মাৰ্থা মাৰিয়া "মেটি" হিউজেছ কেনন (Martha Maria "Mattie" Hughes Cannon) এগৰাকী ৱেলছ-আমেৰিকান ৰাজনীতিবিদ, চিকিৎসক, উটাহৰ মহিলা অধিকাৰৰ সমৰ্থক, ভোটাধিকাৰী আৰু বহুবিবাহী পত্নী আছিল। তেওঁৰ পৰিয়ালে চাৰ্চ অৱ জিছুচ ক্ৰাইষ্ট অৱ লেটাৰ-ডে চেণ্টছ (এল ডি এছ চাৰ্চ)লৈ ধৰ্মান্তৰিত হৈ আমেৰিকালৈ প্ৰব্ৰজন কৰে আৰু অন্যান্য গীৰ্জাৰ সদস্যৰ সৈতে ইউটা ভূখণ্ডত বসতি স্থাপন কৰিবলৈ পাশ্চাত্য ভ্ৰমণ কৰে। চৈধ্য বছৰ বয়সৰ পৰাই তেওঁ কাম আৰম্ভ কৰে আৰু ষোল্ল বছৰ বয়সত ডেচেৰেট বিশ্ববিদ্যালয়ত (বৰ্তমান ইউটা বিশ্ববিদ্যালয় বুলি কোৱা হয়) নামভৰ্তি কৰে, আৰু ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ মিচিগান বিশ্ববিদ্যালয়ত পঢ়ি তেওঁ এমডি ডিগ্ৰী লাভ কৰে।১১
বহুবিবাহ বিৰোধী ক্ৰুছেডৰ সময়ত লেটাৰ ডে চেণ্টৰ এজন বিশিষ্ট নেতা এংগাছ এম কেননৰ সৈতে বহুবিবাহিত ছয়গৰাকী পত্নীৰ ভিতৰত তেওঁ চতুৰ্থগৰাকী পত্নী হৈ পৰে। কেননে নিজকে ইউৰোপলৈ নিৰ্বাসিত কৰিলে যাতে স্বামী আৰু আনৰ বিৰুদ্ধে সাক্ষ্য দিব নালাগে। ইউটালৈ উভতি অহাৰ লগে লগে কেননে চিকিৎসক হিচাপে কাম কৰিছিল আৰু মহিলাৰ অধিকাৰৰ বাবে যুঁজিছিল। ১৮৯৬ চনত উটাহৰ সংবিধানত মহিলাৰ ভোটাধিকাৰ প্ৰদান কৰাত সহায় কৰিছিল।১৮৯৬ চনৰ ৩ নৱেম্বৰত কেননে আমেৰিকাত নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা ৰাজ্যিক চিনেটৰ হিচাপে পৰিগণিত হৈছিল, যিয়ে নিজৰ স্বামীকো পৰাস্ত কৰিছিল। কেনন ইউটাৰ অনাময় আইনসমূহৰ লেখক আছিল আৰু ইউটাৰ প্ৰথম ষ্টেট ব'ৰ্ড অৱ হেল্থৰ প্ৰতিষ্ঠাপক আৰু সদস্য আছিল।.১২
তথ্যসূত্ৰ
- ↑ Graña, Mari. (September 1, 2009). Pioneer, Polygamist, Politician: The Life of Dr. Martha Hughes Cannon. TwoDot. ISBN 978-0762752720
- ↑ CANNON, MARTHA MARIA HUGHES (1857 - 1932), doctor and politician · Dictionary of Welsh Biography. biography.wales
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্থা হিউজ কেনন” প্ৰবন্ধৰ সংশোধন ৪৯১৬৬৩ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।