মেম'গ্ৰাফি (Mammography) হৈছে ৰোগ নিৰ্ণয় আৰু স্ক্ৰিণিঙৰ বাবে মানৱ স্তন পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা এক প্ৰক্ৰিয়া।১২ এই প্ৰক্ৰিয়াত নিম্ন-শক্তিসম্পন্ন ৰঞ্জন ৰশ্মি (~ ৩০ kVp) ব্যৱহাৰ কৰা হয়। মেম'গ্ৰাফিক মাষ্ট'গ্ৰাফি (Mastography) বুলিও কোৱা হয়। মেম'গ্ৰাফিৰ লক্ষ্য হৈছে স্তনৰ কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্ত কৰা। সাধাৰণতে মেম'গ্ৰামত পৰিলক্ষিত হোৱা বৈশিষ্ট্যসূচক পিণ্ড বা মাইক্ৰ'কেলচিফিকেশ্যনৰ জৰিয়তে স্তনৰ কৰ্কট ৰোগ চিনাক্ত কৰা হয়।৩
এক্স-ৰে'ত যেনেকৈ প্ৰতিচ্ছবি সৃষ্টি কৰিবলৈ আয়নীয় বিকিৰণৰ পালি ব্যৱহাৰ কৰা হয়, ঠিক তেনেকৈ মেম'গ্ৰাফিটো প্ৰতিচ্ছবি সৃষ্টি কৰিবলৈ আয়নীয় বিকিৰণৰ পালি ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত ফলাফলৰ অস্বাভাৱিকতা চিনাক্ত কৰিবলৈ এই প্ৰতিচ্ছবিসমূহ বিশ্লেষণ কৰা হয়। মেম'গ্ৰাফিত হাড়ৰ ৰেডিঅ'গ্ৰাফিৰ বাবে ব্যৱহৃত এক্স-ৰে'তকৈ কম শক্তিৰ এক্স-ৰে' সচৰাচৰ ব্যৱহাৰ কৰা যায়। আল্ট্ৰাছাউণ্ড, ডাক্ট'গ্ৰাফি, পজিট্ৰন এমিছন মেম'গ্ৰাফি (PEM) আৰু মেগ্নেটিক ৰেজ'নেন্স ইমেজিং (MRI) হৈছে মেম'গ্ৰাফিৰ লগত সংলগ্ন পৰীক্ষা।৪৫ মেম'গ্ৰাফিত স্পষ্টকৈ পৰিলক্ষিত নোহোৱা পিণ্ডৰ অধিক মূল্যায়নৰ বাবে সাধাৰণতে আল্ট্ৰাছাউণ্ড ব্যৱহাৰ কৰা হয়। স্তনাগ্ৰৰ পৰা ওলোৱা তেজৰ মূল্যায়ন কৰিবলৈ কিছুসংখ্যক প্ৰতিষ্ঠানত এতিয়াও ডাক্ট'গ্ৰামৰ ব্যৱহাৰ কৰা হয় যদিহে মেম'গ্ৰামৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰিব পৰা নাযায়। সন্দেহজনক ফলাফলৰ অধিক মূল্যায়নৰ বাবে এম আৰ আই ব্যৱহাৰ কৰিব পৰা যায়। তদুপৰি ইতিমধ্যে আক্ৰান্ত হোৱা স্তন কৰ্কট ৰোগীৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ পূৰ্ব মূল্যায়নৰ বাবেও এম আৰ আই ব্যৱহাৰ কৰা হয় যাতে অতিৰিক্ত ঘা (lesions) পৰিলক্ষিত হ'লে অস্ত্ৰোপচাৰৰ পদ্ধতি সলনি কৰিব পৰা যায়। উদাহৰণস্বৰূপে, লাম্পেক্ট'মি (স্তনৰ কিছু অংশহে গুচোৱা হয়) পদ্ধতি সলনি কৰি মাষ্টেক্ট'মি (গোটেই স্তনটোৱে গুচোৱা হয়) পদ্ধতিৰ সহায়ত অস্ত্ৰোপচাৰ কৰা। অনুসন্ধান কৰা অন্যান্য প্ৰক্ৰিয়াবোৰৰ ভিতৰত আছে টম'ছিনথেছিছ।
ইউ এছ প্ৰিভেনটিভ ছাৰ্ভিছেছ টাস্ক ফ'ৰ্চে দিয়া পৰামৰ্শ (২০১৬) অনুসৰি ৫০ বছৰ বয়সৰ পৰা ৭৪ বছৰ বয়সৰ মাজৰ মহিলাই প্ৰতি দুবছৰৰ মূৰে মূৰে মেম'গ্ৰাফি কৰাব লাগে।৬ তদুপৰি আমেৰিকান কলেজ অৱ ৰেডিঅ'লজি আৰু আমেৰিকান কেন্সাৰ চছাইটিয়ে পৰামৰ্শ দিছে যে কোনো মহিলাই ৪০ বছৰ বয়সৰ পৰা আৰম্ভ কৰি প্ৰতি বছৰে মেম'গ্ৰাফি কৰাব লাগে।৭ আনহাতে কানাডিয়ান টাস্ক ফ'ৰ্চ অন প্ৰিভেনটিভ হেল্থ কেয়াৰ (২০১২) আৰু ইউৰোপিয়ান কেন্সাৰ অবজাৰভেটৰিয়ে দিয়া পৰামৰ্শ অনুসৰি ৫০ বছৰ বয়স আৰু ৬৯ বছৰ বয়সৰ মহিলাই প্ৰতি দুই-তিনি বছৰৰ মূৰে মূৰে মেম'গ্ৰাফি কৰাব লাগে।৮৯ এই টাস্ক ফ'ৰ্চৰ প্ৰতিবেদনসমূহে দেখুৱাইছে যে অধিক সঘনাই কৰা মেম'গ্ৰাফিৰ ফলত বিভিন্ন বিপদাশংকাৰ উদ্ভৱ হয়। উদাহৰণস্বৰূপে, অপ্ৰয়োজনীয় অস্ত্ৰোপচাৰ আৰু উদ্বিগ্নতা। ইয়াৰোপৰি মেম'গ্ৰাফিৰ বিকিৰণে স্তন কেন্সাৰ বৃদ্ধিত কমকৈ যদিও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।১০১১ স্তনৰ অস্ত্ৰোপচাৰ কৰা ৰোগীৰ ক্ষেত্ৰত মেম'গ্ৰাফি কৰাটো উচিত নহয়।১২ মেম'গ্ৰাফিৰ ক্ষেত্ৰত মিছা-ঋণাত্মক ত্ৰুটিৰ (False-negative error) হাৰ অতি কমেও ১০%।
তথ্যসূত্ৰ
- ↑ Mammography. National Institute of Biomedical Imaging and Bioengineering
- ↑ (23 March 2021). Mammography. RadiologyInfo.org
- ↑ (30 September 2021). Mammograms. National Cancer Institute
- ↑ Health Quality Ontario. (2016). Ultrasound as an Adjunct to Mammography for Breast Cancer Screening: A Health Technology Assessment. Ont Health Technol Assess Ser. পৃ. 1-71
- ↑ Health Quality Ontario. (2016). Magnetic Resonance Imaging as an Adjunct to Mammography for Breast Cancer Screening in Women at Less Than High Risk for Breast Cancer: A Health Technology Assessment. Ont Health Technol Assess Ser. পৃ. 1-30
- ↑ Breast Cancer: Screening. United States Preventive Services Task Force
- ↑ (2013-09-17). Breast Cancer Early Detection. cancer.org
- ↑ (November 2011). Recommendations on screening for breast cancer in average-risk women aged 40-74 years. CMAJ. পৃ. 1991–2001
- ↑ Cancer screening: Breast. European Cancer Observatory
- ↑ (January 2016). Final Recommendation Statement: Breast Cancer: Screening. US Preventive Services Task Force
- ↑ (March 2000). Is mammography indicated for women with defective BRCA genes? Implications of recent scientific advances for the diagnosis, treatment, and prevention of hereditary breast cancer. MedGenMed. পৃ. E9
- ↑ American Society of Plastic Surgeons. (24 April 2014). Five Things Physicians and Patients Should Question. Choosing Wisely: an initiative of the ABIM Foundation. American Society of Plastic Surgeons
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেম'গ্ৰাফি” প্ৰবন্ধৰ সংশোধন ৫৪৪২৮৫ (১৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।