অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মাটিমাহ

আমি মাটিমাহৰ পৰা মাটিদাইল পাওঁ। এক অসমীয়া খাদ্যবিশেষ। মাটিমাহ এবিধ মাহজাতীয় শস্য। দেখাত মগুমাহৰ দৰে। ইয়াৰ ৰং ক'লা কিন্তু বৰ পিছল। প্ৰবাদ অনুসৰি, পুৰণি দিনত বিভিন্ন ঘৰ, দেৱাল আদি সাজিবলৈ মাটিমাহ, হাঁহকণী আৰু বৰাচাউলৰ মিশ্ৰণ আঠা হিচাপে ব্যৱহাৰ কৰিছিল।

হালনাগাদ: ২৩ মে’ ২০২৬ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

আমি মাটিমাহৰ পৰা মাটিদাইল পাওঁ। এক অসমীয়া খাদ্যবিশেষ। মাটিমাহ এবিধ মাহজাতীয় শস্য। দেখাত মগুমাহৰ দৰে। ইয়াৰ ৰং ক'লা কিন্তু বৰ পিছল। প্ৰবাদ অনুসৰি, পুৰণি দিনত বিভিন্ন ঘৰ, দেৱাল আদি সাজিবলৈ মাটিমাহ, হাঁহকণী আৰু বৰাচাউলৰ মিশ্ৰণ আঠা হিচাপে ব্যৱহাৰ কৰিছিল। মাটিমাহ অসমীয়া সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ ব্যঞ্জন। বিশেষকৈ, খাৰ দিয়া মাটিদাইলৰ জোল অসমীয়া খাদ্যৰ অন্যতম উপাদান। ইয়াৰ উপৰিও, অসমীয়া বিবাহ আদি অনুষ্ঠানত বৰ-কন্যাক নোৱাবলৈ মাটিমাহ আৰু হালধিৰ মিশ্ৰণ তৈয়াৰ কৰি লোৱা হয়। গৰুবিহুৰ দিনা গৰুক আৰু মানুহৰ বিহুৰ দিনা মানুহে মাহ-হালধি নোৱাবলৈ ব্যৱহাৰ কৰে।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাটিমাহ” প্ৰবন্ধৰ সংশোধন ৬০৮০৫৪ (২৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।