অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মুছলিম ঘোষী

ঘোষীসকল মূলতঃ উত্তৰ ভাৰতত পোৱা এটা মুছলমান সম্প্ৰদায়। কোৱা হয় যে আহীৰ গোৱালাসকল প্ৰথমে হিন্দু আছিল, পিছলৈ যিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৫ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ঘোষীসকল মূলতঃ উত্তৰ ভাৰতত পোৱা এটা মুছলমান সম্প্ৰদায়। কোৱা হয় যে আহীৰ গোৱালাসকল প্ৰথমে হিন্দু আছিল, পিছলৈ যিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।১২৩

ইতিহাস আৰু মূল

পশ্চিম বংগৰ ঘোষীসকলে গোৱালা বংশৰ বুলি দাবী কৰে।৪

পশ্চিম বংগৰ ঘোষীসকল মূলতঃ ২৪ পৰগণা আৰু মিদনাপুৰ জিলাত বিশেষকৈ বাৰাকপুৰ আৰু খড়গপুৰ চহৰৰ ওচৰত পোৱা যায়। এই সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি তেওঁলোকে প্ৰায় পাঁচ শতিকাৰ আগতে বৰ্তমানৰ উত্তৰ প্ৰদেশৰ কানপুৰৰপৰা প্ৰব্ৰজন কৰিছিল। এইদৰে সম্প্ৰদায়টোৱে গৰু পালনৰ বৃত্তি গ্ৰহণ কৰে আৰু মিদনাপুৰত বসতি স্থাপন কৰে।৪

এতিয়াও গাখীৰ বিক্ৰীৰ কামত নিয়োজিত হোৱাসকলৰ মাজত, আৰু বাকী যিসকল এতিয়া সৰু আৰু মজলীয়া কৃষক আন আন সমাজৰ মাজত বিভক্ত হৈ পৰিছে। বহুজাতিক গাঁৱত বাস কৰে, যিবোৰ ঘোষীপাৰা, ঘোষী অঞ্চল হিচাপে জনা যায়। সম্প্ৰদায়টোৱে এতিয়া বাংলা ভাষা কয় যদিও বেছিভাগৰে হিন্দী ভাষাৰ জ্ঞান আছে। এওঁলোক কঠোৰভাৱে নিজ সম্প্ৰদায়ৰ মাজত বিবাহৰ পক্ষেই থাকে, আৰু বঙালী মুছলমানসকলৰ মাজত এনে প্ৰথা অনন্য। এওঁলোকৰ প্ৰধান বংশ হ’ল ৰাথোৰ, ডোগৰ, চৌহান, খলেৰী, টোতাৰ, লেহাৰ আৰু মাইদুল। পশ্চিম বংগৰ ঘোষীসকলৰ এটা অনানুষ্ঠানিক জাতি পৰিষদ আছে, যাক পঞ্চায়ত বুলি জনা যায়, যিয়ে সামাজিক নিয়ন্ত্ৰণৰ প্ৰতিষ্ঠান হিচাপে কাম কৰে, সম্প্ৰদায়ৰ ভিতৰত বিবাদ নিষ্পত্তি কৰে আৰু সমাজ কল্যাণৰ ব্যৱস্থা কৰে।৪

তথ্যসূত্ৰ

  1. ↑ Congress, Indian History. (1950). Proceedings. Indian History Congress. পৃ. 99
  2. ↑ Commissioner, India Census. (1902). Census of India, 1901. Printed at the Government central Press. পৃ. 245
  3. ↑ Singh, Kumar Suresh. (1992). People of India: Uttar Pradesh (3 pts.). Anthropological Survey of India. পৃ. 542–545. ISBN 978-81-85579-09-2
  4. ↑ M. K. A. Siddiqui; Institute of Objective Studies (New Delhi, India). (2004). Marginal Muslim communities in India. Institute of Objective Studies. পৃ. 295–305. ISBN 978-81-85220-58-1

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মুছলমান সম্প্ৰদায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুছলিম ঘোষী” প্ৰবন্ধৰ সংশোধন ৫৩৭৫৯৭ (৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।