অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মনোবৈজ্ঞানিক হ'ৰৰ

মনোবৈজ্ঞানিক হ'ৰৰ (Psychological horror) হৈছে হ'ৰৰ (আতংকধৰ্মিতা) আৰু মনস্তাত্তিক কল্পকাহিনীৰ এটা উপশ্ৰেণী। এইধৰণৰ শ্ৰেণীত মানসিক, আৱেগিক, মনোবৈজ্ঞানিক স্থিতিটোক বিশেষভাৱে গুৰুত্ব দিয়া হয় আৰু তাৰ জৰিয়তে দৰ্শক-পাঠকক আতংকিত, বিৰক্ত আৰু অসহজ কৰিবলৈ প্ৰয়াস কৰা হয়।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৪২৯ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মনোবৈজ্ঞানিক হ'ৰৰ (Psychological horror) হৈছে হ'ৰৰ (আতংকধৰ্মিতা) আৰু মনস্তাত্তিক কল্পকাহিনীৰ এটা উপশ্ৰেণী। এইধৰণৰ শ্ৰেণীত মানসিক, আৱেগিক, মনোবৈজ্ঞানিক স্থিতিটোক বিশেষভাৱে গুৰুত্ব দিয়া হয় আৰু তাৰ জৰিয়তে দৰ্শক-পাঠকক আতংকিত, বিৰক্ত আৰু অসহজ কৰিবলৈ প্ৰয়াস কৰা হয়। এই উপশ্ৰেণীটোক প্ৰায়েই মনোবৈজ্ঞানিক থ্ৰিলাৰ নামৰ আন এটা উপশ্ৰেণীৰ লগত সংযুক্ত কৰা হয়, আৰু প্ৰায়েই এই শ্ৰেণীটোৱে ৰহস্যধৰ্মী উপাদান; আৰু অস্থিৰ, বিশ্বাস-অযোগ্য আৰু বিৰক্তিকৰ মনোবৈজ্ঞানিক স্থিতিৰ ব্যৱহাৰ কৰে আৰু তাৰ জৰিয়তে উপস্থাপন তথা পটভূমিৰ উত্তেজনা, নাটকীয়তা, আখ্যান, মস্তিষ্কবিকৃতি বৃদ্ধি কৰে। ইয়াৰ জৰিয়তে সামগ্ৰিকভাৱে একধৰণৰ অপ্ৰীতিকৰ, উদ্বেগজনক আৰু বিৰক্তিকৰ বাতাৱৰণৰ সৃষ্টি হয়।১

উপন্যাস

থ'মাছ হেৰিছৰ উপন্যাস "দ্য ছাইলেন্স অৱ দ্যা লেম্বছ", ৰবাৰ্ট ব্লখেৰ উপন্যাস যেনে- "ছাইকো" আৰু "আমেৰিকান গথিক", ষ্টিফেন কিঙৰ উপন্যাস যেনে- "কেৰি", "মিজাৰি", "দ্য ছাইনিং" হৈছে মনোবৈজ্ঞানিক হ'ৰৰ উদাহৰণ। কল্পনাশ্ৰয়ী সাহিত্যৰ ক্ষেত্ৰত চাৰ্লি জেকচনৰ "উই হেভ অলৱেইছ লিভড ইন দ্য কেচল"ক প্ৰায়েই এখন মনোবৈজ্ঞানিক হ'ৰৰ হিচাপে চিহ্নিত কৰা হয়।

ছবি

পৰম্পৰাগত আতংকধৰ্মী ছবিৰ পৰা মনোবৈজ্ঞানিক আতংকধৰ্মী ছবিক সাধাৰণতে পৃথককৈ ৰখা হয়। সাধাৰণতে আতংকধৰ্মী ছবিবোৰত জন্তু, দানৱ, ছিৰিয়েল কিলাৰ, বৰ্হিজগতৰ প্ৰাণীক ভয়ংকৰভাৱে আৰু বীভৎসৰূপত উপস্থাপন কৰা হয়।২ একেদৰে splatter বা slasher শ্ৰেণীৰ ছবিৰ পৰাও এই শ্ৰেণীৰ ছবি পৃথক; যিবোৰৰ আধাৰ হয় হিংসা নাইবা ৰক্তাক্তমূলক প্ৰভাৱ।৩ মনোবৈজ্ঞানিক হ'ৰৰ ছবিৰ ভেটিটো তৈয়াৰ কৰা হয় পৰিৱেশৰ জৰিয়তে; য'ত সাধাৰণতে আজৱ শব্দ ব্যৱহাৰ কৰা হয় আৰু চৰিত্ৰৰ মনস্তাত্তিক ভয়বোৰক দৰ্শকৰ সমুখত উপস্থাপন কৰা হয়। পৰ্দাত সৃষ্টি হোৱা ভয়ৰ বিপৰীতে এইশ্ৰেণীৰ ছবিয়ে দৰ্শকৰ নিজা কল্পনাজগতখনতহে সংকটৰ সৃষ্টি কৰে। অৱশ্যে এইটো শ্ৰেণীৰে কিছুমান ছবিত আতংকসৃষ্টিকাৰী পাৰ্থিৱ উৎস থাকিব পাৰে, নতুবা ৰক্তাক্ত পৰিৱেশৰ সূচনা হ'ব পাৰে।

দ্য ব্লেক কেট (১৯৩৪) আৰু কেট পিপল (১৯৪২) নামৰ ছবি দুখনক সৰ্বপুৰণি মনোবৈজ্ঞানিক হ'ৰৰ ছবিৰ মৰ্যাদা দিয়া হয়।৪৫৬

ৰোমান পল'নস্কিয়ে পৰিচালনা কৰা দুখন বিশেষ ছবিক বিশুদ্ধ মনোবৈজ্ঞানিক হ'ৰৰ ছবি বুলি কোৱা হয়: ৰিপালছন (১৯৬৫) আৰুৰ'জমেৰিছ বেবি (১৯৬৮).৭৮ ষ্টেনলি কুবৰিকে ১৯৮০ চনত নিৰ্মাণ কৰা দ্য ছাইনিং নামৰ ছবিখন ওপৰত উল্লেখ কৰা ষ্টিফেন কিঙৰ একেনামৰ উপন্যাসৰ আধাৰত। এইখন ছবিকো এইটো শ্ৰেণীৰে এখন উল্লেখযোগ্য ছবি হিচাপে বিবেচিত কৰা হয়।৯ জনাথন ডেমিয়ে পৰিচালনা কৰা দ্য ছাইলেন্স অৱ দ্যা লেম্বছ (১৯৯১) হৈছে মনোবৈজ্ঞানিক হ'ৰৰ ছবিৰ আৰু এটা উদাহৰণ। অৱশ্যে এইখন ছবিত থ্ৰিলাৰৰ বৈশিষ্ট্যসমূহো পৰিলক্ষিত হয়।১০১১ এইটো শ্ৰেণীৰ কেইখনমান শেহতীয়া ছবি হৈছে- ডাৰেন এৰনোফেস্কিৰ ব্লেক শ্বান (২০১০), "দ্য বাবডুক" (২০১৪), ইট ফলৌছ (২০১৫), জৰ্দান পিলেৰ গেট আউট (২০১৭), হেৰিডিটেৰি (২০১৮), দ্য লাইটহাউছ (২০১৯) আদি।

গিয়াল্লো (giallo) নামৰ ইটালী ছবিৰ শ্ৰেণীটোত সাধাৰণতে মনোবৈজ্ঞানিক হ'ৰৰ বা মনোবৈজ্ঞানিক হ'ৰৰৰ উপাদান ব্যৱহৃত হয়। এছিয়াৰ দেশসমূহতো এইটো উপশ্ৰেণীৰ ছবি দেখিবলৈ পোৱা যায়। জাপানৰ হ'ৰৰ ছবিক সাধাৰণতে জে-হৰৰ (J-horror) বুলি জনা যায়। এই শ্ৰেণীতো সচৰাচৰ মনোবৈজ্ঞানিক হ'ৰৰৰেই বৈশিষ্ট্য পৰিলক্ষিত হয়।১২ উল্লেখযোগ্য উদাহৰণ হৈছে- ৰিং (১৯৯৮) আৰু জু-অন চিৰিজ।১৩ কোৰিয়াৰ হ'ৰৰ ছবিক কে-হৰৰ বুলি কোৱা হয়।১৪ উদাহৰণস্বৰূপে এ টেল অৱ টু চিছটাৰ্ছ (২০০৩), হানছেল এণ্ড গ্ৰিটেল (২০০৭), আৰু হুইছপাৰিং কৰিডৰছ্ (১৯৯৮)।১৫ ফিলিপাইনৰ এখন প্ৰভাৱশালী মনোবৈজ্ঞানিক হ'ৰৰ ছবি হৈছে কিছাপমাতা (Kisapmata, ১৯৮১)।

তথ্যসূত্ৰ

  1. ↑ (Wed, 2018-10-17 09:58). Psychological Thrillers and Psychological Suspense. BCLS
  2. ↑ Hayward 2006, পৃ. 148
  3. ↑ Hayward 2006, পৃ. 148
  4. ↑ Skal, David J. (15 October 2001). The Monster Show: A Cultural History of Horror. Macmillan. পৃ. 180. ISBN 0571199968
  5. ↑ Hayward 2006, পৃ. 148
  6. ↑ Strinati, Dominic. (31 August 2000). An Introduction to Studying Popular Culture. Routledge. পৃ. 90. ISBN 0415157668
  7. ↑ Browne, Ray B.; Browne, Pat. (15 June 2001). The Guide to United States Popular Culture. Popular Press. পৃ. 411. ISBN 0879728213
  8. ↑ Mazierska, Ewa. (15 June 2007). Roman Polanski: The Cinema of a Cultural Traveller. I.B.Taurus. পৃ. 89. ISBN 1845112970
  9. ↑ Kawin, Bruce F. (25 June 2012). Horror and the Horror Film. Anthem Press. পৃ. 115. ISBN 0857284495
  10. ↑ THE SILENCE OF THE LAMBS And Horror Aversion At The Oscars. birthmoviesdeath.com. Britt Hayes
  11. ↑ Top 10 Psychological Horror Movies - Alternative Reel. Alternative Reel
  12. ↑ Reid 2009, পৃ. 163
  13. ↑ Reid 2009, পৃ. 163
  14. ↑ Reid 2009, পৃ. 163
  15. ↑ Reid 2009, পৃ. 163

সম্পৰ্কিত শ্ৰেণী

সাহিত্যচলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোবৈজ্ঞানিক হ'ৰৰ” প্ৰবন্ধৰ সংশোধন ৩৮৫৬৬৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।