ৰীমা লাম্বা (জন্ম ২৪ অক্টোবৰ ১৯৭৬), যিগৰাকী তেওঁৰ মঞ্চনাম মল্লিকা শ্বেৰাৱত নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত কাম কৰে। ‘খুৱাইচ’ (২০০৩) আৰু ‘মাৰ্ডাৰ’ (২০০৪)ৰ দৰে ছবিত কৰা সাহসী অভিনয়ৰ বাবে পৰিচিত শ্বেৰাৱতে বলিউডত নিজকে এগৰাকী ‘ছেক্স চিম্বল’ হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁ কেইবাটাও জনপ্ৰিয় ‘আইটেম নাম্বাৰ’ত অভিনয় কৰাৰ বাবেও জনাজাত।
ৰোমাণ্টিক কমেডী ছবি ‘প্যাৰ কে ছাইড ইফেক্টছ’ (২০০৬)-ত আগবঢ়োৱা শ্বেৰাৱতৰ অভিনয় দৰ্শকে আদৰি লৈছিল। ইয়াৰ পিছত তেওঁ ‘আপ কা চুৰুৰ’, ‘ৱেলকাম’ (দুয়োখন ২০০৭), ‘দশাৱতাৰম’ (২০০৮) — যিখন তেওঁৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ ব্যাৱসায়িক সফলতা — আৰু ‘ডাবল ধামাল’ (২০১১)-ত অভিনয় কৰে। ভাৰতীয় ছবিৰ উপৰি তেওঁ চীনা ছবি ‘দ্য মিথ’ (২০০৫) আৰু ‘টাইম ৰেইডাৰ্ছ’ (২০১৬)-ত অভিনয় কৰিছে। ‘হিছ’ (২০১০) আৰু ‘পলিটিক্স অৱ লাভ’ (২০১১)ৰ দৰে ছবিৰ জৰিয়তে হলিউডত খোপনি পুতিবলৈ চেষ্টা কৰা কেইগৰাকীমান বলিউড তাৰকাৰ ভিতৰত তেওঁ অন্যতম।
প্ৰাৰম্ভিক জীৱন
শ্বেৰাৱতৰ জন্ম হাৰিয়ানাৰ হিচাৰ জিলাৰ এখন সৰু গাঁও মথত এটা জাট পৰিয়ালত হৈছিল। তেওঁৰ জন্মৰ নাম আছিল ৰীমা লাম্বা।১২ মল্লিকাৰ পিতৃ মুকেশ কুমাৰ লাম্বা আৰু তেওঁ এজন অগ্ৰণী জাট সমাজহিতৈষী শেঠ ছাজু ৰামৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।৩ ৰীমা নামৰ আন অভিনেত্ৰীসকলৰ সৈতে বিভ্ৰান্তি এৰাই চলিবলৈ তেওঁ "মল্লিকা" (অৰ্থ: সম্ৰাজ্ঞী) নামটো গ্ৰহণ কৰিছিল।৪ আনহাতে "শ্বেৰাৱত" তেওঁৰ মাতৃৰ বিয়াৰ পূৰ্বৰ উপাধি।৫ তেওঁ উল্লেখ কৰিছে যে মাতৃয়ে আগবঢ়োৱা সমৰ্থনৰ বাবেই তেওঁ মাতৃৰ উপাধিটো ব্যৱহাৰ কৰে।৪ যদিও চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ সময়ত তেওঁৰ পৰিয়ালৰ সৈতে সম্পৰ্ক বিঘ্নিত হৈছিল,৬ কিন্তু বৰ্তমান শ্বেৰাৱতৰ পৰিয়ালে তেওঁৰ কেৰিয়াৰ গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ মাজত মিলা-প্ৰীতি হৈছে।৩
শ্বেৰাৱতে দিল্লী পাব্লিক স্কুল (মথুৰা ৰোড)ত পঢ়া-শুনা কৰিছিল।৭ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মিৰাণ্ডা হাউচৰপৰা দৰ্শন (Philosophy) বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে।৮ কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনবোৰত তেওঁ দাবী কৰিছিল যে তেওঁ অতি ৰক্ষণশীল গাঁৱলীয়া পৰিয়ালৰপৰা আহিছে আৰু নিজৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত তেওঁ বহু বাধাৰ সন্মুখীন হৈছে।৯ অৱশ্যে শ্বেৰাৱতৰ পৰিয়ালে এই কথা খণ্ডন কৰি কয় যে এয়া তেওঁ নিজেই সৃষ্টি কৰা এটা কাহিনী আছিল যাতে বলিউডত এগৰাকী গাঁৱলীয়া ছোৱালীয়ে ডাঙৰ সফলতা লাভ কৰাৰ দৰে এটা আৱাহৰ সৃষ্টি হয়।৬
তথ্যসূত্ৰ
- ↑ (7 October 2013). It's difficult for me to get over my father's betrayal: Mallika Sherawat. The Times of India
- ↑ Vickey Lalwani. (5 October 2004). 'Dharamji and Mallika plan to set screens on fire!. Rediff
- ↑ Deepender Deswal. (25 January 2011). Mallika's great grandfather more popular than her at her native village in Haryana. The Times of India
- ↑ (24 September 2005). Youngsters to change the rule in Bollywood: Mallika Sherawat. Outlook India
- ↑ Trivia from official website
- ↑ (10 May 2004). Mallika exposed: These are the true lies. The Indian Express
- ↑ Delhi Public School, Mathura Road. Zemu.in
- ↑ Malavika Sangghvi. (24 April 2005). I want a man who has more balls than I do. The Times of India
- ↑ (11 April 2004). Viagra & the Nun. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মল্লিকা শ্বেৰাৱত” প্ৰবন্ধৰ সংশোধন ৬৩০৬২৮ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।