আগ্নেয়গিৰি
১০ প্ৰবন্ধ
-
আগ্নেয়গিৰি
আগ্নেয়গিৰি বা জ্বালামুখী (Volcano ) দেখাত পিৰামিডৰ দৰে শাংকব৷ আগ্নেয়গিৰিৰ মুখখনক জ্বালামুখ বোলা হয়৷ ইয়াৰ মুখৰপৰা ভূগৰ্ভৰ অন্তৰ্ভাগলৈ এডাল নলী থাকে৷ নলীডাল একেবাৰে মেগমা গহ্বৰ পায়গৈ৷ আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত ধোঁৱা,ছাই,লাভা আদি এই নলীয়েদি ওলাই আহি ধৰাপৃষ্ঠ পায়হি৷ যিবোৰ পৰ্ব্বত বা পাহাৰৰ…
-
মেৰাপি
মাউণ্ট মেৰাপি হৈছে ইণ্ডোনেছিয়াৰ মধ্য জাভা প্ৰদেশ আৰু যোগ্যকাৰ্টা বিশেষ অঞ্চলৰ সীমান্তত অৱস্থিত এটা সক্ৰিয় স্তৰ আগ্নেয়গিৰি। ই ইণ্ডোনেছিয়াৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰি আৰু ১৫৪৮ চনৰপৰা নিয়মিতভাৱে বিস্ফোৰণ ঘটি আছে।
-
ছাম্বিং
ছাম্বিং বা মাউণ্ট ছাম্বিং (গুনুং ছাম্বিং) ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা সক্ৰিয় আগ্নেয়গিৰিৰ স্তৰ। এই আগ্নেয়গিৰিটো ইয়াৰ উত্তৰ-পশ্চিমে অৱস্থিত ইয়াৰ চুবুৰীয়া মাউণ্ট সুন্দৰোৰ দৰেই প্ৰতিসম। প্ৰশাসনিকভাৱে, আগ্নেয়গিৰিটো ৩টা ৰিজেন্সিৰ মাজত বিভক্ত: টেমাংগুং, ৱনোছবো, আৰু মাগেলাং।
-
মাউণ্ট কিলিমাঞ্জাৰ'
মাউণ্ট কিলিমাঞ্জাৰ (Kilimanjaro), টাঞ্জানিয়াৰ কিলিমাঞ্জাৰ' ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত এটা সুপ্ত আগ্নেয়গিৰি (volcanic mountain)৷ ইয়াৰ তিনিটা মূখ্য গিৰিশৃংগ আছে- কিব' (Kibo), মাৱেঞ্জি (Mawenzi), আৰু শ্বিৰা (Shira) ৷ ই আফ্ৰিকাৰ সৰ্ব্বোচ্চ পৰ্বত৷ ইয়াৰ কিব' শৃংগৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৫,৮৯৫…
-
সুন্দৰো
মাউণ্ট সুন্দৰো বা চিণ্ডোৰো বা চিণ্ডাৰা ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা অৰ্ধ-সক্ৰিয় স্তৰ আগ্নেয়গিৰি। উত্তৰ-পশ্চিম-দক্ষিণ ফালে পৰজীৱী গহ্বৰ আৰু আগ্নেয়গিৰিৰ শংকু পোৱা যায়; আটাইতকৈ ডাঙৰটোৰ নাম কেম্বাং। এটা সৰু লাভা গম্বুজে আগ্নেয়গিৰিটোৰ শিখৰ দখল কৰিছে।
-
অলিম্পাছ মনছ
অলিম্পাছ মনছ (ইংৰাজী: Olympus Mons;) মঙ্গল গ্ৰহত থকা এটা বিশাল ঢাল আগ্নেয়গিৰি। আগ্নেয়গিৰিটোৰ উচ্চতা প্ৰায় ২৫ কিলোমিটাৰ (১৩.৬ মিটাৰ আৰু ৭২,০০০ ফুট)। মাৰ্চ অৰবিটাৰ লেজাৰ এল্টিমিটাৰৰ (MOLA) সহায়ত ইয়াৰ উচ্চতা জোখা হৈছে।
-
মেৰবাবু
মাউণ্ট মেৰবাবু (ইণ্ডোনেছিয়া:গুনুং মেৰবাবু ) ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ মধ্য জাভা প্ৰদেশৰ এটা নিদ্ৰিত আগ্নেয়গিৰি। জাভানীজ সংযুক্ত শব্দৰপৰা মেৰবাবু নামটোক শিথিলভাৱে ‘ছিৰ পৰ্বত’ বুলি অনুবাদ কৰিব পাৰি; মেৰুৰ অৰ্থ "পৰ্বত" আৰু ৱু বা আবুৰ অৰ্থ "ছাই।" সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট মেৰাপি ইয়াৰ দক্ষিণ-পূব…
-
ইয়' জিমা
ইয়' জিমা, officially Iō-tō, হৈছে জাপানৰ তিনিটা আগ্নেয়গিৰি দ্বীপৰ মাজৰটো। পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত এই দ্বীপটো প্ৰায় ৫ মাইল (৮ কি:মি:) দীঘল, ৭৩০ মিটাৰ-৪ কি:মি: বহল, আৰু ইয়াৰ মাটিকালি ৮ বৰ্গমাইল (২০ বৰ্গকি:মি:)। ই ট'কিয়' পৰা ৬৫০ নটিকেল মাইল (৭৫০ মাইল; ১২০০ কি:মি:) দূৰত অৱস্থিত।
-
বেৰেন দ্বীপ, আন্দামান
বেৰেন দ্বীপ আন্দামান সাগৰত অৱস্থিত এখন দ্বীপ। ভাৰত মহাসাগৰৰ বংগোপসাগৰত অৱস্থিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আন্দামান দ্বীপসমূহৰ পূবে এই দ্বীপ অৱস্থিত। বেৰেন দ্বীপত অৱস্থিত বেৰেন আগ্নেয়গিৰি দক্ষিণ এছিয়াৰ একমাত্ৰ প্ৰমাণিত সক্ৰিয় আগ্নেয়গিৰি।
-
লাগুনা ডেল মাউলে (আগ্নেয়গিৰি)
লাগুনা ডেল মাউলে (Laguna del Maule) হৈছে চিলিৰ এণ্ডিজ পৰ্বতমালাৰ এক আগ্নেয়ক্ষেত্ৰ। ই আৰ্জেণ্টিনা-চিলি সীমান্তৰ ওচৰত অৱস্থিত, আৰু আংশিকভাৱে এই সীমান্ত অতিক্ৰমো কৰিছে। আগ্নেয়ক্ষেত্ৰৰ বেছিভাগ চিলিৰ মাউলে অঞ্চলৰ টালকা প্ৰদেশত আছে। ই দক্ষিণ আগ্নেয়গিৰি অঞ্চলৰ এটা অংশ, এণ্ডিয়ান আগ্নেয়গিৰি বেল্টৰ অংশ।