
মাউণ্ট কিলিমাঞ্জাৰ (Kilimanjaro), টাঞ্জানিয়াৰ কিলিমাঞ্জাৰ' ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত এটা সুপ্ত আগ্নেয়গিৰি (volcanic mountain)৷ ইয়াৰ তিনিটা মূখ্য গিৰিশৃংগ আছে- কিব' (Kibo), মাৱেঞ্জি (Mawenzi), আৰু শ্বিৰা (Shira) ৷ ই আফ্ৰিকাৰ সৰ্ব্বোচ্চ পৰ্বত৷ ইয়াৰ কিব' শৃংগৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৫,৮৯৫ মিটাৰ৷১
বিৱৰণ
মাউণ্ট কিলিমাঞ্জাৰ'ৰ তিনিটা পৃথক আগ্নেয়গিৰি (volcanic cone) ৰে গঠিত৷ এইবোৰ হ'ল- কিব' 5895 মিটাৰ; মাৱেঞ্জি- 5149 মিটাৰ; আৰু শ্বিৰা- 3962 মিটাৰ. কিব' শৃংগৰ ওপৰত থকা উহুৰু (Uhuru) নামৰ শৃংগটো এই তিনিওটাৰ ভিতৰত সৰ্বোচ্চ৷
মাউণ্ট কিলিমাঞ্জাৰ' এটা সুবৃহৎ সংযুক্ত আগ্নেয়গিৰি (Stratovolcano) ৷ ইয়াৰে দুটা শৃংগ অৰ্থাৎ মাৱেঞ্জি আৰু শ্বিৰাৰ আগ্নেয়গিৰি বৰ্তমান সম্পূৰ্ণ বিলুপ্ত (extinct) ৷ কিন্তু তৃতীয় আৱু সৰ্বোচ্চ শৃংগ কিব' বৰ্তমান সুপ্ত অৱস্থাত আছে আৰু ভবিষ্যতে পুনৰ জাগ্ৰত হৈ উঠিব পাৰে৷ ইয়াৰ শেহতীয়া উদগীৰণ প্ৰায় ১৫০,০০০-২০০,০০০ বছৰ পূৰ্বে হৈছিল বুলি জনা যায়৷২
যদিউ সুপ্ত, কিব' আগ্নেয়গিৰিৰ ফুমাৰ'ল বা সুৰুঙা (Fumaroles) বোৰৰ পৰা বৰ্তমানেও বিভিন্ন গেছ নিঃসৰণ হয়৷ তাৰোপৰি অতীতত কিব'ৰ বিভিন্ন অংশত ভূমিস্খলন হোৱাৰো তথ্য পোৱা যায়৷
মশ্বি (Moshi) নামৰ চহৰৰ আশে পাশে মাউণ্ট কিলিমাঞ্জাৰ' ৰ উচ্চতা প্ৰায় 5100 মিটাৰ ৷ কিব'ৰ টিঙত সমমিত ( symmetrical) এক শংকু (cone) ৰে আৱৰি আছে৷ এই শংকুৰ গঁড়াসমূহৰ (scarps) দক্ষিণ দিশত উচ্চতা ১৮০-২০০ মিটাৰ৷ এই গঁড়াসমূহে প্ৰায় ২.৫ কিলোমিটাৰ জুৰি এটা কেলডেৰা (caldera) সৃষ্টি কৰিছে৷ এই অঞ্চলৰ মাজত থকা গাঁতসদৃশ ক্ৰেটাৰ (crater) অঞ্চলটোক 'Reusch Crater' বুলি কোৱা হয়৷ ডক্তৰ ৰিচাৰ্ড ৰেউশ্বে ৬৫ বাৰ কৰা কিলিমাঞ্জাৰ'ৰ পৰ্বতাৰোহণৰ স্মৃতিতে টাঞ্জানিয়াৰ চৰকাৰে এই অঞ্চলৰ তেওঁৰ উপাধিৰে নামকৰণ কৰে৷৩৪ ৫
জৈৱবৈচিত্ৰ্য
আফ্ৰটপিক অঞ্চলত অৱস্থিত এক স্কাই আইলেণ্ড (Afromontane sky island) হোৱাৰ বাবে কিলিমাঞ্জাৰ' জৈৱবৈচিত্ৰ্যত অত্যন্ত চহকী৷ ইয়াৰ জায়েণ্ট গ্ৰাউণ্ডচেল (giant groundsels) এবিধ endemic উদ্ভিদ৷ সাগৰ পৃষ্ঠৰ পৰা ৩০০০ মিটাৰ উচ্চতাত কিলিমাঞ্জাৰ'ৰ বনাঞ্চলৰ প্ৰকাৰ বৈচিত্ৰ্যপূৰ্ণ৷ এই অঞ্চলত প্ৰায় ১২০০বিধ vascular উদ্ভিদৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰ ভিতৰত Montane Ocotea, Cassipourea, Juniperus আদি প্ৰধান৷ তাৰোপৰি ইয়াৰ ৮,১০০ উচ্চতাত Subalpine Erica বনাঞ্চল দেখা যায়৷
লগতে চাওক
- Dundas, Sir Charles (1924) Kilimanjaro and Its People: A History of the Wachagga, Their Laws, Customs and Legends, Together with Some Account of the Highest Mountain in Africa 1st Edition London: Cass.
- Ernest Hemingway, "The Snows of Kilimanjaro".
বাহ্যিক সংযোগ
- Mount Kilimanjaro National Park
- NASA Earth Explorer page
- Glacial recession of Southern Icefields
- Mt Kilimanjaro live webcam
- Kilimanjaro Flora Picture Gallery
- Aerial photographs of Mount Kilimanjaro, 1937-38—University of Wisconsin-Milwaukee Libraries Digital Collections
- Kilimanjaro
- How hard is it to climb Mount Kilimanjaro?
তথ্যসূত্ৰ
- ↑ the Kilimanjaro 2008 Precise Height Measurement Expedition. Precise Determination of the Orthometric Height of Mt. Kilimanjaro
- ↑ Nonnotte, Philippe. (2008). New K-Ar age determinations of Kilimanjaro volcano in the North Tanzanian diverging rift, East Africa. Journal of Volcanology and Geothermal Research. পৃ. 99–112
- ↑ আৰ্কাইভ কপি
- ↑ The Power of Purpose: Find Meaning, Live Longer. Richard J Leider. page 13
- ↑ On Thin Ice. Mark Bowen. 2005. ISBN 0-8050-6443-5. page 342. Explore Mount Kilmanjaro. fold out map
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাউণ্ট কিলিমাঞ্জাৰ'” প্ৰবন্ধৰ সংশোধন ৬৩২৯৬৫ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।