অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মাদিয়া গণ্ড

মাদিয়া গণ্ড;Madia Gonds; বা মাদিয়া বা মাৰিয়া মহাৰাষ্ট্ৰ ৰাজ্যৰ চন্দ্ৰপুৰ জিলা আৰু গাডচিৰোলি জিলা, আৰু ভাৰতৰ চত্তীশগড় ৰাজ্যৰ বাষ্টাৰ বিভাগত বাস কৰা এণ্ড'গেমাছ (অন্তঃবিবাহী) গণ্ড জনজাতিসমূহৰ ভিতৰত অন্যতম।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৫০২ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মাদিয়া গণ্ড;Madia Gonds; বা মাদিয়া বা মাৰিয়া মহাৰাষ্ট্ৰ ৰাজ্যৰ চন্দ্ৰপুৰ জিলা আৰু গাডচিৰোলি জিলা, আৰু ভাৰতৰ চত্তীশগড় ৰাজ্যৰ বাষ্টাৰ বিভাগত বাস কৰা এণ্ড'গেমাছ (অন্তঃবিবাহী) গণ্ড জনজাতিসমূহৰ ভিতৰত অন্যতম।১ ভাৰত চৰকাৰে ইয়াৰ সঁহাৰিমূলক ব্যৱস্থা বা সংৰক্ষণ কাৰ্যসূচীৰ অধীনত তেওঁলোকক বিশেষভাৱে দুৰ্বল জনজাতীয় গোটৰ মৰ্যাদা প্ৰদান কৰিছে।২ মাদিয়া গণ্ডসকল নক্সালৰ কাৰ্যকলাপৰ দ্বাৰা প্ৰবলভাৱে প্ৰভাৱিত হয়।৩ মাদিয়া গণ্ডসকলে নিজকে মাদিয়া নাম ব্যৱহাৰ কৰে, আৰু তেওঁলোকে বাস কৰা অঞ্চলটোক মাদিয়া দেশ বুলি কয়।৪ তেওঁলোকে গণ্ডীৰ মাদিয়া উপভাষা কয়।৫ মাদিয়াৰ স্থানান্তৰিত কৃষি ঝুম নামেৰে জনাজাত। এটা অধ্যয়নত মাদিয়া গণ্ডসকলৰ মাজত জীৱন্ত মেগালিথিক পদ্ধতিৰ কথা উল্লেখ কৰা হৈছে।৬ ১৯৯৭–১৯৯৮ চনত কৰা দ্য বেঞ্চ মাৰ্ক জৰীপৰ এটা তথ্য: মাদিয়া গণ্ডৰ ৯১.০৮ শতাংশ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছিল।৭

পৰম্পৰা আৰু সংস্কৃতি

বৰ্তমান মাদিয়াসকল শিক্ষিত,তেওঁ লোকৰ মাজৰ পৰা সিকিৎসক,৮ শিক্ষক, চৰকাৰী কৰ্মচাৰী ওলাইছে আৰু নক্সালবাদীও।৯ স্কুললৈ যোৱা মাদিয়া শিশুৰ সংখ্যা মহাৰাষ্ট্ৰ ৰাজ্যৰ আন শিশুৰ সমতুল্য, মাদিয়াৰ এগৰাকী ছোৱালী ছাত্ৰীয়ে ৰাজ্যিক পৰ্যায়ৰ প্ৰাৰ্থীৰ মেৰিট তালিকাত স্থান লাভ কৰিছে।১০ স্বাধীন ভাৰতৰ গেজেটত কঢ়িয়াই অনা জিলা গেজেটত ব্ৰিটিছ শাসকসকলে লিপিবদ্ধ কৰা মাদিয়া গণ্ডৰ বৰ্ণনা তলত দিয়া হ’ল।

চন্দা জিলাৰ গেজেটত বৰ্ণনানুসৰি

মাৰিয়াসকলে বন্য অঞ্চলত বাস কৰে, আৰু তেওঁলোক প্ৰকৃতিৰ সৈতে বাস কৰা এটা আকৰ্ষণীয় জনগোষ্ঠী। সাধাৰণতে গাঁওবোৰ গভীৰ জংঘলত নদীৰ কাষত অৱস্থিত,আৰু চাৰিওফালৰ জংঘলবোৰে তেওঁলোকৰ কৃষি আৰু যাৱতীয় সামগ্ৰীৰ যোগান ধৰে। প্ৰায় সকলো গাঁৱতে তাল গছ থাকে, যাৰ ৰস গণ্ডসকলৰ বাবে অতি প্ৰিয়।

মাৰিয়া সকল নম্ৰ, সক্ৰিয়, সুগঠিত শৰীৰৰ, খোলা মনৰ, হৃদয়ংগমী স্বভাৱৰ আৰু সদায় আনন্দমুখৰ। তেওঁলোকৰ পৰিধান সামগ্ৰী অতি কম, সাধাৰণতে লংগৌটি আৰু ধোতিৰ সংমিশ্ৰণৰ এক পোছাক, যাক ককালৰৰ চাৰিওফালে ৰচিৰ দৰে মেৰিয়াই আঁঠুৰ তলত আগফালে ওলমাই ৰাখে। কেতিয়াবা পাগুৰিও পিন্ধে, কাণ আৰু ডিঙিত অলংকাৰ পিন্ধে। কঁকালৰ কাপোৰত পিতলৰ হেণ্ডেল থকা এখন বক্ৰ আকৃতিৰ কটাৰী বান্ধি ৰখা হয় আৰু কান্ধৰ পৰা চিৰলগৰীয়া হাতৰ কুঠাৰখন ওলমি থাকে, যাৰ অবিহনে গণ্ডসকল খুব কমেইহে ইফাল সিফাল কৰে। মাৰিয়া মহিলাসকলে সাধাৰণতে বগা ৰঙৰ ডাঠ কাপোৰৰ লোগাডা পিন্ধে আৰু ৰঙীন পাৰি থাকে, ব্লাউজ নিপিন্ধে, ডিঙিত পুৰুষৰ দৰে গুটিৰে সজাই অলঙ্কাৰ পিন্ধে। ইহঁতে সঘনাই মুখ আৰু অংগ-প্ৰত্যংগ জটিল আৰ্হিত টেটু কৰে।"১

নৃত্য

সকলো গণ্ড আৰু বিশেষকৈ মাদিয়া সকল আমোদ প্ৰিয়, নাচি ভাল পায়। গৰমৰ দিনত, শীতল জোনাক ৰাতি নিজৰ অঞ্চলবোৰত ৰাতিৰ পিছত ৰাতি গণ্ডী কোৰাছৰ ছন্দময় সুৰে চৌদিশ মুখৰিত কৰি তোলে। গাঁওখনৰ সকলো মানুহ লগ হৈ ওচৰৰ কোনোবা মুকলি ঠাইত জুইৰ চাৰিওফালে শাৰী পাতি নাচে। প্ৰিয় নৃত্যটো হ’ল ভৰিখন টানি লৈ আগবাঢ়ি যোৱা এটা অদ্ভুত তালৰ খোজ, ‘ৰে-লা’, ‘ৰে-লা’, কোৰাছ গোৱা নৃত্যশিল্পীৰ এটা ডাঙৰ মহলে একেলগে নাচিলে সুন্দৰ দেখা যায়। কিছুমান গাঁৱত, য’ত মুৰব্বীজন এই খেলবিধৰ প্ৰতি আগ্ৰহী, তাত এটা প্ৰশিক্ষিত দলে ঢোলৰ শব্দত অদ্ভুত আৰু আচৰিত ধৰণৰ ষ্টেপ ডান্স পৰিৱেশন কৰে। এই অনুষ্ঠানৰ বাবে নিজৰ শ্ৰেষ্ঠ সাজ-পোছাক পিন্ধি, হাতত বেতৰ কামৰ অদ্ভুত অলংকাৰ লৈ, ডিঙি আৰু চুলিত ফুলৰ মালা, পাখিৰে তৈয়াৰি সুন্দৰ অলংকাৰ পিন্ধি লগ হয়। বিশাল একুৰা জুইৰ পোহৰত নৃত্যশিল্পী সকলৰ অলংকাৰৰ জিলিকনি, ঢোলৰ ধপধপনি আৰু কোৰাছৰ কণ্ঠৰ বন্য সংগীতৰ লগতে একেলগে গতি কৰা বহু ভৰিৰ স্পন্দনৰ সৈতে দেখা এটা মাদিয়া নৃত্য সহজে পাহৰিব নোৱাৰা দৃশ্য। সাধাৰণতে পুৰুষ আৰু মহিলাই পৃথক পৃথক বৃত্তত নাচে কিন্তু যুৱক-যুৱতীসকলে কইনা বাছি লোৱা নৃত্যত তেওঁলোকে দম্পতীৰ লগ হৈ নাচে।১</blockquote>

বাইছন হৰ্ণ মাৰিয়া জনজাতীয় নৃত্য বাষ্টাৰ
বাইছন হৰ্ণ মাৰিয়া জনজাতীয় নৃত্য বাষ্টাৰছবি: Ramesh Lalwani · CC BY 2.0

যুৱ ডৰ্মিটৰী প্ৰথা (ঘোতুল)

মাদিয়া গণ্ডসকলৰ সংস্কৃতিত ঘোতুল প্ৰথা গভীৰভাৱে প্ৰোথিত। পৰম্পৰাগতভাৱে, প্ৰত্যেক গাঁৱত এটি ঘোতুল থাকে, য'ত অবিবাহিত নৰ-নাৰীয়ে সন্ধিয়া মিলিত হয়, খেলধেমালি কৰে, নাচে, গায় আৰু নিশালৈকে আনন্দ কৰে। কিন্তু তেওঁলোকে শুবলৈ নিজৰ ঘৰলৈ উভতি যায়। বিবাহিত মহিলাসকলৰ বাবে ঘোতুলত প্ৰৱেশ কৰা নিষিদ্ধ।১১

মুণ্ডা

মুণ্ডা হৈছে এবিধ অলংকৃত কাঠৰ খুঁটা। যুৱকৰ নিজৰ বিবাহ নিশ্চিত হোৱাৰ পিছত এই খুঁটা ঘুতুলৰ সন্মুখত ৰখা হয়। ই এক কাঠ খোদিত কৰাত তেওঁলোকৰ দক্ষতাৰ সৰ্বোত্তম উদাহৰণ। এইবোৰে আমেৰিকাৰ টটেম খুঁটাবোৰৰ কথা মনত পেলাই দিয়ে।১২

লোকবিশ্বাসৰ

ঋতুস্ৰাৱৰ বিষয়ে মাৰিয়া গণ্ডসকলে বিশ্বাস কৰে যে যোনিত এসময়ত দাঁত আছিল আৰু এই দাঁত আঁতৰোৱাৰ পিছত সেই ক্ষত স্থান কেতিয়াও সম্পূৰ্ণভাৱে শুকাই নগল। এই বিশ্বাস ঋতুস্ৰাৱ সম্পৰ্কীয় লোকবিশ্বাসৰ অংশ।১৩

স্বাস্থ্য সমস্যা

ঐতিহাসিকভাৱে, মাড়িয়া গণ্ডসকল বসন্ত ৰোগ, ছালৰ ৰোগ, আৰু গণ্ডি ৰোগ নামেৰে জনাজাত মজলীয়া ধৰণৰ কুষ্ঠ ৰোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ থাকে। লগতে, সিকল চেল এনিমিয়াৰ (sickle cell anemia) প্ৰকোপ এই জনগোষ্ঠীত অত্যন্ত বেছি।

সংশ্লিষ্ট সংস্থাসমূহ

  • ব’ৰ্ড –লোক বিৰাদাৰী প্ৰকল্প হৈছে বহু মদিয়া গণ্ডৰ বসবাস কৰা গাডচিৰোলিৰ ভামৰাগড তালুকত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কাম কৰা এটা বেচৰকাৰী সংস্থা। ১৯৭৩ চনত প্ৰতিষ্ঠা হোৱা১৪ লোক বিৰাদাৰী প্ৰকল্পৰ বাবে কাম কৰা ড° প্ৰকাশ আমটে আৰু ড° মন্দাকিনি আমটে ২০০৮ চনৰ সম্প্ৰদায় নেতৃত্বৰ বাবে ৰেমন মেগছেছে বঁটা লাভ কৰে। উদ্ধৃতিটোত ব’ৰ্ড অৱ ট্ৰাষ্টীয়ে উল্লেখ কৰিছে যে:

ট্ৰাষ্ট ব'ৰ্ডে মাড়িয়া গণ্ডসকলক আধুনিক ভাৰতত ইতিবাচকভাৱে খাপ খোৱাবলৈ সহায় কৰাৰ স্বীকৃতি দিয়ে, যাৰ অন্তৰ্গত চিকিৎসা, শিক্ষা, আৰু অন্যান্য সহানুভূতিশীল পদক্ষেপসমূহ থাকে।১৫

  • ভাৰতীয় জনজাতি সাংস্কৃতিক ঐতিহ্য ফাউণ্ডেচন: ২০০৮ চনত নেদাৰলেণ্ডৰ আমষ্টাৰডামত স্থাপিত।১৬
  • SEARCH ছ'চাইটি ফৰ এডুকেচন, একচন এণ্ড ৰিচাৰ্চ ইন কমিউনিটি হেল্থ।১৭

তথ্যসূত্ৰ

  1. ↑ Chanda District Gaztteer
  2. ↑ SHABARI ADIVASI VITTA VA VIKAS MAHAMANDAL
  3. ↑ Malekar, Anosh. (June 2006). Gadchiroli: Inside the Red Line. InfoChange News & Features
  4. ↑ Manohar V. B, Eka Nakshalwadya cha Janma
  5. ↑ Maria. Ethnologue
  6. ↑ Anuja, Geetali. (2002). Living Megalithic practices amongst the Madia gonds of Bhamragad, District Gadchiroli, Maharashtra. Purātattva. পৃ. 244
  7. ↑ Archived copy
  8. ↑ .:: Lok Biradari Prakalp::.. lokbiradariprakalp.org
  9. ↑ Yahoo! Groups
  10. ↑ Yahoo! Groups
  11. ↑ Bhanu, B. V. (2004). People of India. ISBN 9788179911006
  12. ↑ TRTI, Tribal Handicraft. trti.mah.nic.in
  13. ↑ Linke, Uli. (October 1992). Manhood, Femaleness, and Power: A Cultural Analysis of Prehistoric Images of Reproduction. Comparative Studies in Society and History. Uli Linke. পৃ. 579–620
  14. ↑ Lok Biradari Prakalp – People's Brotherhood Project
  15. ↑ Ramon Magsaysay Award Foundation. Ramon Magsaysay Award Foundation
  16. ↑ Tribal Cultural Heritage of India Foundation
  17. ↑ Tribal Cultural Heritage of India Foundation

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাদিয়া গণ্ড” প্ৰবন্ধৰ সংশোধন ৬২৪১৪৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।