অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল

মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত ১৯ শতিকাৰ ভিক্টৰীয়ান নিঅ' গথিক স্থাপত্য কলাৰ ৰাজহুৱা ভৱন আৰু ২০ শতিকাৰ মুম্বাই ফৰ্টৰ আশে-পাশে থকা আৰ্ট ডেক' এনচেম্বেলৰ সংগ্ৰহ।

হালনাগাদ: ১৮ আগষ্ট ২০২৪ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত ১৯ শতিকাৰ ভিক্টৰীয়ান নিঅ' গথিক স্থাপত্য কলাৰ ৰাজহুৱা ভৱন আৰু ২০ শতিকাৰ মুম্বাই ফৰ্টৰ আশে-পাশে থকা আৰ্ট ডেক' এনচেম্বেলৰ সংগ্ৰহ।১ এই ভিক্টৰীয়ান গথিক স্থাপত্যকলাৰ ভৱন আৰু আৰ্ট ডেক' এনচেম্বেলৰ সংগ্ৰহ মুম্বাইৰ অভেল ময়দানত অৱস্থিত। এসময়ত অভেল ময়দানক স্প্লেনডে বুলি জনা গৈছিল।১ ইয়াৰ পূবফালে নৱ ভিক্টৰীয়ান গথিক স্থাপত্যকলাৰ ৰাজহুৱা ভৱন সমূহ আৰু পশ্চিমফালে ফৰাচী স্থাপত্যৰ আৰ্ট ডেক' এনচেম্বেলৰ সংগ্ৰহসমূহ মুম্বাইৰ ব্লেকবে আৰু মেৰাইন ড্ৰাইভৰ মাজত অৱস্থিত।১ ইয়াত মুঠতে ৯৪টা ভৱন আছে।২৩

১৯ শতিকাৰ ভিক্টৰীয়ান গথিক স্থাপত্যৰ ৰাজহুৱা ভৱন সমূহ হ'ল বোম্বে উচ্চ ন্যায়ালয়, মুম্বাই বিশ্ববিদ্যালয় আৰু নগৰ সত্ৰ ন্যায়ালয়ৰ পুৰণি সচিবালয় ভৱন আৰু ৰাজাবাঈ ক্ল'ক টাৱাৰ।৪১ ২০ শতিকাৰ আৰ্ট ডেক' সমূহ মূলতঃ ব্যক্তিগত আৱাসিক ভৱন আৰু ইৰছ চিনেমাৰ ভৱন।১

২০১৮ চনৰ ৩০ জুন তাৰিখে বাহৰেইনৰ মানামাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ ৪২তম অধিবেশনত মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেলক বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়।৫ ইয়াৰ ফলত ভাৰতৰ বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত স্থানৰ সংখ্যা ৩৭টালৈ বৃদ্ধি হয়।

ঐতিহ্য গাঁথনিসমূহ বা স্থানসমূহ

ভিক্টোৰিয়ান

নিঅ' গথিক

  • চিটি চিভিল এণ্ড ছেচন কোৰ্ট (পুৰণি সচিবালয়)
  • মুম্বাই বিশ্ববিদ্যালয় - ৰাজাবাঈ ক্লক টাৱাৰ,

বিশ্ববিদ্যালয় পুথিভঁৰাল, সমাৱৰ্তন প্ৰেক্ষাগৃহ

  • বোম্বে উচ্চ ন্যায়ালয়
  • লোকনিৰ্মাণ বিভাগ ভৱন
  • এছপ্লেণ্ডে মেনচন
  • ডেভিড ছাচচুন পুথিভঁৰাল
  • এলফাইনষ্টন কলেজ
  • মহাৰাষ্ট্ৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়
  • ইণ্ডিয়ান মাৰচেণ্টাইল মেনচন
  • ৱেলিংটন ফাউণ্টেইন

নিঅ'ক্লাছিকেল

  • ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক ভৱন
  • থলসেনা আৰু নৌসেনা ভৱন
  • বিজ্ঞান প্ৰতিষ্ঠান
  • ছাৰ কাউৱাছজী জাহাংগীৰ হ'ল, নেচনেল গেলাৰী অফ মডাৰ্ণ আৰ্ট

ইণ্ডো-চেৰাচেনিক

  • পশ্চিম ৰেলৱে মূখ্য কাৰ্যালয় ভৱন
  • ছত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰাহালয়
  • মেজিষ্টিক আমাদৰ নিৱাস

আৰ্ট ডেক'

  • ৰেগেল চিনেমা
  • মতাভয় মেনচন
  • চুনা মহল
  • কেভাল মহল
  • অভেল ময়দান আৰু মেৰাইন ড্ৰাইভৰ আশে-পাশে অৱস্থিত ভৱনসমূহ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Victorian & Art Deco Ensemble of Mumbai - UNESCO World Heritage Centre. UNESCO World Heritage Centre
  2. ↑ List of Buildings, Architectural Styles & Maps of the UNESCO Precinct – Art Deco. www.artdecomumbai.com
  3. ↑ Research · Art Deco. www.artdecomumbai.com
  4. ↑ History - City Civil and Sessions Court, Mumbai. District Courts of India
  5. ↑ (30 June 2018). Four sites added to UNESCO’s World Heritage List. UNESCO

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰভাৰতৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল” প্ৰবন্ধৰ সংশোধন ৪২৯১০২ (১৮ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।