অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ভাইকিংছ

ভাইকিংছ (Vikings) হৈছে মূলতঃ স্ক্যাণ্ডিনেভিয়া (বৰ্তমানৰ ডেনমাৰ্ক, নৰৱে আৰু ছুইডেন)ৰ পৰা অহা নাৱিক লোকসকলক দিয়া এক আধুনিক নাম। এইসকলে অষ্টম শতিকাৰ শেষৰ ফালৰ পৰা একাদশ শতিকাৰ শেষৰ ফাললৈকে বিভিন্ন দেশত অভিযান চলাইছিল তথা পাইৰেট, ব্যৱসায় আদি কৰিছিল। এওঁলোকে ইউৰোপৰ কিছু অংশত বসতি স্থাপন কৰিছিল।

হালনাগাদ: ২৩ মে’ ২০২৩ ৩৬৫ শব্দ · ২ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ভাইকিংছ (Vikings) হৈছে মূলতঃ স্ক্যাণ্ডিনেভিয়া (বৰ্তমানৰ ডেনমাৰ্ক, নৰৱে আৰু ছুইডেন)ৰ পৰা অহা নাৱিক লোকসকলক দিয়া এক আধুনিক নাম।১২৩৪ এইসকলে অষ্টম শতিকাৰ শেষৰ ফালৰ পৰা একাদশ শতিকাৰ শেষৰ ফাললৈকে বিভিন্ন দেশত অভিযান চলাইছিল তথা পাইৰেট, ব্যৱসায় আদি কৰিছিল। এওঁলোকে ইউৰোপৰ কিছু অংশত বসতি স্থাপন কৰিছিল।৫৬৭ ভূমধ্যসাগৰ, উত্তৰ আফ্ৰিকা, ভলগা বুলগেৰিয়া, মধ্যপ্ৰাচ্য আৰু উত্তৰ আমেৰিকালৈকে তেওঁলোকে যাত্ৰা কৰিছিল। তেওঁলোকৰ উৎপত্তিস্থল বুলি বিবেচিত দেশসমূহত, আৰু তেওঁলোকে আক্ৰমণ কৰি বসতি স্থাপন কৰা কিছুমান দেশত এই সময়ছোৱাক জনপ্ৰিয়ভাৱে ভাইকিং যুগ বুলি জনা যায় আৰু "ভাইকিং" শব্দটোৱে সাধাৰণতে স্ক্যাণ্ডিনেভিয়ান গৃহভূমিৰ বাসিন্দাসকলকো সামগ্ৰিকভাৱে অন্তৰ্ভুক্ত কৰে। ভাইকিংসকলে স্ক্যাণ্ডিনেভিয়া, ব্ৰিটিছ দ্বীপপুঞ্জ, ফ্ৰান্স, ইষ্ট'নিয়া আৰু কিয়ভান ৰাছৰ আৰম্ভণিৰ মধ্যযুগীয় ইতিহাসত এক গভীৰ প্ৰভাৱ পেলাইছিল।৮

বিশেষজ্ঞ নাৱিক আৰু সাধাৰণ নাৱিকসকলে নিজৰ বৈশিষ্ট্যপূৰ্ণ দীঘলীয়া জাহাজত উঠি ব্ৰিটিছ দ্বীপপুঞ্জ, ফেৰ' দ্বীপপুঞ্জ, আইচলেণ্ড, গ্ৰীনলেণ্ড, নৰ্মাণ্ডী আৰু বাল্টিক উপকূলৰ লগতে আধুনিক ৰাছিয়াৰ মাজেৰে ড্নিপাৰ আৰু ভলগা বাণিজ্যিক পথত নৰ্ছ বসতি তথা চৰকাৰ স্থাপন কৰিছিল। বেলাৰুছ আৰু ইউক্ৰেইনত৯১০ এইসকলক ভেৰাঞ্জিয়ান বুলিও জনা গৈছিল। এই নৰ্ছ উপনিবেশৰ পৰাই নৰ্মান, নৰ্ছ-গেল, ৰাছৰ লোক, ফেৰ’ আৰু আইচলেণ্ডৰ লোকৰ জন্ম হৈছিল। এটা সময়ত ৰাছ ভাইকিংছৰ এটা দলে ইমানেই দক্ষিণলৈ আগবাঢ়িছিল যে কিছু সময়ৰ বাবে বাইজেণ্টাইন সম্ৰাটৰ দেহৰক্ষী হোৱাৰ পিছত তেওঁলোকে বাইজেণ্টাইন চহৰ কনষ্টেণ্টিনোপলত আক্ৰমণ কৰিছিল।১১ ভাইকিংসকলে ইৰাণ১২ আৰু আৰবলৈও যাত্ৰা কৰিছিল।১৩ উত্তৰ আমেৰিকাত উপস্থিত হোৱা তেওঁলোক প্ৰথম ইউৰোপীয় আছিল। খুব কম সময়ৰ বাবে তেওঁলোকে নিউফাউণ্ডলেণ্ড (ভিনলেণ্ড)ত বসতি স্থাপন কৰিছিল। নৰ্ছ সংস্কৃতি বিদেশী দেশ সমূহলৈ বিয়পাই দিয়াৰ সময়তে তেওঁলোকে একেলগে স্ক্যাণ্ডিনেভিয়াৰ ঘৰলৈ দাস, উপপত্নী আৰু বিদেশী সাংস্কৃতিক প্ৰভাৱ কঢ়িয়াই আনিছিল। ইয়াৰ ফলত দুয়োপক্ষৰে জিনীয় আৰু ঐতিহাসিক বিকাশত প্ৰভাৱ পৰিছিল। ভাইকিং যুগত নৰ্ছ গৃহভূমি ক্ৰমান্বয়ে সৰু সৰু ৰাজ্যৰ পৰা তিনিখন বৃহৎ ৰাজ্যলৈ একত্ৰিত হৈছিল: ডেনমাৰ্ক, নৰৱে আৰু ছুইডেন।

ভাইকিংসকলে পুৰণি নৰ্ছ ভাষা কোৱাৰ উপৰিও তেওঁলোকে ৰুণত শিলালিপি নিৰ্মাণ কৰিছিল। সৰহভাগ সময় তেওঁলোকে পুৰণি নৰ্ছ ধৰ্ম অনুসৰণ কৰিছিল যদিও পিছলৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। ভাইকিংসকলৰ নিজস্ব আইন, শিল্প আৰু স্থাপত্য আছিল। বেছিভাগ ভাইকিং কৃষক, মাছমৰীয়া, শিল্পী আৰু ব্যৱসায়ী আছিল। ভাইকিংসকলৰ জনপ্ৰিয় ধাৰণাসমূহ প্ৰায়ে প্ৰত্নতাত্ত্বিক আৰু ঐতিহাসিক উৎসৰ পৰা উদ্ভৱ হোৱা নৰ্ছমেনসকলৰ জটিল, উন্নত সভ্যতাৰ পৰা প্ৰবলভাৱে পৃথক হোৱা দেখা যায়। ভাইকিংসকলক সম্ভ্ৰান্ত বনৰীয়া লোক বুলি ধাৰণা কৰা হয়।১৪১৫ ভাইকিংসকলক হিংস্ৰ, জলদস্যুৰ দৰে অনা-ইহুদী বা নিৰ্ভীক দুঃসাহসিক হিচাপে ২০ শতিকাৰ আৰম্ভণিতে এক মত গঢ় লৈ উঠিছিল। ভাইকিংসকলৰ বৰ্তমানৰ জনপ্ৰিয় উপস্থাপন সাধাৰণতে সাংস্কৃতিক ক্লিচে আৰু ষ্টেৰিঅ'টাইপৰ ওপৰত ভিত্তি কৰি কৰা হয়, যাৰ ফলত ভাইকিং উত্তৰাধিকাৰৰ আধুনিক প্ৰশংসা জটিল হৈ পৰে।

তথ্যসূত্ৰ

  1. ↑ Margaryan, Ashot. (September 2020). Population genomics of the Viking world. Nature. পৃ. 390–396
  2. ↑ Mawer, Allen. (1913). The Vikings. Cambridge University Press. পৃ. 1. ISBN 095173394X Holman, Catherine. (2003). Historical Dictionary of the Vikings. Scarecrow Press. পৃ. 1. ISBN 0810865890 Simpson, Jacqueline. (1980). The Viking World. Batsford. পৃ. 9. ISBN 0713407778 Davies, Norman. (1999). The Isles: A History. Oxford University Press. ISBN 9780198030737
  3. ↑ Campbell, Alistair. (1973). Encyclopaedia Britannica. Encyclopaedia Britannica. পৃ. 11. ISBN 0852291736 Mawer, Allen. (1922). The Cambridge Medieval History. Cambridge University Press. পৃ. 309 (2009). The Concise Oxford Dictionary of Archaeology. Oxford University Press. ISBN 9780191727139 (2015). The Oxford Companion to British History. Oxford University Press. ISBN 9780191757150
  4. ↑ Oxford Dictionaries. (2011). Concise Oxford English Dictionary. OUP Oxford. পৃ. 1612. ISBN 978-0199601103 Random House Unabridged Dictionary. (2019). Vikings. Dictionary.com. Random House COBUILD Advanced English Dictionary. Viking. Collins Online Dictionary. HarperCollins Collins English Dictionary. Viking. Collins Online Dictionary. HarperCollins Webster's New World Dictionary, 4th Edition. (2010). [https://www.collinsdictionary.com/dictionary/english/vik
  5. ↑ Viking. Encyclopædia Britannica, Inc.
  6. ↑ Linton, Michael I. A.; Nokkentved, Christian. Denmark: The Viking Era. Encyclopædia Britannica, Inc.
  7. ↑ Roesdahl, pp. 9–22
  8. ↑ Brink 2008
  9. ↑ Archaeologists find evidence of Vikings' presence in Belarus . Lepel Regional Executive Committee
  10. ↑ Ancient Ukraine: Did Swedish Vikings really found Kyiv Rus? Business Ukraine
  11. ↑ Klein, Christopher. Globetrotting Vikings: The Quest for Constantinople. HISTORY
  12. ↑ Logan, Donald F. (1992). The Vikings in History. ISBN 0-415-08396-6
  13. ↑ Batey, Colleen E.; Graham-Campbell, James. (1994). Cultural Atlas of the Viking World. Facts on File. পৃ. 184. ISBN 9780816030040
  14. ↑ Wawn 2000
  15. ↑ Johnni Langer, "The origins of the imaginary viking", Viking Heritage Magazine, Gotland University/Centre for Baltic Studies. Visby (Sweden), n. 4, 2002

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাইকিংছ” প্ৰবন্ধৰ সংশোধন ৩৬৬৯০৫ (২৩ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।