অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভূটানী সাহিত্য

ভূটানী সাহিত্য হ'ল ভূটানত প্ৰচলিত জোংখা, নেপালী আদি বিভিন্ন ভাষাত লিখা সাহিত্য। আধুনিক ভূটানী সাহিত্য চৰ্চা ১৯৫০ চনৰ পৰা আৰম্ভ হয়। আগতে ভূটানী সাহিত্য ধৰ্মীয় শিক্ষাক কেন্দ্ৰ কৰি আছিল। আধুনিক ভূটানী সাহিত্য লোককথাৰ ওপৰত অধিক কেন্দ্ৰিত।

হালনাগাদ: ১৪ এপ্ৰিল ২০২৫ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভূটানী সাহিত্য হ'ল ভূটানত প্ৰচলিত জোংখা, নেপালী আদি বিভিন্ন ভাষাত লিখা সাহিত্য। আধুনিক ভূটানী সাহিত্য চৰ্চা ১৯৫০ চনৰ পৰা আৰম্ভ হয়। আগতে ভূটানী সাহিত্য ধৰ্মীয় শিক্ষাক কেন্দ্ৰ কৰি আছিল। আধুনিক ভূটানী সাহিত্য লোককথাৰ ওপৰত অধিক কেন্দ্ৰিত।

বিকাশ

ভূটানৰ সাহিত্য ১৯৫০ চনৰ পৰাই আৰম্ভ হয়। ই চহকী আৰু লোককথাৰে ভৰপূৰ যদিও পঠন সংস্কৃতিৰ অভাৱত সমসাময়িক অন্যান্য সাহিত্যৰ তুলনাত ই অতি লেহেমীয়া গতিত বৃদ্ধি পাইছে।১ নতুন সাহিত্যিকসকলে চুটিগল্প আৰু কবিতা লিখাত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়।২ পৰম্পৰাগত ভূটানী সাহিত্যত বৌদ্ধ ধৰ্মৰ শিক্ষা আৰু পদ্য অধিক আছিল,২৩ তদুপৰি জে খেনপোছ আৰু ড্ৰুক ডেছিছৰ জীৱনী লিখাৰ এক চহকী পৰম্পৰা আছিল।৪

ভাষা সমূহ

ভূটানত আঠাইশটা ভিন্ন ভাষা কোৱা হয়; আৰু সেইবোৰৰ ভিতৰত কেৱল জোংখাৰ থলুৱা সাহিত্য পৰম্পৰা আছে। আন আন সাহিত্যিক ভাষা নেপালী আৰু লেপচা ভূটানৰ নিজা সাহিত্যত স্থান পোৱা নাই। ভূটানৰ পশ্চিম অংশৰ প্ৰধান ভাষা হৈছে জোংখা, পূব অংশত ছাংলা আৰু দক্ষিণ অংশত নেপালী। ইয়াৰ উপৰিও আন আন কেইবাটাও গুৰুত্বপূৰ্ণ আঞ্চলিক ভাষাও আছে।৫

জোংখা হ'ল ১৯৬০ চনৰ আৰম্ভণিলৈকে ভূটানৰ শিক্ষাৰ ভাষা হিচাপে পৰিগণিত হোৱা চ’কে (ক্লাছিকেল তিব্বতী) ভাষাৰ বংশধৰ।

নেপালী সাহিত্য

১৯৬২ চনত ভূটানে ভাৰতৰ কালিমপঙৰ মাদি ছপাশালৰ পৰা কুয়েনচেল (প্ৰথম ৰাষ্ট্ৰীয় কাকত) প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে আৰু ভূটানৰ নেপালী সাহিত্যই ইয়াৰ ক্ষেত্ৰখন বহল কৰাৰ সুযোগ পায়। সেই সময়ত মূলতঃ কালিম্পং আৰু দাৰ্জিলিঙৰ লেখকসকলে লিখা নেপালী প্ৰবন্ধ কুয়েনচেল কাকতত প্ৰকাশ পাইছিল। ইয়াৰ ফলত নেপালী ভাষী দক্ষিণ ভূটানীসকলৰ নেপালী সাহিত্যৰ প্ৰতি আগ্ৰহ জন্মে।

তথ্যসূত্ৰ

  1. ↑ (31 May 2014). Bhutanese literature: Rich oral tradition, but few writers (Feature). Business Standard India
  2. ↑ Gyeltshen, Tshewang. Bhutanese literature Now and Before: Critical Review with Analytical differences.. পৃ. 2
  3. ↑ Bhutanese literature - Chinese Buddhist Encyclopedia. www.chinabuddhismencyclopedia.com
  4. ↑ Types And Values Of Bhutanese Literature · Buddhist Texts · Bhutan. Scribd
  5. ↑ van Driem, George L. (1993). Language Policy in Bhutan. SOAS

সম্পৰ্কিত শ্ৰেণী

সাহিত্যভূটান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূটানী সাহিত্য” প্ৰবন্ধৰ সংশোধন ৫০৩৫৫৯ (১৪ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।