অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়

ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় (Chhatrapati Shivaji Maharaj Vastu Sangrahalaya) দেশৰ অন্যতম বৃহৎ সংগ্ৰহালয়। ১৯৪৯ চনত স্থাপিত এই সংগ্ৰহালয়ত প্ৰাক-ঐতিহাসিক যুগৰ পৰা আৰম্ভ কৰি আধুনিক শিল্পকৰ্মলৈকে বিভিন্ন ধৰণৰ সংগ্ৰহ আছে। দিল্লীৰ জনপথত অৱস্থিত এই সংগ্ৰহালয়টো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৫ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় (Chhatrapati Shivaji Maharaj Vastu Sangrahalaya) দেশৰ অন্যতম বৃহৎ সংগ্ৰহালয়। ১৯৪৯ চনত স্থাপিত এই সংগ্ৰহালয়ত প্ৰাক-ঐতিহাসিক যুগৰ পৰা আৰম্ভ কৰি আধুনিক শিল্পকৰ্মলৈকে বিভিন্ন ধৰণৰ সংগ্ৰহ আছে। দিল্লীৰ জনপথত অৱস্থিত এই সংগ্ৰহালয়টো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ।১ ১৯৪৬ চনত ভাৰত চৰকাৰে গঠন কৰা গ্ৱায়াৰ কমিটীয়ে ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ খচৰা প্ৰস্তুত কৰিছিল। ইয়াত প্ৰায় ২ লাখ শিল্পকৰ্ম আছে; ইয়াৰ বেছিভাগেই ভাৰতীয়, কিন্তু কিছুমান বিদেশী মূলৰ সংগ্ৰহও আছে, যিবোৰে ৫,০০০ বছৰতকৈও অধিক সময় সামৰি লৈছে।

ইয়াৰ প্ৰথম মহলাত নেচনেল মিউজিয়াম ইনষ্টিটিউট অৱ হিষ্ট্ৰী অৱ আৰ্ট, কনজাৰ্ভেচন এণ্ড মিউজিঅ'লজিও আছে, যিটো ১৯৮৩ চনত স্থাপিত হৈছিল। ১৯৮৯ চনৰ পৰা প্ৰতিষ্ঠানখনে বিশ্ববিদ্যালয় হিচাপে শিল্প ইতিহাস, সংৰক্ষণ আৰু সংগ্ৰহালয় বিজ্ঞানৰ স্নাতকোত্তৰ আৰু ডক্টৰেট পৰ্যায়ৰ পাঠ্যক্ৰম চলাই আহিছে।২

সংগ্ৰহ

হৰপ্পা গেলাৰীৰ এটা দৃশ্য
হৰপ্পা গেলাৰীৰ এটা দৃশ্যছবি: Nomu420 · CC BY-SA 3.0

এই সংগ্ৰহালয়ত হৰপ্পা সভ্যতাৰ বিভিন্ন শিল্পকৰ্ম আছে, যাক সিন্ধু উপত্যকা সভ্যতা বুলিও কোৱা হয়। ইয়াত হৰপ্পা সভ্যতাৰ ৩৫০০ৰো অধিক প্ৰাচীন সামগ্ৰীৰ বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰতিনিধিত্বমূলক সংগ্ৰহ আছে; যিবোৰ ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপে সংগ্ৰহালয়টোক স্থায়ীভাৱে ঋণ হিচাপে দিছে।৩ সামগ্ৰীবোৰৰ ভিতৰত আটাইতকৈ বিখ্যাত- হৰপ্পা সভ্যতাৰ আৰম্ভণিৰ কালচোৱাৰ, ব্ৰঞ্জেৰে নিৰ্মিত ‘নৰ্তকী ছোৱালী’ ৩, হাৰিয়ানাৰ ৰাখীগড়ীৰ পৰা খনন কৰা কংকাল, মাতৃ দেৱীৰ টেৰাকোটা মূৰ্তি আৰু মাটিৰ বাচন। এইবোৰৰ উপৰিও গেলেৰীত ব্ৰঞ্জ আৰু টেৰাকোটাৰ ভাস্কৰ্য্য, হাড়েৰে নিৰ্মিত সামগ্ৰী, হাতীদাঁত, ষ্টিটাইট, অৰ্ধমূল্যবান পাথৰ, চিত্ৰিত মৃৎশিল্প আৰু গহনা আদি সামগ্ৰী আছে। বহুতো মোহৰও প্ৰদৰ্শন কৰা হৈছে, যিবোৰ বিভিন্ন খননৰ সময়ত আৱিষ্কাৰ কৰা হৈছিল আৰু সম্ভৱতঃ ব্যৱসায়িক উদ্দেশ্যত এইবোৰৰ ব্যৱহাৰ হৈছিল। এই মোহৰবোৰত ম’হ, হাতী, গড়, বাঘ, কুম্ভীৰ আৰু অজ্ঞাত প্ৰতীক চিত্ৰিত কৰা হৈছে। ইয়াৰে এটা মোহৰত পশুপতিৰ চিত্ৰণ আছে, যাক আদি শিৱ বুলি ব্যাখ্যা কৰা হৈছে। এই গেলেৰীয়ে ভাৰতৰ মানৱ সভ্যতাৰ প্ৰাণৱন্ততাক মেছ’পটেমিয়া, ইজিপ্ত আৰু চীনৰ সমসাময়িক সভ্যতাকো সমতুল্যভাৱে উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ About us
  2. ↑ National Museum Institute of History of Art, Conservation and Museology, website
  3. ↑ (2015). Treasures. Niyogi Books. ISBN 978-93-83098-80-4

সম্পৰ্কিত শ্ৰেণী

ভাৰতভিত্তিক সাংস্কৃতিক সংগঠনভাৰতৰ পুৰাতাত্বিক সংগ্ৰহালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৪৭০৫৪৮ (৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।