অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

মৃণালিনী দেৱী পুৱাৰ

মৃণালিনী দেৱী পুৱাৰ (Mrunalini Devi Puar; ২৫ জুন ১৯৩১ – ২ জানুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু ৩৫,০০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা এখন স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় বিশ্ববিদ্যালয়ৰ আচাৰ্য আছিল।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

মৃণালিনী দেৱী পুৱাৰ (Mrunalini Devi Puar; ২৫ জুন ১৯৩১ – ২ জানুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু ৩৫,০০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা এখন স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় বিশ্ববিদ্যালয়ৰ আচাৰ্য আছিল।১

জীৱনী

পুৱাৰ আছিল এজন শিক্ষাবিদ আৰু ধৰ ৰাজ্যৰ মহাৰাণী। তেওঁ বৰোদা ৰাজ্যৰ পূৰ্বৰ শাসক বংশ গায়কোৱাড় বংশৰ সদস্য আৰু ধৰৰ পুৱাৰ বংশৰ সদস্যও আছিল, দুয়োখন পূৰ্বৰ মাৰাঠা ৰাজকীয় ৰাজ্য। তেওঁ ধৰ ৰাজ্যৰ মহাৰাজ আনন্দ ৰাও চতুৰ্থ পুৱাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ বৰোদাৰ মহাৰাজ ছায়াজিৰাও বিশ্ববিদ্যালয়ৰ আচাৰ্য আছিল। ১৯৮৮ চনত তেওঁৰ মৃত্যুৰ সময়ত তেওঁ তেওঁৰ ভাতৃ, বৰোদাৰ মহাৰাজ ফতেহসিংৰাও গায়কোৱাড়ৰ পাছত আচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী ডায়েটিচিয়ান পুৱাৰ বি. এছ. চি. আছিল। তেওঁ বৰোদা মহাৰাজ ছায়াজিৰাও বিশ্ববিদ্যালয় পৰা গৃহ বিজ্ঞানৰ অনুষদৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইৱা ষ্টেট ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন'লজিৰ পৰা এম. এছ. (খাদ্য আৰু পুষ্টি) ডিগ্ৰী লাভ কৰে।

পিছত তেওঁ ভাৰতৰ বদোদৰালৈ ঘূৰি আহি বৰোদা মহাৰাজ ছায়াজিৰাও বিশ্ববিদ্যালয় পৰা খাদ্য আৰু পুষ্টি বিষয়ত পি. এইচ. ডি সম্পূৰ্ণ কৰে।২৩

পুৱাৰে এম এছ ইউৰ চ্যান্সেল হিচাপে শিক্ষাৰ জৰিয়তে গায়েকৱাড পৰিয়ালৰ গৌৰৱময় সেৱাৰ পৰম্পৰা অব্যাহত ৰাখিছিল। ৮৩ বছৰীয়া পুৱাৰে ১৯৮৮ চনত এমএছইউৰ আচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ৩৫,০০০তকৈও অধিক শিক্ষাৰ্থীৰ সৈতে তেওঁ এখন স্বীকৃত ভাৰতীয় বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা আচাৰ্য আছিল।

তেওঁ ছুইজাৰলেণ্ডৰ আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘৰ (IUCNNR) শিক্ষা আৰু প্ৰশিক্ষণ আয়োগৰ সদস্য হিচাপে আৰু ফ্ৰান্সৰ আন্তঃৰাষ্ট্ৰীয় ফেডাৰেচন ফৰ হোম ইকনমিক্স (আই এফ এইচ এম)ৰ খাদ্য আৰু পুষ্টি কাৰ্যসূচী সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ ভাৰত চৰকাৰৰ পুষ্টি, পৰিকল্পনা আয়োগৰ ষ্টিয়াৰিং গ্ৰুপ আৰু নতুন দিল্লীৰ ইনষ্টিটিউট অৱ হোম ইকনমিক্সৰ গভৰ্নিং বডিৰ সদস্যও আছিল। তেওঁ ৰাজীৱ গান্ধী ইনষ্টিটিউট ফৰ কনটেম্পেৰাৰী ষ্টাডিজ, ৰাজীৱ গান্ধী ফাউণ্ডেশ্যন, নতুন দিল্লী আৰু অন্যান্য বিভিন্ন সংস্থাৰ উপদেষ্টা সমিতিৰ সদস্য আছিল।

তেওঁ বৰোদা মহাৰাজ ছায়াজিৰাও বিশ্ববিদ্যালয় আচাৰ্য হোৱাৰ আগতে প্ৰায় ১২ বছৰ ধৰি ইয়াত অধ্যাপনাও কৰিছিল। হৰি সিং আৰু অৰ্জুন সিং মৃণালিনী দেৱী পুৱাৰৰ সম্পৰ্কীয়। তেওঁলোকৰ মাতৃ শশীপ্ৰভা ৰাজে ধৰৰ আৰু ধৰৰ ধৈৰ্য্যশীল ৰাও পুৱাৰৰ কন্যা।

কিছু দিনৰ অসুস্থতাৰ পাছত ২০১৫ চনৰ ২ জানুৱাৰীত পুৱাৰৰ মৃত্যু হয়। তেতিয়া তেওঁৰ বয়স আছিল ৮৩ বছৰ। ২৩

তথ্যসূত্ৰ

  1. ↑ VC passes away
  2. ↑ (2 January 2015). Mrunalini Devi Puar, Chancellor of M S University of Baroda, passes away. netindian.in
  3. ↑ (2 January 2015). PM Modi condoles passing away of MSU Chancellor Dr. Puar. business-standard.com

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃণালিনী দেৱী পুৱাৰ” প্ৰবন্ধৰ সংশোধন ৪৮৫২৩৪ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।