অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰ্থা কাল্লানান

মাৰ্থা কাল্লানান (Martha Callanan, ১৮২৬-১৯০১) এগৰাকী মহিলা ভোটাধিকাৰৰ সমৰ্থক, বাতৰি কাকত প্ৰকাশক আৰু দান কৰোঁতা আছিল। ১৮৬৩ চনত তেওঁৰ স্বামী জেমছ চি কাল্লানানৰ সৈতে আইঅ'ৱাৰ ডেচ মইনেছলৈ গুচি যায় আৰু তেওঁৰ ঘৰখন স্থানীয় মহিলা ভোটাধিকাৰ আন্দোলনৰ বেচৰকাৰী মুখ্য কাৰ্যালয়ত পৰিণত হয়।

হালনাগাদ: ২৫ মাৰ্চ ২০২৫ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মাৰ্থা কাল্লানান (Martha Callanan, ১৮২৬-১৯০১) এগৰাকী মহিলা ভোটাধিকাৰৰ সমৰ্থক, বাতৰি কাকত প্ৰকাশক আৰু দান কৰোঁতা আছিল। ১৮৬৩ চনত তেওঁৰ স্বামী জেমছ চি কাল্লানানৰ সৈতে আইঅ'ৱাৰ ডেচ মইনেছলৈ গুচি যায় আৰু তেওঁৰ ঘৰখন স্থানীয় মহিলা ভোটাধিকাৰ আন্দোলনৰ বেচৰকাৰী মুখ্য কাৰ্যালয়ত পৰিণত হয়।১

১৮৭০ চনত কাল্লানান পলক কাউণ্টি মহিলা ভোটাধিকাৰ সংস্থাৰ চাৰ্টাৰ সদস্য আৰু সভানেত্ৰী হয়। চুজান বি এন্থনী আৰু এলিজাবেথ কেডি ষ্টেণ্টনে যেতিয়া ডেচ মইনেছলৈ গৈছিল, তেতিয়া তেওঁলোক কাল্লানানৰ ঘৰত আছিল। ১৮৭৬ চনত স্বামী জেমছ কাল্লানানৰ পিছত তেওঁ আইঅ’ৱা মহিলা ভোটাধিকাৰ সংস্থাৰ সভানেত্ৰী নিৰ্বাচিত হয়। সেই পদত চাৰিটা কাৰ্যকাল তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।১ আইঅ'ৱাত প্ৰকাশিত ভোটাধিকাৰৰ গৱেষণা পত্ৰ দ্য ষ্টেণ্ডাৰ্ডৰ তেওঁ সম্পাদিকা আছিল।২

কাল্লানান মহিলা খ্ৰীষ্টান টেম্পৰেন্স ইউনিয়নতো সক্ৰিয় আছিল আৰু ডেচ মইনেছৰ হোম ফৰ দ্য এজেড (যিটোৰ মৃত্যুৰ পিছত মাৰ্থা কাল্লানান হোম নামেৰে নামাকৰণ কৰা হৈছিল) অন্যতম প্ৰতিষ্ঠাপক আছিল।৩ তেওঁ ডেছ মইনেছ মহিলা ক্লাবৰ দ্বিতীয় সভানেত্ৰী আছিল।

১৯০১ চনত কাল্লানানৰ গাড়ীখন উলটি যোৱাৰ ফলত আকস্মিকভাৱে মৃত্যু হয়।৪

তথ্যসূত্ৰ

  1. ↑ Biographical Dictionary of Iowa. University of Iowa Press
  2. ↑ Blackwell, Alice. (13 May 1915). Iowa Pioneers. The Des Moines Register
  3. ↑ (23 September 1901). A Rich Des Moines Woman Leaves $20,000 to the Tuskegee Institute. Evening Times-Republican (Marshalltown, Iowa)
  4. ↑ Suffragist Martha Callanan. Iowa PBS

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্থা কাল্লানান” প্ৰবন্ধৰ সংশোধন ৪৯৭১৭২ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।