অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

মাইঅ'কাৰ্দিয়েল ইনফাৰ্কচন

মাইঅ'কাৰ্দিয়েল ইনফাৰ্কচন সাধাৰণতে হাৰ্ট এটেকবুলিয়েই জনা যায়, হৃদযন্ত্ৰ কোনো অংশলৈ ৰক্ত প্ৰৱাহ বন্ধ হোৱাৰ ফলত হৃদ পেশীৰ ক্ষতিসাধনৰ বাবে হয়। সাধাৰণ লক্ষণবোৰ হৈছে বুকুৰ বিষ বা অস্বস্থি অনুভৱ কৰা, যি বাহু, কান্ধ, পিঠি, ডিঙি অথবা হনুলৈকে বিয়পিব পাৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মাইঅ'কাৰ্দিয়েল ইনফাৰ্কচন সাধাৰণতে হাৰ্ট এটেকবুলিয়েই জনা যায়, হৃদযন্ত্ৰ কোনো অংশলৈ ৰক্ত প্ৰৱাহ বন্ধ হোৱাৰ ফলত হৃদ পেশীৰ ক্ষতিসাধনৰ বাবে হয়। সাধাৰণ লক্ষণবোৰ হৈছে বুকুৰ বিষ বা অস্বস্থি অনুভৱ কৰা, যি বাহু, কান্ধ, পিঠি, ডিঙি অথবা হনুলৈকে বিয়পিব পাৰে। প্ৰায়ে কেবা মিনিট পৰ্যন্ত বুকুৰ মাজভাগত বা সামান্য বাওঁফালে বিষ অনুভৱ হয়। কেতিয়াবা বুকু জ্বলনৰ দৰেও অনুভৱ হয়। অন্যান্য কিছুমান লক্ষণ হৈছে, উশাহ চুটি হোৱা,বমি বমি ভাৱ(Nausea), দুৰ্বল অনুভৱ কৰা, ঠাণ্ডা ঘাম, বা ভাগৰ লগা।১ প্ৰায় ৩০% লোকৰ অসাধাৰণ লক্ষণ,২ সাধাৰণতে পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেচি দেখা পোৱা যায়।৩ ৭৫ বছৰতকৈ অধিক বয়সৰ লোক সকলৰ প্ৰায় ৫%ৰে MI থাকে, যদিও লক্ষণবোৰ কমকৈ দেখা দিয়ে নাইবা একেবাৰে দেখা নিদিয়ে।৪ ইয়াৰ ফলত হৃদযন্ত্ৰৰ বিকলতা, অস্বাভাৱিক হৃদস্পন্দন বা কাৰ্দিয়াক এৰেষ্ট হ'ব পাৰে।৫৬

বেচিভাগ MI ক'ৰনেৰি সিৰাৰ ৰোগৰ বাবে হয়।৫ অন্যান্য কাৰকবোৰ হৈছে, উচ্চ ৰক্তচাপ, ধুম্ৰপান, বহুমূত্ৰ ৰোগ, ব্যায়াম নকৰা, মেদবহুলতা, তেজত ক'লেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱা, সুষম আহাৰ নোখোৱা, আৰু অত্যধিক সুৰা পান কৰা আদি।৭৮ অন্যান্য কাৰকৰ লগতে ক'কেইন, বিশেষ আবেগিক চাঁপ, অত্যধিক ঠাণ্ডাৰ বাবে হোৱা সিৰাৰ সমস্যাৰ বাবেও কেতিয়াবা এই ৰোগ হয়।৯১০ ইলেক্ট্ৰ'কাৰ্দিঅ'গ্ৰাম (ECGs), তেজ পৰীক্ষা, আৰু ক'ৰনেৰি এঞ্জিঅ'গ্ৰাফি আদিৰ দ্বাৰা ৰোগ নিৰ্ধাৰণ কৰা হয়।১১

MI বুলি সন্দেহ হ'লে এছপিৰিণৰ দ্বাৰা তাৎক্ষণিক চিকিৎসা কৰা হয়।১২ সামগ্ৰিক ফলাফল ভাল নহ'লেও, নাইট্ৰ'গ্লিচাৰিণ বা অ'পিঅইডৰ দ্বাৰা বুকুৰ বিষ কিছু কমাব পাৰি।২১২ অক্সিজেনৰ স্তৰ অভাৱ হোৱা বা শ্বাস-প্ৰশ্বাস চুটি হোৱা ৰোগী সকলক অক্সিজেনৰ যোগান ধৰা হয়।১২ সিৰাৰ অৱৰোধ আৰু মধুমেহৰ বাবে হোৱা ৰোগৰ ক্ষেত্ৰত, বাইপাছ অপাৰেচন (CABG) কৰা হয়।১৩ MIত আক্ৰান্ত হ'লে, বিশেষভাৱে অনুমোদিত কাৰ্যপন্থা হৈছে উন্নীত জীৱনশৈলী, এছপিৰিনৰ দ্বাৰা দীৰ্ঘম্যাদী চিকিৎসা, বিটা ব্লকাৰ, আৰু ষ্টেটিন।২

বিশ্বজুৰি প্ৰতিবছৰে প্ৰায় ৩ নিযুত লোক MIত আৰু ৪ নিযুত লোক NSTEMIত আক্ৰান্ত হয়।১৪ মহিলাতকৈ দুগুণ বেছি পুৰুষ STEMIত আক্ৰান্ত হয়।১৫ যুক্ত ৰাষ্ট্ৰত বছৰি প্ৰায় এক নিযুত লোক MIত আক্ৰান্ত হয়।৫ উন্নত দেশবোৰত STEMIত আক্ৰান্ত ১০% ৰোগীৰ মৃত্যুৰ সম্ভাৱনা থাকে।২ ১০৯০ আৰু ২০১০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে নিৰ্দিষ্ট বয়সৰ MIৰ হাৰ বহুগুণে হ্ৰাস পাইছে।১৬

তথ্যসূত্ৰ

  1. ↑ (September 29, 2014). What Are the Signs and Symptoms of Coronary Heart Disease?. http://www.nhlbi.nih.gov/
  2. ↑ Task Force on the management of ST-segment elevation acute myocardial infarction of the European Society of Cardiology, (ESC); Steg, PG; James, SK. (October 2012). ESC Guidelines for the management of acute myocardial infarction in patients presenting with ST-segment elevation.. European heart journal. পৃ. 2569–619
  3. ↑ Coventry, LL; Finn, J; Bremner, AP. (2011). Sex differences in symptom presentation in acute myocardial infarction: a systematic review and meta-analysis.. Heart & lung: the journal of critical care. পৃ. 477–91
  4. ↑ Valensi P, Lorgis L, Cottin Y; Lorgis; Cottin. (March 2011). Prevalence, incidence, predictive factors and prognosis of silent myocardial infarction: a review of the literature. Arch Cardiovasc Dis. পৃ. 178–88
  5. ↑ (December 17, 2013). What Is a Heart Attack?. http://www.nhlbi.nih.gov/
  6. ↑ (Jul 30, 2014). Heart Attack or Sudden Cardiac Arrest: How Are They Different?. http://www.heart.org/
  7. ↑ Mehta, PK; Wei, J; Wenger, NK. (16 October 2014). Ischemic heart disease in women: A focus on risk factors.. Trends in Cardiovascular Medicine. পৃ. 140–151
  8. ↑ Mendis, Shanthi; Puska,, Pekka. (2011). Global atlas on cardiovascular disease prevention and control. World Health Organization in collaboration with the World Heart Federation and the World Stroke Organization. পৃ. 3–18. ISBN 9789241564373
  9. ↑ (December 17, 2013). What Causes a Heart Attack?. http://www.nhlbi.nih.gov
  10. ↑ Devlin, RJ; Henry, JA. (2008). Clinical review: Major consequences of illicit drug consumption.. Critical care (London, England). পৃ. 202
  11. ↑ (December 17, 2013). How Is a Heart Attack Diagnosed?. http://www.nhlbi.nih.gov/
  12. ↑ O'Connor, RE; Brady, W; Brooks, SC. (2 November 2010). Part 10: acute coronary syndromes: 2010 American Heart Association Guidelines for Cardiopulmonary Resuscitation and Emergency Cardiovascular Care.. Circulation. পৃ. S787-817
  13. ↑ Hamm CW, Bassand JP, Agewall S, Bax J, Boersma E, Bueno H, Caso P, Dudek D, Gielen S, Huber K, Ohman M, Petrie MC, Sonntag F, Uva MS, Storey RF, Wijns W, Zahger D. (December 2011). ESC Guidelines for the management of acute coronary syndromes in patients presenting without persistent ST-segment elevation: The Task Force for the management of acute coronary syndromes (ACS) in patients presenting without persistent ST-segment elevation of the European Society of Cardiology (ESC). Eur. Heart J.. পৃ. 2999–3054
  14. ↑ White HD, Chew DP; Chew. (August 2008). Acute myocardial infarction. Lancet. পৃ. 570–84
  15. ↑ O'Gara PT, Kushner FG, Ascheim DD, Casey DE, Chung MK, de Lemos JA, Ettinger SM, Fang JC, Fesmire FM, Franklin BA, Granger CB, Krumholz HM, Linderbaum JA, Morrow DA, Newby LK, Ornato JP, Ou N, Radford MJ, Tamis-Holland JE, Tommaso CL, Tracy CM, Woo YJ, Zhao DX, Anderson JL, Jacobs AK, Halperin JL, Albert NM, Brindis RG, Creager MA, DeMets D, Guyton RA, Hochman JS, Kovacs RJ, Kushner FG, Ohman EM, Stevenson WG, Yancy CW. (Jan 29, 2013). 2013 ACCF/AHA guideline for the management of ST-elevation myocardial infarction: a report of the American College of Cardiology Foundation/American Heart Association Task Force on Practice Guidelines.. Circulation. পৃ. e362–425
  16. ↑ Moran, AE; Forouzanfar, MH; Roth, GA. (8 April 2014). The global burden of ischemic heart disease in 1990 and 2010: the Global Burden of Disease 2010 study.. Circulation. পৃ. 1493–501

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইঅ'কাৰ্দিয়েল ইনফাৰ্কচন” প্ৰবন্ধৰ সংশোধন ৬২৪৩৫৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।