অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেঘনা পন্ত

মেঘনা পন্ত (Meghna Pant) এগৰাকী ভাৰতীয় লেখক, সাংবাদিক আৰু বক্তা। সাহিত্য, লিংগ সমস্যা আৰু সাংবাদিকতালৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে তেওঁ বিভিন্ন বঁটা লাভ কৰিছে। ২০১২ চনত, তেওঁ তেওঁৰ প্ৰথমখন উপন্যাস ৱান এণ্ড আ হাফ ৱাইফৰ বাবে মিউজ ইণ্ডিয়া নেচনেল লিটাৰেৰী এৱাৰ্ডছ ইয়ং ৰাইটাৰ বঁটা লাভ কৰিছিল।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৪ ৩৬৭ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মেঘনা পন্ত (Meghna Pant) এগৰাকী ভাৰতীয় লেখক, সাংবাদিক আৰু বক্তা। সাহিত্য, লিংগ সমস্যা আৰু সাংবাদিকতালৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে তেওঁ বিভিন্ন বঁটা লাভ কৰিছে। ২০১২ চনত, তেওঁ তেওঁৰ প্ৰথমখন উপন্যাস ৱান এণ্ড আ হাফ ৱাইফৰ বাবে মিউজ ইণ্ডিয়া নেচনেল লিটাৰেৰী এৱাৰ্ডছ ইয়ং ৰাইটাৰ বঁটা লাভ কৰিছিল। তেওঁৰ চুটি গল্প সংকলন হেপ্পী বাৰ্থডে এণ্ড আডাৰ ষ্ট'ৰিজ ‘ফ্ৰেংক অ’কন’ৰ আন্তৰাষ্ট্ৰীয় বঁটাৰ বাবে তালিকাভুক্ত হৈছিল। ১

কৰ্মজীৱন

পন্তে আগতে মুম্বাই আৰু নিউয়ৰ্কত ‘টাইমচ্‌ নাও’, ‘এন ডি টিভি’ আৰু ‘ব্লুমবাৰ্গ-ইউ টি ভি’ৰ সৈতে ব্যৱসায়িক বাতৰি এংকৰ হিচাপে কাম কৰিছিল।২৩ তেওঁ ২০০৮ চনৰ বিত্তীয় সংকটৰ সময়ত ‘নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ’ৰ (এনৱাইএছই) পৰা প্ৰতিবেদন দিছিল।১ সম্পূৰ্ণ-সময় লিখনিত নিয়োগ কৰিবৰ বাবে তেওঁ ২০১৩ চনত সাংবাদিকতা ত্যাগ কৰে,১ আৰু ভাৰতলৈ উভতি আহে।৩

তেওঁৰ প্ৰথম উপন্যাস ৱান এণ্ড আ হাফ ৱাইফ (ৱেষ্টলেণ্ড, ২০১২)য়ে ৰাষ্ট্ৰীয় মিউজ ইণ্ডিয়া ইয়ং ৰাইটাৰ্ছ এৱাৰ্ড (২০১৪) লাভ কৰিছিল আৰু আমাজন ব্ৰেকথ্ৰু ন’ভেল এৱাৰ্ডৰ বাবে তালিকাভুক্ত হৈছিল।৪

২০১৫ চনত, তেওঁ মুম্বাইত "ফেমিনিষ্ট ৰাণী" নামৰ এক মাহেকীয়া পেনেল আলোচনা আৰম্ভ কৰে, য’ত বিভিন্ন ভাৰতীয় নাৰীবাদীৰ সৈতে সাক্ষাৎকাৰ প্ৰদৰ্শন কৰা হয়।৩৫ তিনি বছৰৰ আলোচনাৰ পিছত, তেওঁ ২০১৮ চনত, শৈলী চোপ্ৰাৰ সৈতে সহ-ৰচনা কৰা৬ তেওঁৰ প্ৰথম অ-কল্পকাহিনী গ্ৰন্থ "ফেমিনিষ্ট ৰাণী"ত সাক্ষাৎকাৰসমূহৰ এটা সংকলন প্ৰকাশ কৰিছিল,৩। ২০১৯ চনত প্ৰকাশ হোৱা তেওঁৰ দ্বিতীয় খন নন-ফিকচন কিতাপ হাও টু গেট পাব্লিচড্‌ ইন ইণ্ডিয়া প্ৰকাশন উদ্যোগৰ ভিতৰুৱা লোকসকলৰ আৰু লেখকসকলৰ সাক্ষাৎকাৰৰ ওপৰত আধাৰিত।৭

পন্তে ধৰ্ষণ৮, ঘৰুৱা হিংসা৯, গৰ্ভপাত১০, চাৰোগেচী, বডী-শ্বেমিং১১, মহিলাসকলৰ বাবে ৰাজহুৱা সুৰক্ষা আদি বিভিন্ন বিষয়ত ‘হিন্দুস্তান টাইমছ’১২ আৰু ‘হাফিংটন পোষ্ট’১৩ আদি বিভিন্ন প্ৰকাশনৰ বাবে লিখিছে। তেওঁ ‘SheThePeople.TV’ৰ ফিচাৰ্চ এডিটৰ আছিল।১৪ ২০১৮ চনত লিংগ সমতাৰ ওপৰত লিখা লিখনিৰ বাবে তেওঁক ‘লাডলি মিডিয়া বঁটা’ প্ৰদান কৰা হয়।১৫

পন্ত ঘৰুৱা হিংসাৰ চিকাৰ হৈছিল আৰু তেওঁ তেওঁৰ এই ব্যক্তিগত অভিজ্ঞতাৰ বিষয়ে ‘টি ই ডি এক্স’১৬কে ধৰি কেইবাটাও মঞ্চত কথা পাতিছে আৰু মহিলাসকলক ঘৰুৱা হিংসাৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছে।১১৭ তেওঁ ‘জয়পুৰ সাহিত্য মহোৎসৱ’,১৮ ‘টাটা সাহিত্য লাইভ’১৯, ‘কালা ঘোড়া সাহিত্য মহোৎসৱ’২০, ‘পুনে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ’২১,‘ইয়ং মেকাৰচ্‌ কনক্লেভ’, ‘#ৰাইজৱিথটুইটাৰ’ আৰু ৰাষ্ট্ৰসংঘৰ নাৰীবাদী সন্মিলনকে ধৰি বিভিন্ন সাহিত্য উৎসৱ আৰু সন্মিলনতো ভাষণ আগবঢ়াইছে। ২০১৮ চনত, পণ্টে ‘ফাৰ্ষ্টপোষ্ট’ৰ দ্বাৰা আয়োজিত #মিটু কথোপকথন অনুষ্ঠানত পেনেল আলোচনা পৰিচালনা কৰিছিল।২২

তেওঁ নিউজ পৰ্টেল ‘ফাৰ্ষ্টপোষ্ট’ৰ বাবে বিভিন্ন মহিলা কেন্দ্ৰিক অনুষ্ঠানও সঞ্চালনা কৰে। ২৩২৪

২০১৯ চনত, পন্ত অমিতাভ বচ্চনৰ সৈতে ‘কৌন বনেগা কৰৌড়পতি’ অনুষ্ঠানত এক্সপাৰ্ট হিচাপে উপস্থিত হৈছিল।২৫

স্বীকৃতি

  1. লাডলি মিডিয়া বঁটা (২০১৮) – বিজয়ী১৫
  2. ভাৰত নিৰ্মাণ বঁটা (২০১৭) – বিজয়ী২৬
  3. এফ অ’ এন (ফেলোজ অৱ নেচাৰ) দক্ষিণ এছিয়া চুটি-গল্প বঁটা (২০১৬) – বিজয়ী২৭
  4. মিউজ ইণ্ডিয়া ইয়ং ৰাইটাৰ্ছ এৱাৰ্ড (২০১৩) – বিজয়ী২৮২৯
  5. কমনৱেলথ চ’ৰ্ট ষ্টৰি প্ৰাইজ (২০১৮) – তালিকাভুক্ত৩০
  6. ফ্ৰেংক অ’কন’ৰ আন্তৰাষ্ট্ৰীয় চুটি গল্প বঁটা (2014) – তালিকাভুক্ত৩১৩২
  7. দ্যা চিনাম'ন প্ৰেছ ন'ভেল ৰাইটিং এৱাৰ্ড (২০১২) – তালিকাভুক্ত৩৩

গ্ৰন্থপঞ্জী

উপন্যাস

  1. ৱান এণ্ড আ হাফ ৱাইফ (২০১২)
  2. দ্য টেৰিবল, হ’ৰিবল, ভেৰী বেদ গুড নিউজ (২০২১)

চুটি গল্প

  1. হেপ্পী বাৰ্থডে! (২০১৩)
  2. দ্য ট্ৰাবল ৱিথ ৱুইমেন (২০১৬)

নন-ফিকচন

  1. ফেমিনিষ্ট ৰাণী (২০১৮)
  2. হাও টু গেট পাব্লিচড্‌ ইন ইণ্ডিয়া (২০১৯)

তথ্যসূত্ৰ

  1. ↑ (1 September 2016). Author Meghna Pant’s new book deals with women, violence and feminism. Hindustan Times
  2. ↑ Divyamody. (September 12, 2017). 25 witty, sharp and fearless women to follow on Twitter. SheThePeople.TV
  3. ↑ Roy, Lachmi Deb. (September 18, 2018). Gender Is Not In Your Genitals But In Your Mind: Meghna Pant. Outlook
  4. ↑ Meghna Pant. Penguin Random House India
  5. ↑ Green and bear it. Mumbai Mirror
  6. ↑ (30 August 2018). Penguin releases Shaili Chopra and Meghna Pant’s Feminist Rani. Deccan Chronicle
  7. ↑ Mishra, Dyuti. (March 23, 2019). Authors are vying with Pokémon and Taylor Swift: Meghna Pant. দ্য হিন্দু
  8. ↑ Pant, Meghna. (8 June 2015). Save Yourself From Rape
  9. ↑ Pant, Meghna. (April 13, 2015). Why societal violence of women must stop. SheThePeople.TV
  10. ↑ Pant, Meghna. (23 March 2019). Unpregnant. Livemint
  11. ↑ Pant, Meghna. (20 August 2015). Are Mannequins Making Us Too Thin?
  12. ↑ (4 March 2017). Domestic violence can be stopped only if we speak out against it: Meghna Pant. Hindustan Times
  13. ↑ (20 February 2015). Art Attack: Comedians, Prepare To Be Killed For Your Art. HuffPost India
  14. ↑ Team, S. T. P. (29 October 2015). Driving change with feminism and her books: Meghna Pant
  15. ↑ Bureau, BW Online. Meghna Pant Wins Laadli Media Award. BW Businessworld
  16. ↑ Stop The Violence, Stop The Silence | Meghna Pant | TEDxXLRI
  17. ↑ HT Correspondent. (March 4, 2017). Five gutsy women make powerful personal statements. Hindustan Times
  18. ↑ (17 September 2013). Speaker - Meghna Pant. Jaipur Literature Festival
  19. ↑ (9 October 2019). Mid-Day
  20. ↑ E-103 - Kala Ghoda Art Festival 2016 | Avid Learning. www.avidlearning.in
  21. ↑ Pune Literary Festival Schedule September 2013, ThePunekar.com
  22. ↑ (18 October 2018). Firstpost's #MeToo Conversations: How must sexual harassment at the workplace be dealt with? - India News, Firstpost. Firstpost
  23. ↑ Deepa Malik on First Lady
  24. ↑ Nimrat Kaur on First Lady
  25. ↑ Kaun Banega Crorepati 11, Day 17 Written Update: Amitabh Bachchan Guides Another Contestant To Significant Victory. NDTV.com
  26. ↑ (28 April 2017). Author Meghna Pant wins Bharat Nirman Award
  27. ↑ Jha, B. K. Kumaon Literary Festival revives Nature Writing. ruralmarketing.in
  28. ↑ Muse India Awards for Pant, Sinha. The Hindu
  29. ↑ Muse India awards announced. The Times of India
  30. ↑ Storizen Magazine. 20 June 2018
  31. ↑ Retrieved 25 June 2014
  32. ↑ Staff writer (10 June 2014). . KITAAB. Retrieved 10 June 2014
  33. ↑ For debutant author Meghna Pant, inspiration comes from unearthing the stories people make up about themselves or others, and discovering the truth behind them. Verve

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেঘনা পন্ত” প্ৰবন্ধৰ সংশোধন ৪৩১২৬৫ (৮ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।