মেলিছা জোন হাৰ্ট (ইংৰাজী ভাষা: Melissa Joan Hart; জন্ম: ১৮ এপ্ৰিল, ১৯৭৬) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী, পৰিচালক আৰু প্ৰযোজক। তেওঁ ক্লেৰিছা এক্সপ্লেনছ ইট অল, চাব্ৰিনা দ্য টিনেজ উইচ আৰু মেলিছা এণ্ড জোয়িৰ দৰে চিটকমত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ নো গুড নিকত লিজ হিচাপে অভিনয় কৰিছিল। তেওঁ ড্ৰাইভ মি ক্ৰেজি (১৯৯৯), নাইন ডেড (২০০৯) আৰু গড’ছ নট ডেড ২ (২০১৬) বোলছবিটো অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
হাৰ্টৰ জন্ম হৈছিল নিউয়ৰ্কৰ স্মিথটাউনত। তেওঁ প্ৰযোজক তথা ট্যালেণ্ট মেনেজাৰ পোলা হাৰ্ট (জন্মগত উপাধি ভজে) আৰু কাঠমিস্ত্ৰী, শামুক সৰবৰাহকাৰী, অইষ্টাৰ হেচাৰী কৰ্মী তথা উদ্যোক্তা উইলিয়াম হাৰ্টৰ প্ৰথম সন্তান।১ তেওঁৰ মাতামহ ষ্টেনলী জন ভজে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ এজন অভিজ্ঞ ব্যক্তি আৰু কেথলিক আছিল।২ হাৰ্ট নিউয়ৰ্কৰ চেভিলত ডাঙৰ-দীঘল হৈছিল।
মেলিছাৰ পিছত তেওঁৰ পিতৃ-মাতৃৰ আন চাৰিটা সন্তান জন্ম হৈছিল: ত্ৰিছা, এলিজাবেথ, ব্ৰায়ান আৰু এমিলি হাৰ্ট, যিসকল সকলোৱে অভিনয়ৰ সৈতে জড়িত। ১৯৯০ চনৰ আৰম্ভণিতে তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু তেওঁ মাক আৰু ভাই-ভনীসকলৰ সৈতে নিউয়ৰ্ক চিটিলৈ গুচি যায়। ১৯৯৪ চনত তেওঁৰ মাতৃয়ে টেলিভিছন কাৰ্যবাহী লেছলী গিলিয়ামছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। গিলিয়ামছ ২০১৪ চনত মাষ্টাৰশ্বেফৰ পঞ্চম ছিজনত অংশগ্ৰহণ কৰি তৃতীয় স্থান লাভ কৰাৰ বাবে পৰিচিত। হাৰ্টৰ তিনিগৰাকী সতীয়া ভগ্নী আছে।
অলমেন ব্ৰাদাৰ্ছৰ গীত "মেলিছা"ৰ নামেৰে হাৰ্টৰ নাম ৰখা হৈছিল, আনহাতে তেওঁৰ মাজৰ নাম জোন তেওঁৰ আইতাকৰ (মাকৰফালৰ) পৰা আহিছে।
ব্যাৱসায়িক উদ্যোগ

২০০৯ চনৰ মে' মাহত হাৰ্টে কেলিফৰ্ণিয়াৰ শ্বেৰমান ওকছত 'ছুইটহাৰ্টছ'নামৰ এখন মিঠাইৰ দোকান (কেণ্ডি শ্বপ) খুলিছিল।৩ হাৰ্টে মন্তব্য কৰিছিল যে মিঠাইৰ দোকান এখনৰ মালিক হোৱাটো তেওঁৰ "শৈশৱৰ সপোন" আছিল।৪ এগৰাকী প্ৰাক্তন কৰ্মচাৰীয়ে অন্যায়ভাৱে চাকৰিৰপৰা বৰ্খাস্ত কৰা আৰু বৰ্ণবৈষম্যৰ অভিযোগ তুলি কৰা এটা গোচৰৰ লগতে অন্যান্য কিছু সমস্যাৰ বাবে ২০১১ চনৰ ডিচেম্বৰ মাহত ছুইটহাৰ্টছ বন্ধ হৈ যায়। হাৰ্টে কৰ্মচাৰীগৰাকীৰ সকলো অভিযোগ অস্বীকাৰ কৰে আৰু ২০১২ চনত গোচৰটো খাৰিজ কৰা হয়।৫ ছুইটহাৰ্টছ পিছলৈ নতুন মালিকৰ অধীনত পুনৰ মুকলি কৰা হৈছিল যদিও ২০১৫ চনত স্থায়ীভাৱে বন্ধ কৰি দিয়া হয়।৬
২০১৫ চনত হাৰ্ট আৰু তেওঁৰ স্বামীয়ে 'কিং অৱ হাৰ্টছ' নামৰ নিজাকৈ এটা ফেশ্বন লাইন আৰম্ভ কৰে।৭
ব্যক্তিগত জীৱন
২০০২ চনৰ মে' মাহত কেণ্টাকি ডাৰ্বীত হোৱা চিনাকিৰ পিছত ২০০৩ চনৰ ১৯ জুলাইত হাৰ্টে সংগীতজ্ঞ মাৰ্ক উইলকাৰচনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৮ ইটালীৰ ফ্লৰেন্সত অনুষ্ঠিত হোৱা এই বিবাহ অনুষ্ঠানৰ প্ৰস্তুতিসমূহ 'টাইং দ্য নট' নামৰ এখন টেলিভিছন মিনি ধাৰাবাহিকত নথিবদ্ধ কৰা হৈছিল। হাৰ্টৰ প্ৰডাকচন কোম্পানী হাৰ্টব্ৰেক ফিল্মছে নিৰ্মাণ কৰা এই ধাৰাবাহিকখন এবিচি ফেমিলীত সম্প্ৰচাৰিত হৈছিল। হাৰ্ট আৰু উইলকাৰচনৰ তিনিজন পুত্ৰ সন্তান আছে।৯১০১১ তেওঁলোকে ২০১৯ চনলৈকে কানেকটিকাটৰ ৱেষ্টপৰ্টত বাস কৰিছিল। তাৰ পিছত তেওঁলোকে লেক টাহো আৰু ২০২০ চনত টেনেচিৰ নেচভিললৈ গুচি যায়।১২১৩১৪
হাৰ্ট আৰু উইলকাৰচনৰ দ্বিতীয় পুত্ৰৰ পৰিচয় কৰি দি 'পিপল' আলোচনীৰ ২০০৮ চনৰ ৭ এপ্ৰিলৰ সংখ্যাত তেওঁলোকৰ ফটো প্ৰকাশ পাইছিল।১৫
হাৰ্ট আৰু তেওঁৰ পৰিয়াল প্ৰেচবিটেৰিয়ান পন্থী খ্ৰীষ্টান।১৬ এক সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছিল যে তেওঁলোকে প্ৰতি দেওবাৰে গীৰ্জালৈ যায় আৰু প্ৰতি নিশাই তথা আহাৰ গ্ৰহণৰ পূৰ্বে প্ৰাৰ্থনা কৰে।১৭
২০২৩ চনৰ মাৰ্চ মাহত নেচভিলৰ কভনেণ্ট স্কুলত হোৱা গুলীচালনাৰ সময়ত হাৰ্ট সেই বিদ্যালয়খনৰ ওচৰতে আছিল আৰু তেওঁ কেইবাজনো পলাই যোৱা শিশুক সুৰক্ষিত স্থানলৈ নিয়াত সহায় কৰিছিল।১৮ পিছলৈ তেওঁ এই অভিজ্ঞতাৰ কথা ছচিয়েল মিডিয়াৰ জৰিয়তে ব্যক্ত কৰাৰ লগতে উল্লেখ কৰে যে ২০১২ চনৰ চেণ্ডি হুক এলিমেণ্টাৰী স্কুলৰ গুলীচালনাৰ সময়তো তেওঁৰ সন্তানসকল সেই বিদ্যালয়খনৰ ওচৰতে আছিল।১৮
ৰাজনৈতিকভাৱে হাৰ্টে কিছুমান ৰিপাব্লিকান প্ৰাৰ্থীক সমৰ্থন আগবঢ়াই আহিছে, যেনে ১৯৯৬ চনৰ নিৰ্বাচনত বব ডোলক ভোট দিছিল।১৯ ২০১২ চনৰ ৫ নৱেম্বৰত তেওঁ টুইটাৰযোগে মিট ৰমনীক ৰাষ্ট্ৰপতি হিচাপে সমৰ্থন কৰিছিল।২০ হাৰ্টে কঠোৰ বন্দুক নিয়ন্ত্ৰণ আইনৰ প্ৰতিও সমৰ্থন জনাই আহিছে। ২০১৬ চনত তেওঁ লিবাৰ্টেৰিয়ান পাৰ্টিৰ প্ৰাৰ্থী গেৰী জনছনৰ নিৰ্বাচনী অভিযানত আৰ্থিক অনুদান দিছিল আৰু কানেকটিকাট শাখাৰ নিৰ্বাচনী অধ্যক্ষ হিচাপে অংশ লৈছিল।২১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Melissa Joan Hart News, Melissa Joan Hart Bio and Photos. TV Guide
- ↑ In Memory of Stanley John Voje – Haisley Funeral Home, Fort Pierce, FL. memorialsolutions.com
- ↑ sweet ♥ harts. Sweethartssweets.com
- ↑ Wihlburg, Ursula. (May 30, 2009). Melissa Joan Hart Opens a Candy Store. People Magazine
- ↑ Shana Kharineh Vs Sweet Harts et al
- ↑ একাধিক উৎস: *Hunter, M.R. (March 15, 2012). OpenDocument Sweet Harts: Still Sweet & Open For Business. eyeSpyLA *Marianne Garvey and Claudia Rosenbaum. (September 30, 2011). Say It Ain't So, Sabrina—Melissa Joan Hart Sued for Racial Profiling?!. E! Online *SweetHarts. (December 8, 2011). It's with sadness that we announce the closing of Sweetharts on Dec. 23rd. All merchandise is 50% off so come by to say a final farwell.
- ↑ Magnoli, Skyler. King of Harts by Melissa Joan Hart
- ↑ Murtaugh, Taysha. (November 30, 2018). Melissa Joan Hart Knew She Would Marry Husband Mark Wilkerson the Moment They Met. Country Living
- ↑ Gee, Alison. (January 11, 2006). It's a Boy for Melissa Joan Hart. People
- ↑ Wihlborg, Ulrica. (March 12, 2008). Melissa Joan Hart & Husband Welcome Baby No. 2. People
- ↑ (September 19, 2012). Melissa Joan Hart Welcomes Son Tucker McFadden. People
- ↑ Quasarano, Ann. Melissa Joan Hart Explains It All. Westport Patch
- ↑ Lippe-Mcgraw, Jordi. (April 12, 2019). Melissa Joan Hart Tells AD About Her Permanent Move to Her Lake Tahoe Vacation Home. Architectural Digest
- ↑ Menza, Kaitlin. (December 18, 2020). How I Travel: Melissa Joan Hart Tells Off Fellow Plane Passengers. Condé Nast Traveler
- ↑ Update: Introducing Braydon Hart Wilkerson. People Magazine
- ↑ Gill, Benjamin. (January 7, 2019). 'This Is a Jesus Home, Satan's Not Welcome Here': How Melissa Joan Hart Went from 'Teenage Witch' to Spiritual Warfare. CBN News
- ↑ Cohn, Paulette. Melissa Joan Hart: The Celeb Mom's Weight Loss Secrets!: Celebrity Baby Updates: pregnancy and parenting on JustMommies. justmommies.com
- ↑ Andy, Rose. (March 28, 2023). Actress Melissa Joan Hart describes helping children flee campus after Nashville school shooting. CNN
- ↑ Sieczkowski, Cavan. (November 5, 2013). Melissa Joan Hart: 'These Days I Find More Republicans In Hollywood'. Huffington Post
- ↑ Boardman, Madeline. (November 5, 2012). Melissa Joan Hart & Mitt Romney? Actress Tweets Support For Republican Candidate. Huffington Post
- ↑ Melissa Joan Hart Endorses Gary Johnson After Watching Online Video . The Libertarian Republic. August 17, 2016. Retrieved August 17, 2016
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেলিছা জোন হাৰ্ট” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৮৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।