অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ভাদোহী

ভাদোহী (Bhadohi) উত্তৰ ভাৰতৰ ৰাজ্য উত্তৰ প্ৰদেশৰ ভাদোহী জিলাৰ এখন নগৰ তথা পৌৰ নিগম। ভাদোহীৰ জিলা সদৰ হিচাপে ইয়াত দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ হাতেৰে গাঁঠি দিয়া কাৰ্পেট বোৱা উদ্যোগৰ কেন্দ্ৰ আছে। স্থায়িত্ব, অনন্য আৰ্হি আৰু বয়নকাৰীৰ পৰম্পৰাগত কাৰুকাৰ্য্যৰ বাবে এই অঞ্চল বিখ্যাত।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৪ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ভাদোহী (Bhadohi) উত্তৰ ভাৰতৰ ৰাজ্য উত্তৰ প্ৰদেশৰ ভাদোহী জিলাৰ এখন নগৰ তথা পৌৰ নিগম। ভাদোহীৰ জিলা সদৰ হিচাপে ইয়াত দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ হাতেৰে গাঁঠি দিয়া কাৰ্পেট বোৱা উদ্যোগৰ কেন্দ্ৰ আছে। স্থায়িত্ব, অনন্য আৰ্হি আৰু বয়নকাৰীৰ পৰম্পৰাগত কাৰুকাৰ্য্যৰ বাবে এই অঞ্চল বিখ্যাত। সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ আৰু চহকী ঐতিহ্যমণ্ডিত দুখন চহৰ প্ৰয়াগৰাজ আৰু বাৰাণসীৰ মাজত অৱস্থিত হোৱাৰ বাবে ভাদোহীৰ ভৌগোলিক তাৎপৰ্য আছে।

বাৰাণসীৰ পৰা ৪৫ কিলোমিটাৰ পশ্চিমে,১ আৰু প্ৰয়াগৰাজৰ পৰা ৮২ কিলোমিটাৰ পূবে অৱস্থিত। ২

জনগাঁথনি

ভাদোহীত ধৰ্ম (২০১১)

হিন্দু ধৰ্ম-৮২.৩৩%

ইছলাম - ১৭.০৭%

অন্যান্য বা উল্লেখ কৰা হোৱা নাই - ০.৬০%

২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি ভাদোহীৰ মুঠ জনসংখ্যা ৯৪,৬২০, ইয়াৰে ৪৯,৬৩৯জন পুৰুষ আৰু ৪৪,৯৮১জন মহিলা। ০ৰ পৰা ৬ বছৰ বয়সৰ ভিতৰৰ জনসংখ্যা আছিল ১৪,০৮৩। ভাদোহীত মুঠ সাক্ষৰ লোকৰ সংখ্যা আছিল ৫৮,৪৭০ জন, যিটো জনসংখ্যাৰ ৬১.৮% আৰু পুৰুষৰ সাক্ষৰতাৰ হাৰ ৬৮.০% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৫৪.৯%। ভাদোহীৰ ৭+ জনসংখ্যাৰ কাৰ্যকৰী সাক্ষৰতাৰ হাৰ ৭২.৬%, ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭৯.৮% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৪.৬%। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা ক্ৰমে ৯,৫৯৭ আৰু ১৫ জন। ২০১১ চনত ভাদোহীৰ ১৩২৭৪টা পৰিয়াল আছিল। ৩

বাণিজ্য

ভাদোহীৰ মূল ব্যৱসায় হৈছে কাৰ্পেট নিৰ্মাণ। ভাদোহীয়ে কাৰ্পেট উদ্যোগত ২২ লাখ শিপিনীক নিয়োগ কৰিছে। [ 5 ] ভাদোহী কাৰ্পেটসমূহ ইয়াৰ স্থায়িত্ব, কোমলতা আৰু অনন্য ডিজাইনৰ বাবে জনাজাত, য'ত পৰম্পৰাগত আৰু আধুনিক আৰ্হিৰ মিশ্ৰণ সন্নিবিষ্ট কৰা হৈছে। ভাদোহী কাৰ্পেটসমূহ আমেৰিকা, যুক্তৰাজ্য আৰু জাৰ্মানীকে ধৰি বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয়। ভদোহী কাৰ্পেটৰ উচ্চমানৰ কাৰুকাৰ্য্য, স্থায়িত্ব, জটিল ডিজাইন, আৰু অনন্য আৰ্হি আদি কেইবাটাও কাৰণত জনপ্ৰিয়।

শিক্ষা

এছিয়াত এই ধৰণৰ একমাত্ৰ প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ কাৰ্পেট টেকন'লজি [ 6 ] ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে ২০০১ চনত ভাদোহীত প্ৰতিষ্ঠা কৰে। ই অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্বন ( AICTE)-অৰ দ্বাৰা স্বীকৃত আৰু জইন্ত চিট এলোকেচন অথৰিটি (JoSAA) ৰ দ্বাৰা সংযোজিত। উক্ত প্ৰতিষ্ঠানটোৱে কাৰ্পেট আৰু বস্ত্ৰ প্ৰযুক্তি (CTT) বিষয়ত প্ৰযুক্তিৰ স্নাতক (B.Tech) প্ৰদান কৰে। এই পাঠ্যক্ৰমত ৰং কৰা প্ৰক্ৰিয়া, বস্ত্ৰ আঁহ, কাৰ্পেট ধোৱা, আৰু অন্যান্য ঔদ্যোগিক কৌশলৰ ব্যৱহাৰিক আৰু তাত্ত্বিক দুয়োটা দিশ সামৰি লোৱা হয়। [ 7 ]

তথ্যসূত্ৰ

  1. ↑ Google maps
  2. ↑ Google maps
  3. ↑ www.censusindia.gov.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাদোহী” প্ৰবন্ধৰ সংশোধন ৪৫৫৪২৫ (১৫ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।