জাপানৰ কণ্ঠশিল্পী
৮ প্ৰবন্ধ
-
ইকুয়ে আছাজাকি
ইকুয়ে আছাজাকি (朝崎 郁恵, ইংৰাজী: Ikue Asazaki; ১১ নবেম্বৰ ১৯৩৫) এগৰাকী জাপানৰ লোক-গায়ক৷ তেওঁ কাগোছিমাৰ চেটৌচিত আমামি দ্বীপপুঞ্জত ডাঙৰ-দীঘল হৈছিল৷ এই আমামি পৰম্পৰাগত সংগীত ধাৰা শ্বিমা-উটাৰ জনপ্ৰিয় গায়কৰ বাবে বিখ্যাত।
-
কাৰমেন মাকী
কাৰমেন মাকী (ইংৰাজী: Carmen Maki; ১৮ মে’, ১৯৫১) এগৰাকী জাপানী গায়িকা আৰু গীতিকাৰ৷ তেওঁ কৰ্মজীৱনৰ পাঁচ বছৰতকৈও অধিক কাল লোক-সংগীতৰ চৰ্চা কৰি আহিছে। ১৯৬৯ চনত জনপ্ৰিয়তা লাভ কৰা একক এলবাম "টকি নি ৱা হাহা নো নাই কো নো য়নি"ৰ জৰিয়তে লোক গায়ক হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত, তেওঁ দ্ৰুতগতিত ৰক সংগীত গাবলৈ…
-
ছাট'কো ইছিমিন
ছাট'কো ইছিমিন (ইংৰাজী: Satoko Ishimine; জন্ম: ৩ অক্টোবৰ ১৯৭৫) এগৰাকী জাপানী গায়িকা আৰু গীতিকাৰ৷ তেওঁ ১৯৯২ চনত কেৱল ১৬ বছৰ বয়সতে ১৬ সংখ্যক বাৰ্ষিক নাগাছাকি সংগীত মহোৎসৱৰ (16th annual Nagasaki Singing Festival) গ্ৰেণ্ড প্ৰিক্স লাভ কৰি খ্যাতি লাভ কৰে৷ ইয়াৰ ফলত তেওঁ টোছিবা ইএমআইৰ (Toshiba EMI) সৈতে…
-
ছিজুকা মিউৰা
ছিজুকা মিউৰা (জাপানী: 三浦 静香, ইংৰাজী: Shizuka Miura; ৭ মাৰ্চ ১৯৬২ – ৩১ জানুৱাৰী ২০১০) এগৰাকী জাপানী বল-সংযুক্ত পুতলা নিৰ্মাতা, গায়িকা, গীতিকাৰ আৰু গীটাৰ বাদক। পুতলাৰ কামৰ বাবে তেওঁ জাপানত স্বীকৃতি লাভ কৰিছিল। ছিজুকা নামৰ ৰক বেণ্ডৰ প্ৰতিষ্ঠাপক আৰু বাটকটীয়া হিচাপে তেওঁ বিশ্বজুৰি পৰিচিত।
-
নাগিছা চাইটো
নাগিছা চাইটো (齊藤なぎさ, Saitō Nagisa; জন্ম ৬ জুলাই, ২০০৩) এগৰাকী জাপানী অভিনেত্ৰী, মডেল আৰু প্ৰাক্তন গায়িকা। তেওঁ ২০১৭ চনৰ পৰা ২০২৩ চনলৈকে মূৰ্তি গোট =লাভৰ সদস্য হিচাপে বিশিষ্টতা লাভ কৰে। ২০২৩ চনত তেওঁ অভিনয় কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ গোটটো এৰি দিয়ে। তেওঁ মহিলাৰ ফেশ্বন আলোচনী LARME-ৰ নিয়মীয়া মডেল।
-
মাকি আছাকাৱা
মাকি আছাকাৱা (জাপানী: 浅川マキ, ইংৰাজী: Maki Asakawa; ২৭ জানুৱাৰী, ১৯৪২ – ১৭ জানুৱাৰী, ২০১০) এগৰাকী জাপানী গায়িকা, গীতিকাৰ আৰু সুৰকাৰ। "আণ্ডাৰগ্ৰাউণ্ডৰ ৰাণী" (アングラの女王, Anggura no Joō) হিচাপে পৰিচিত মাকি আছাকাৱা জাপানৰ নগৰীয়া প্ৰতিসংস্কৃতিৰ (counterculture) এগৰাকী গুৰুত্বপূৰ্ণ কণ্ঠস্বৰ আছিল।
-
মাছাকি চুদা
টাইশ্ব’ চুগো, পেচাগতভাৱে মাছাকি চুদা; ইংৰাজী: Masaki Suda নামেৰে পৰিচিত এজন জাপানী অভিনেতা আৰু গায়ক। তেওঁ ৱাইল্ডাৰনেছ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ জাপান একাডেমী চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
ৰিমি নাৎছুকাৱা
ৰিমি নাটছুকাৱা (জাপানী: 夏川 りみ, ইংৰাজী: Rimi Natsukawa; জন্ম: ৯ অক্টোবৰ ১৯৭৩) এগৰাকী জাপানী লোক-গায়িকা। ২০০১ চনত মুক্তি পোৱা তেওঁৰ একক গীত "নাডা ছ'ছ'"ৰ বাবে তেওঁ পৰিচিত।