অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মীনাক্ষী (মান্কী)

মিনাক্ষী বা স্থানীয়ভাৱে জনা মানকী ১১শ শতিকাৰ মিথিলাৰ কৰ্ণাট বংশৰ ৰজা নন্যাদেৱৰ ৰাজ-দৰবাৰৰ এগৰাকী ৰাজকীয় নৃত্যশিল্পী আছিল। ৰাজ দৰবাৰৰ নৃত্য-পটিয়সী হোৱাৰ উপৰিও তেওঁ এগৰাকী সাহসী আৰু দেশপ্ৰেমিক মহিলাও আছিল।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মিনাক্ষী বা স্থানীয়ভাৱে জনা মানকী ১১শ শতিকাৰ মিথিলাৰ কৰ্ণাট বংশৰ ৰজা নন্যাদেৱৰ ৰাজ-দৰবাৰৰ এগৰাকী ৰাজকীয় নৃত্যশিল্পী আছিল। ৰাজ দৰবাৰৰ নৃত্য-পটিয়সী হোৱাৰ উপৰিও তেওঁ এগৰাকী সাহসী আৰু দেশপ্ৰেমিক মহিলাও আছিল। মিথিলাৰ সাহিত্যিক ঐতিহ্য ৰক্ষাৰ বাবে মিথিলাৰ পণ্ডিতসকলৰ পাণ্ডুলিপি আক্ৰমণকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ নিজৰ প্ৰাণ আহুতি দিছিল। পাণ্ডুলিপিসমূহৰ সুৰক্ষাৰ বাবে তেওঁ কৰা জীৱন বলিদানৰ বাবে তেওঁক স্মৰণ কৰা হয়।১২৩

পিছৰ জীৱন

মিনাক্ষী আছিল নট জাতিৰ এগৰাকী ৰাজকীয় নৃত্যশিল্পী। কিংবদন্তি অনুসৰি তেওঁ অমৰাৱতীৰ ৰজাৰ ৰাজ-দৰবাৰৰ ৰাজকীয় নৃত্যশিল্পী আছিল আৰু তেওঁ নিজৰ ৰজা আৰু ৰাজ্যৰ প্ৰতি অতি আনুগত্যশীল আছিল। কোৱা হয় যে ৰাজ্যৰ পণ্ডিতসকলৰ সাহিত্যিক সমল, পাণ্ডুলিপিসমূহ হৰণ কৰিবলৈ বহিঃৰাজ্যৰ আক্ৰমণকাৰীয়ে বহুবাৰ আক্ৰমণ চলাইছিল। এবাৰ মিথিলাক বাঙালী আৰু নৱদ্বীপৰ আক্ৰমণকাৰীয়ে আক্ৰমণ কৰিছিল, যাতে তেওঁলোকে ইয়াৰ পৰা জ্ঞানৰ কেন্দ্ৰ চুৰি কৰি নিজৰ ঠাইলৈ লৈ যাব পাৰে। এই কথা মিনাক্ষীয়ে গম পালে আৰু তাৰ পিছত তেওঁ পাণ্ডুলিপিবোৰ কঢ়িয়াই নিয়া বাকচটোৰ পৰা মনে মনে সকলো সম্পদ উলিয়াই পৰিৱৰ্তে তাত নিজক আৱদ্ধ কৰি আক্ৰমণকাৰীৰ সৈতে গুচি গ’ল। এইদৰে তেওঁ ৰাষ্ট্ৰৰ ঐতিহ্যৰ ৰক্ষক হৈ মিথিলাৰ পাণ্ডুলিপিসমূহৰ সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়ে।১

উত্তৰাধিকাৰ

বিহাৰৰ মিথিলা অঞ্চলৰ মধুবনী জিলাৰ সৰসো গাঁৱত তেওঁৰ নামেৰে নামাকৰণ কৰা এখন ঐতিহাসিক দিহ আছে। এই দিহক মানকী দিহ বুলি জনা যায়। তাত তেওঁৰ বাসস্থান আছিল। তেওঁৰ স্মৃতি ৰোমন্থন কৰিবলৈ তেওঁৰ সাহসৰ কাহিনী এতিয়াও দেশৰ বিভিন্ন নাট্যগৃহত অভিনয়ৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়।২৩

তথ্যসূত্ৰ

  1. ↑ (2025-01-04). राज्य का सम्मान बचाने के लिए दरबार की नर्तकी ने दे दी जान, आज भी उनके नाम का डीह सुरक्षित, गजब है कहानी. News18 हिंदी
  2. ↑ admin. (2023-09-08). मिथिला रंग महोत्सव के दौरान राजनर्तकी ‘मीनाक्षी उर्फ मनकी’ की कहानी और ‘ललका पाग’ ने जीता दिल. हिंदी हैं हम
  3. ↑ (2023-09-04). मिथिला रंग महोत्सव में रानी लक्ष्मीबाई की शौर्यगाथा 'दास्तान ए झांसी' देख भावभिभोर हुए लोग. News18 हिंदी

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনাক্ষী (মান্কী)” প্ৰবন্ধৰ সংশোধন ৬০২৬৩০ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।