মালাবাৰ কাঁইটীয়া ডৰমাউছ:Malabar spiny dormouse (Platacanthomys lasiurus), হৈছে ভাৰতৰ পশ্চিমঘাট অঞ্চলত স্থানীয়ভাৱে পোৱা এবিধ মুৰয়েড ৰোডেণ্ট। প্লেটাকেন্থমিছ গণৰ বৰ্তমান জীৱিত একমাত্ৰ প্ৰজাতিটোৱেই হৈছে এই মালাবাৰ কাঁইটীয়া ডৰমাউছ। দেখাত আন ডৰমাউছৰ সৈতে মিল থাকিলেও ইয়াৰ বৈশিষ্ঠ সমূহৰ লগত ঘনিষ্ঠ সম্পৰ্ক নাই। আকাৰত ই প্ৰায় বাদামী ৰঙৰ এন্দুৰৰ সমান। এই প্ৰাণীবিধে গছত বাস কৰে। ইহঁতে ঘন অৰণ্য অঞ্চলত থকা গছৰ ফোঁপোলা অংশত বা খোৰুঙত সৰু সৰু দল বান্ধি বাস কৰে। ইয়াৰ নেজৰ আগত থকা জোপোহা নোমৰ থোপা আৰু পিঠিৰ কাঁইটীয়া নোমৰ দ্বাৰা ইয়াক অঞ্চলটোৰ আন প্ৰজাতিৰ পৰা সহজে চিনাক্ত কৰিব পাৰি।
বিৱৰণ

এই নিগনিটোৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৫ ইঞ্চি (১৩০ মি.মি.), আৰু নেজৰ দৈৰ্ঘ্য প্ৰায় ৪ ইঞ্চি (১০০ মি.মি.)। ইয়াৰ কাণ দুখন ডাঙৰ আৰু আগফালটো জোঙা। গোঁফ যথেষ্ট ঘন আৰু ইয়াৰে কিছুমান অতি দীঘল। নেজডাল নোমেৰে আবৃত আৰু শেষৰ ফাললৈ নোমবোৰ দীঘল হৈ যোৱাৰ বাবে নেজৰ আগটো তুলনামূলকভাৱে বহল দেখা যায়। নেজৰ গুৰিৰ ওচৰত নেজৰ দুয়োকাষৰ পৰা নোম ওলাই থাকে। এই বিন্যাসক “চাবডিষ্টিচাউছ (subdistichous)” বুলি কোৱা হয় আৰু ইয়াৰ ফলত নেজদাল অলপ চেপেটা যেন লাগে। ইয়াৰ পলাক্স (“বুঢ়া আঙুলি”) আৰু হেলাক্স (“ডাঙৰ ভৰিৰ আঙুলি”)-ত নখ নাথাকে। মূৰৰ খুলাটো বহল আৰু ওপৰৰ ফালটো চেপেটা। ইনফ্ৰাঅৰ্বিটাল অৰ্থাৎ চকুৰ তলৰ অস্থিৰন্ধ্ৰটো ডাঙৰ। দেহৰ ওপৰৰ অংশ মটিয়া-বাদামী ৰঙৰ, আনহাতে তলৰ অংশ বগা ৰঙৰ; দুয়োটা ৰঙৰ মাজত এটা স্পষ্ট সীমাৰেখা থাকে। ভৰিবোৰো বগা ৰঙৰ। নেজৰ আগটো কেতিয়াবা বগা হয়, যদিও সাধাৰণতে ই পিঠিৰ ৰঙৰ দৰেই থাকে। ১পিঠিৰ নোমৰ মাজত সিঁচৰতি হৈ থকা বহল আৰু চেপেটা কাঁইটীয়া নোম থাকে, যিবোৰৰ আগভাগ বগা।২ তলপেটৰ নোমতো তুলনামূলকভাৱে মিহি কাঁইটীয়া নোম পোৱা যায়।৩
বৰ্গীকৰণ আৰু প্ৰণালীবিজ্ঞান
গণটোৰ নাম প্লেটাকেন্থমিছ চেপেটা আকৃতিৰ কাঁইটীয়া নোমৰ পৰা উদ্ভৱ হৈছে। গ্ৰীক platy- শব্দৰ অৰ্থ হৈছে “চেপেটা”, আনহাতে acantha শব্দৰ অৰ্থ হৈছে “কাঁইট”। প্ৰজাতিটোৰ নাম lasiurus গ্ৰীক ভাষাৰ lasios শব্দৰ পৰা আহিছে, যাৰ অৰ্থ ‘নোমযুক্ত’ বা ‘লোমশ’, আৰু —oura শব্দৰ অৰ্থ হৈছে “নেজ”। সেয়েহে lasiurus নামটোৱে মূলতঃ ‘লোমশ নেজযুক্ত’ অৰ্থ প্ৰকাশ কৰে।৪ অতি প্ৰাচীন কালৰ পৰাই এই প্ৰজাতিটোৰ শ্ৰেণীবিন্যাসগত স্থানক লৈ মতভেদ চলি আহিছে। ১৮৬০ চনত স্ক্লেটাৰে এটা নমুনা প্ৰদৰ্শন কৰি ইয়াক মালাবাৰৰ পৰা পোৱা এটা নতুন ডৰমাউছ হিচাপে উল্লেখ কৰিছিল। কিন্তু ১৮৬৫ চনৰ পৰাই ইয়াৰ দাঁতৰ গঠনৰ ভিত্তিত এই শ্ৰেণীবিন্যাসক লৈ সন্দেহ প্ৰকাশ কৰা হয়।৫১৮৬৫ চনত পিটাৰ্ছে মত প্ৰকাশ কৰিছিল যে এই প্ৰজাতিটোৰ ডৰমাউছৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক নাই আৰু ইয়াক ভাৰতৰ মাউৰিন গণসমূহৰ সৈতে অন্তৰ্ভুক্ত কৰা উচিত। পিছলৈ দ্য ফাউনা অৱ ব্ৰিটিছ ইণ্ডিয়া (১৮৯১) গ্ৰন্থতো ইয়াক মুৰিডে পৰিয়ালৰ অন্তৰ্গত গ্ৰহণ কৰা হৈছিল।১পামৰে (১৮৯৭) প্লাটাকেন্থোমাইনা উপপৰিয়ালটোক গ্লিৰিডেৰ ভিতৰত স্থান দিছিল। কিন্তু এলাৰমেনে (১৯৪০) এই প্ৰজাতিটোক প্লাটাকেন্থোমাইনাই উপপৰিয়ালত মাস্কাৰডিনিডে পৰিয়ালৰ অন্তৰ্গত স্থান দিছিল।৬ নʼৱাকে (১৯৯৯) উপপৰিয়ালটোক মুৰিডেৰ ভিতৰত স্থান দিছে আৰু এই উপপৰিয়ালত টাইফ্ল’মিছ প্ৰজাতিটো অন্তৰ্ভুক্ত কৰিছে।৭ টাইফ্ল'মাইছৰ সঠিক বংশবিন্যাসৰ সম্পৰ্ক ক্ৰমভিত্তিক পদ্ধতি ব্যৱহাৰ কৰি পৰীক্ষা কৰা হোৱা নাই যদিও টাইফ্ল’মাইছক মুৰ’ইড ক্লেডৰ ভিতৰত থকাটো নিশ্চিত কৰা হৈছে।৮৯
চীনত পোৱা প্ৰায় ৯ নিযুত বছৰ পুৰণি এটা জীৱাশ্মক প্লেটাকেন্থোমিছ ডায়েনেনচিছ বুলি বৰ্ণনা কৰা হৈছে। এই জীৱাশ্মটোৱে গণটোৰ বিৱৰ্তনীয় ইতিহাস সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে।১০
বিতৰণ
এই প্ৰজাতিটো কেৱল পশ্চিমঘাট আৰু নীলগিৰি পাহাৰৰ ঘন অৰণ্য অঞ্চলসমূহত পোৱা যায়। ইহঁতক সমুদ্ৰপৃষ্ঠৰ পৰা ২,০০০ মিটাৰ (৬,৬০০ ফুট) পৰ্যন্ত উচ্চতাতো দেখা পোৱা যায়; যেনে উটাকামুণ্ড আৰু কুনুৰ অঞ্চলত। ১১অৱশ্যে ইহঁতৰ জনসংখ্যাৰ ঘনত্ব অতি কম।১২
ইয়াৰ আটাইতকৈ উত্তৰ দিশৰ পঞ্জীভুক্ত উপস্থিতি কৰ্ণাটকৰ শিমোগা জিলাৰ সাগাৰ অঞ্চলৰ পৰা পোৱা গৈছে। এই প্ৰজাতিটোৰ বিষয়ে পোৱা তথ্য বা পঞ্জীভুক্ত উপস্থিতিৰ সংখ্যা কম আৰু বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে। ১৩ প্ৰকাশিত পঞ্জীসমূহৰ ভিতৰত আৰালাম, কʼৰ্গ, পেপ্পাৰা আৰু কাৰিয়ানশ্বোলাৰ উল্লেখযোগ্য।২৩১৪১৫ কিন্তু এই প্ৰজাতিটো প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰাৰ সময়ত ইয়াক যথেষ্ট সাধাৰণভাৱে পোৱা যায় বুলি গণ্য কৰা হৈছিল।ৰেভাৰেণ্ড এইচ বেকাৰে (মুণ্ডকিয়াম, এলেপেইৰ পৰা) প্ৰথম আৱিষ্কাৰ কৰাৰ সময়ত এই প্ৰজাতিটোক অৱশ্যে সাধাৰণ বুলি ধৰা হৈছিল। তেওঁ এডৱাৰ্ড ব্লাইথৰ বাবে প্ৰথম নমুনা লাভ কৰিছিল আৰু লক্ষ্য কৰিছিল যে ইহঁতে ডাঙৰ গছৰ খোৰুংত বাস কৰে।১১৩
আচৰণ আৰু পৰিৱেশতত্ত্ব
এই প্ৰজাতিটো নিশাচৰ অৰ্থাৎ ইহঁত মূলতঃ ৰাতিহে সক্ৰিয় হৈ থাকে। ইহঁতৰ খাদ্যাভ্যাসৰ অধিকাংশই ফলভোজী। বন্দী অৱস্থাত ৰখা এটা মালাবাৰ কাঁইটীয়া ডৰমাউছব নমুনাই ফলমূল অতি আগ্ৰহেৰে আৰু অধিক পৰিমাণে খোৱা দেখা গৈছিল।২ শুই থকা সময়ত ইহঁতে নিজৰ দেহটো হেজহগৰ দৰে গোল কৰি লয়, আৰু সেই সময়ত নেজদাল দেহৰ বাহিৰলৈ ওলাই থাকে। এই প্ৰজাতিটোৱে বাগিচাত জালুক খাব পাৰে বুলি ধাৰণা কৰা হয়। কিন্তু ফান্দ পাতি কৰা জৰীপসমূহৰ পৰা পোৱা তথ্যই দেখুৱায় যে ইহঁত মূলতঃ মানুহৰ উপস্থিতিৰ আতৰত বা মানুহে হস্তক্ষেপ নকৰা ঘন অৰণ্যাঞ্চলৰ বাসস্থানতহে সীমাবদ্ধ থাকে।২
ইঁহতে এবাৰত চাৰিটা পোৱালি জন্ম দিয়াৰ তথ্য পোৱা গৈছে।১১
তথ্যসূত্ৰ
- ↑ Blanford WT. (1891). The Fauna of British India, Including Ceylon and Burma. Mammalia. Taylor and Francis. পৃ. 394–395
- ↑ Rajagopalan PK. (1968). Notes on the Malabar Spiny Dormouse, Platacanthomys lasiurus Blyth 1859 with new distribution record. J. Bombay Nat. Hist. Soc.. পৃ. 214–215
- ↑ Jayson, E. A.; Jayahari, K. M. (2009). Distribution of spiny tree mouse (Platacanthomys lasiurus Blyth, 1859) in the Western Ghats of Kerala, India. Mammalia. পৃ. 331–337
- ↑ Hunter, R. (1898). The New National Dictionary, Encyclopaedia and Atlas. Volume 12. Belford, Middlebrook & Company. পৃ. 3638
- ↑ Peters, W. (1865). Note on the systematic position of Platacanthomys lasiurus. Proceedings of the Zoological Society of London. পৃ. 397–399
- ↑ Palmer, TS. (1897). A list of the generic and family names of rodents. Proceedings of the Biological Society of Washington. পৃ. 241–270
- ↑ Ellerman, JR. (1940). The families and genera of living rodents. Volume 1. British Museum. পৃ. 37
- ↑ Poor, A. (2005). Platacanthomyidae. Animal Diversity Web
- ↑ Jansa, SA; T C Giarla; B K Lim. (2009). The phylogenetic position of the rodent genus Typhlomys and the geographic origin of the Muroidea. Journal of Mammalogy. পৃ. 1083–1094
- ↑ Qiu, Z.-D. (1989). Fossil platacanthomyids from the hominoid locality of Lufeng, Yunnan.. Vertebrata PalAsiatica. পৃ. 268–283
- ↑ Gray, Charles. (1908). Note on the Malabar spiny mouse (Platacantomys lasiurus). Journal of the Bombay Natural History Society. পৃ. 679
- ↑ Mudappa, D; A Kumar; R. Chellam. (2001). Abundance and habitat selection of the Malabar spiny dormouse in the rainforests of the southern Western Ghats, India.. Current Science. পৃ. 424–427
- ↑ Ryley, Kathleen V. (1913). Mammal survey of India- Report No. 11 Coorg. J. Bombay Nat. Hist. Soc.. পৃ. 486–513
- ↑ Jayson, E.A.; Christopher, G. (1995). Sighting of spiny dormouse (Platacanthomys lasiurus) Blyth, 1859 in Peppara Wildlife Sanctuary, Trivandrum District, Kerala. Journal of the Bombay Natural History Society. পৃ. 259
- ↑ Prabhakar A. (1997). New records of the Malabar spiny dormouse (Platacanthomys lasiurus Blyth) in the Indira Gandhi Wildlife Sanctuary, Tamil Nadu. J. Bombay Nat. Hist. Soc.. পৃ. 151–152
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালাবাৰ কাঁইটীয়া ডৰমাউছ” প্ৰবন্ধৰ সংশোধন ৬৩৪৫৭৩ (৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।