্ৰ হিচাপে লয়, য’ত পুৰুষে নাৰীৰ ওপৰত আধিপত্য বিস্তাৰ কৰে আৰু শোষিত কৰে। উগ্ৰ নাৰীবাদীসকলে বৰ্তমানৰ সামাজিক নীতি-নিয়ম আৰু প্ৰতিষ্ঠানক প্ৰত্যাহ্বান জনাই নাৰী আৰু ছোৱালীক অন্যায় সমাজৰ পৰা মুক্ত কৰাৰ সংগ্ৰামত পিতৃতন্ত্ৰক প্ৰতিহত কৰিব বিচাৰে। এই সংগ্ৰামৰ ভিতৰত আছে নাৰীৰ যৌন বস্তুনিষ্ঠকৰণৰ বিৰোধিতা কৰা, ধৰ্ষণ আৰু হিংসাৰ দৰে বিষয়ৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা, লিংগ ভূমিকাৰ ধাৰণাক প্ৰত্যাহ্বান জনোৱা৷ দ্য ডায়েলেক্টিক অৱ চেক্স (১৯৭০)ত শ্বুলামিথ ফায়াৰষ্টোনে উল্লেখ কৰা মতে: "নাৰীবাদী বিপ্লৱৰ শেষ লক্ষ্য হ'ব লাগিব৷ প্ৰথম নাৰীবাদী আন্দোলনৰ নিচিনাকৈ কেৱল পুৰুষৰ বিশেষাধিকাৰ নিৰ্মূল কৰাই নহয়, লিংগ পাৰ্থক্যটোও নাইকিয়া কৰা: যাতে মানুহৰ মাজত যৌনাংগৰ পাৰ্থক্য সাংস্কৃতিকভাৱে আৰু কাহানিও গুৰুত্বপূৰ্ণ নহ'ব।" ৪ উগ্ৰ নাৰীবাদীসকলে বিশ্বাস কৰে যে যৌনাংগ আৰু গৌণ লিংগ বৈশিষ্ট্যৰ পাৰ্থক্য সাংস্কৃতিক বা ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ হ'ব নালাগে, তেওঁলোকে এইটোও কয় যে প্ৰজননত নাৰীৰ বিশেষ ভূমিকাক স্বীকৃতি দিয়া উচিত আৰু শাস্তিবিহীনভাৱে কৰ্মক্ষেত্ৰত গ্ৰহণ কৰা উচিত, আৰু কিছুমানে যুক্তি দিছে যে এই সামাজিকভাৱে প্ৰয়োজনীয় কামৰ বাবে ক্ষতিপূৰণ দিব লাগে।৫

উগ্ৰ নাৰীবাদীসকলে আইনী ব্যৱস্থা (উদাৰ নাৰীবাদৰ দৰে) বা শ্ৰেণী সংঘাতৰ বিপৰীতে (মাৰ্ক্সবাদী নাৰীবাদৰ দৰে) পিতৃতান্ত্ৰিক লিংগ সম্পৰ্কত নাৰীৰ অত্যাচাৰৰ মূল কাৰণটো বিচাৰি উলিয়ায়। ১৯৬০ চনত দ্বিতীয় ঢৌৰ নাৰীবাদৰ ভিতৰত উদ্ভৱ হোৱা প্ৰাৰম্ভিক উগ্ৰ নাৰীবাদে ৬সাধাৰণতে পিতৃতন্ত্ৰক অত্যাচাৰৰ অন্যান্য উৎসৰ পূৰ্বে বা ইয়াতকৈ গভীৰভাৱে "অতি-ঐতিহাসিক পৰিঘটনা" ৭ হিচাপে লয়, "কেৱল আধিপত্যৰ আটাইতকৈ পুৰণি আৰু সৰ্বজনীন ৰূপ নহয়।" ৮পিছলৈ আমূল নাৰীবাদৰ পৰা উদ্ভৱ হোৱা ৰাজনৈতিক-সাংস্কৃতিক নাৰীবাদৰ পৰা আৰম্ভ কৰি সমাজবাদী নাৰীবাদৰ সংহত ৰূপ (যেনে: অৰাজক-নাৰীবাদ)লৈকে আছিল যি সামাজিক শ্ৰেণী, অৰ্থনীতি আৰু ইয়াৰ দৰে বিষয়সমূহক পিতৃতন্ত্ৰৰ সমতুল্য কৰি অত্যাচাৰৰ উৎস হিচাপে ৰাখে।৯

উগ্ৰ নাৰীবাদ আন্দোলনৰ আৰম্ভণিতে কিছুমান উগ্ৰ নাৰীবাদীয়ে তত্ত্ব আগবঢ়াইছিল যে "অন্য ধৰণৰ স্তৰবৃত্ত পুৰুষৰ আধিপত্যৰ পৰাই গঢ় লৈ উঠিছিল আৰু ইয়াৰ আৰ্হি আছিল৷ সেইবাবেই প্ৰকৃততে পুৰুষৰ আধিপত্যই বিশেষ ৰূপ ধাৰণ কৰিছিল"।১০

তথ্যসূত্ৰ

  1. ↑ Willis 1984, পৃ. 91–118
  2. ↑ Giardina, Carol. (2010). Freedom for Women: Forging the Women's Liberation Movement, 1953–1970. University Press of Florida. ISBN 978-0813034560
  3. ↑ Martins, Amanda. (May 14, 2019). Feminist Consciousness: Race and Class. Meeting Ground
  4. ↑ Firestone 1970, পৃ. 11
  5. ↑ Hanisch, Carol. Housework, Reproduction and Women's Liberation – MEETING GROUND OnLine
  6. ↑ Willis 1984, পৃ. 118
  7. ↑ Willis 1984, পৃ. 122
  8. ↑ Willis 1984, পৃ. 123
  9. ↑ Willis 1984, পৃ. 117, 141
  10. ↑ Willis 1984

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উগ্ৰ নাৰীবাদ” প্ৰবন্ধৰ সংশোধন ৩৪৫২৪০ (১০ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।