অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভিনেছা শ্ব'

ভিনেছা এলিজাবেথ শ্ব (ইংৰাজী: Vinessa Elizabeth Shaw; জন্ম: ১৯ জুলাই, ১৯৭৬) এগৰাকী আমেৰিকান চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ এগৰাকী শিশু অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৯৮১ চনৰ শ্লেচাৰ ফিল্ম হোম চুইট হোমৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ভিনেছা এলিজাবেথ শ্ব (ইংৰাজী ভাষা: Vinessa Elizabeth Shaw; জন্ম: ১৯ জুলাই, ১৯৭৬)১২ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ এগৰাকী শিশু অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৯৮১ চনৰ শ্লেচাৰ ফিল্ম হোম চুইট হোমৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। ১৯৯৩ চনত ৱাল্ট ডিজনি পিকচাৰ্ছৰ হ্যালোইন কমেডী-ফেণ্টাছী ফিল্ম হোকাস পিকাচৰ জৰিয়তে তেওঁ বিশেষ সফলতা লাভ কৰে। ইয়াৰ উপৰি শ্ব'ই লেডীবাক্স (১৯৯২) আৰু এল.এ. উইদাউট এ মেপত (১৯৯৮) অভিনয় কৰিছে।

বাৰ্নাৰ্ড কলেজত পঢ়ি থকা অৱস্থাত শ্ব'ই ষ্টেনলী কুবৰিকৰ আইছ ৱাইড শ্বাটত (১৯৯৯) এটা সহযোগী চৰিত্ৰত অভিনয়ৰ সুযোগ পায়, যাৰ পিছত তেওঁ প্ৰাপ্তবয়স্ক অৱস্থাতো অভিনয় অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। তেওঁৰ পৰৱৰ্তী উল্লেখযোগ্য কামসমূহৰ ভিতৰত আছে কেথৰিন বিগেলোৰ পিৰিয়ড ড্ৰামা দ্য ৱেইট অৱ ৱাটাৰ (২০০০), কমেডী ছবি ৪০ ডেজ এণ্ড ৪০ নাইটছ (২০০২), ওৱেছ ক্ৰেভেনৰ হৰৰ ফিল্মৰ ২০০৬ চনৰ ৰিমেক দ্য হিলছ হেভ আইছ, ৱেষ্টাৰ্ণ ফিল্ম ৩:১০ টু ইউমা (২০০৭) আৰু ৰোমাণ্টিক ড্ৰামা টু লাভাৰ্ছ (২০০৮)।

২০১৪ চনত শ্ব'ই শ্ব’টাইম ড্ৰামা ৰে ডনোভানৰ এজন সহযোগী সদস্য আছিল। এই সময়ছোৱাত তেওঁ ষ্টিভেন চোডাৰবাৰ্গৰ চাইক’লজিকেল থ্ৰিলাৰ চাইড ইফেক্টছ (২০১৩) আৰু ক্ৰাইম ড্ৰামা ক’ল্ড ইন জুলাই (২০১৪) আদিকে ধৰি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰে। শ্ব'ই পৰৱৰ্তী সময়ত ২০১৭ চনৰ হৰৰ থ্ৰিলাৰ ছবি ক্লিনিকেলত ডা° জেন মেথিছৰ চৰিত্ৰত অভিনয় কৰে। ২০২১ চনত তেওঁ হৰৰ ফিল্ম উই নিড টু ডু চামথিংৰ লগতে বায়’গ্ৰাফিকেল স্প’ৰ্টছ ড্ৰামা ১২ মাইটি মংগ্ৰেলছত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

শ্ব'ই ১৯৯৬ চনত কলেজত পঢ়ি থকা প্ৰথম বৰ্ষতে নিচিৰেন বৌদ্ধ সংগঠন 'চোকা গাক্কাই ইণ্টাৰনেশ্যনেল'ৰ সদস্য হয়। সেই সময়ৰ বিষয়ে তেওঁ কয়: "মই অকলশৰীয়া আৰু হতাশ হৈ পৰিছিলোঁ, আৰু জীৱনৰ বিষয়ে মোৰ মনত বহুতো প্ৰশ্ন আছিল। মই প্ৰতি নিশা দেউতালৈ ফোন কৰি কান্দিছিলোঁ আৰু ঘৰলৈ যাব বিচাৰোঁ বুলি কৈছিলোঁ।" ৩ নিচিৰেন বৌদ্ধ ধৰ্মৰ এক মূল অভ্যাস হিচাপে শ্ব'ই দৈনিক 'ডাইমোকু' জপ কৰে,৪ আৰু তেওঁ শান্তি, সংস্কৃতি আৰু শিক্ষাৰ বাবে কাম কৰা বৌদ্ধ সংস্থাৰ এগৰাকী সক্ৰিয় সদস্য।৫

২০০৭ চনৰ ৩০ নৱেম্বৰত শ্ব'ই ক্ৰিষ্টোফাৰ গিফোৰ্ডৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৬ ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ প্ৰথমটো পুত্ৰ সন্তানৰ জন্ম হয়।৭ ২০২৩ চনৰ ২৫ অক্টোবৰত দম্পতীটো পৃথকে থাকিবলৈ লয় আৰু ২০২৫ চনৰ মে' মাহত গিফোৰ্ডে বিবাহ বিচ্ছেদৰ বাবে আৱেদন দাখিল কৰে।৬

তথ্যসূত্ৰ

  1. ↑ Vinessa Shaw Biography. Turner Classic Movies
  2. ↑ Legge, Lisa. (July 18, 2017). Famous Birthdays: July 19. The St. Paul Pioneer Press
  3. ↑ Shaw, Vinessa. Buddhism— My Favorite Gosho. SGI
  4. ↑ (February 6, 2009). Vinessa Shaw talks Two Lovers. Shared Darkness
  5. ↑ SGI-USA Members Resources. Soka Gakkai International
  6. ↑ Richards, Bailey. (May 24, 2025). Hocus Pocus Star Vinessa Shaw’s Husband Kristopher Gifford Files for Divorce. People
  7. ↑ Passalaqua, Holly; Cohen, Jess. (March 2, 2018). Hocus Pocus' Vinessa Shaw Gives Birth to Baby Boy. E!

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিনেছা শ্ব'” প্ৰবন্ধৰ সংশোধন ৫৯৬১৮৯ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।