অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ভাংগী বাথ

ভাংগী বাথ (: Vangibath, কানাড়া: ವಾಂಗಿ ಬಾತ್) হৈছে এবিধ নিৰামিষ দক্ষিণ ভাৰতীয় খাদ্য ইয়াৰ উৎপত্তি কৰ্ণাটক, মহীচুৰু অঞ্চলত যদিও ইয়াক সমগ্ৰ ভাৰততে পোৱা যায়। ৱাংগী মানে (বেঙেনা) আৰু ভাথ মানে চাউল।পৰম্পৰাগতভাৱে, ইয়াক অপৈনত সেউজীয়া বেঙেনাৰে তৈয়াৰ কৰা হয়, যদিও যিকোনো ধৰণৰ বেঙেনা ব্যৱহাৰ কৰিব পাৰি।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভাংগী বাথ (: Vangibath, কানাড়া: ವಾಂಗಿ ಬಾತ್) হৈছে এবিধ নিৰামিষ দক্ষিণ ভাৰতীয় খাদ্য১ ইয়াৰ উৎপত্তি কৰ্ণাটক, মহীচুৰু অঞ্চলত২ যদিও ইয়াক সমগ্ৰ ভাৰততে পোৱা যায়। ৱাংগী মানে (বেঙেনা) আৰু ভাথ মানে চাউল।১ বেছিভাগেই শুকান খাদ্য হিচাপে খোৱা দেখা যায়,কিছুলোকে ইয়াৰ লগত মোছাৰু বজ্জী বা ৰাইটাৰ সৈতে পৰিবেশন কৰে। কম পৰিমানৰ মছলাৰ সৈতে ভালদৰে মিহলি কৰা নাৰিকল আৰু ধনীয়াৰ সংমিশ্ৰণৰ বাবে ইয়াক খাবলৈ সুস্বাদু হয়। ৩পৰম্পৰাগতভাৱে, ইয়াক অপৈনত সেউজীয়া বেঙেনাৰে তৈয়াৰ কৰা হয়, ৪ যদিও যিকোনো ধৰণৰ বেঙেনা ব্যৱহাৰ কৰিব পাৰি। বেঙেনাৰ প্ৰকাৰৰ ওপৰত নির্ভৰ কৰি ইয়াৰ সোৱাদ সলনি হ’ব পাৰে,৫ আৰু কিছুমান লোকে বেঙেনা নিদিয়াকৈও তৈয়াৰ কৰে।৬ এইটো কৰ্ণাটকৰ এক বিশেষ পৰম্পৰাগত খাদ্য, যি উৎসৱ আৰু বিশেষ দিনত খোৱা হয়।

বেঙেনাৰ প্ৰকাৰ

এই খাদ্যৰ সৈতে যিকোনো জাতৰ বেঙেনা ৰান্ধিলেও হয়, কেৱল মাত্ৰ সোৱাদ বেলেগ বেলেগ হ’ব ৷ সাধাৰণতে, Fairytale বা Barbarella ব্যৱহাৰ কৰা হয়। ফেয়াৰী টেল হৈছে ষ্ট্ৰিপযুক্ত বেঙেনাৰ পাতল জাত আৰু ইয়াৰ টেক্সচাৰ আৰু সোৱাদ মাখনৰ দৰে, গতিকে ই অতি সোনকালে সিজি যায়। ইয়াৰ বীজ অতি কম গতিকে এই খাদ্যত ই অতি ভাল দৰে মিলি যায়।৭

বেঙেনাৰ বিকল্প

কেৱল কেপচিকামৰ সহায়ত এই খাদ্য একেদৰেই প্ৰস্তুত কৰা সম্ভৱ। ই আলু বা আইভী গাৰ্ডৰ সৈতেও ভাল কাম কৰে।৬

পৰম্পৰা আৰু সংস্কৃতি

বিশেষকৈ উৎসৱ বা পৰিয়ালৰ মিলন, ভোজ আদিৰ সময়তো ভাংগী ভাথ প্ৰস্তুত কৰা হয়। সাধাৰণতে সৰহ পৰিমাণৰ ভাংগী ভাট মছলা আগতীয়াকৈ বনাই অন্ততঃ ২ সপ্তাহমান সংৰক্ষণ কৰি পুনৰ ব্যৱহাৰ কৰা হয় বা আন শাক-পাচলিৰ লগত ব্যৱহাৰ কৰা হয়।

ৰেচিপি

  • ৮-১০ টা বেবী বেঙেনা, ঠাৰি অক্ষত অৱস্থাত ৪ টাকৈ কাটি লওক
  • ১.৫ কাপ ভাত – সিজোৱা
  • ২ চামুচ + ২ চামুচ তেল
  • গাৰ্নিচিঙৰ বাবে কাটি লোৱা সতেজ ধনীয়া
  • ৬-৭ টা শুকান ৰঙা মৰিচা
  • ১ চামুচ ফাটি বংগ গ্ৰাম (চানা দালি, তিয়াই পানী উলিয়াই)
  • গাৰ্নিচিঙৰ বাবে খোঁচ মাৰি লোৱা নাৰিকল
  • ৮-১০ টা তৰকাৰী পাত
  • ২-৩ টা কেঁচা জলকীয়া, ফালি লৈ
  • ২ চামুচ অমিতাৰ গুড়ি
  • ১ চামুচ সৰিয়হৰ গুটি
  • ০.৫ চামুচ হালধিৰ গুড়ি
  • ৮-১০ টা ক’লা জালুকৰ গুটি
  • ২-৩ টা লং
  • ১ চামুচ ভেন্দিৰ গুটি
  • ২ চামুচ পপি গুটি
  • ২-৩ টা সেউজীয়া ইলাচি
  • asafoetida ৰ চিমটি
  • নিমখ

চাইড নোট

২০১৭ চনৰ আগষ্ট মাহত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই দৰিদ্ৰ সমৰ্থক নীতিৰ বিৰোধিতা কৰাসকলক প্ৰতিহত কৰিবলৈ এই ডিচ ব্যৱহাৰ কৰিছিল। তেওঁ কয়, ‘যোৱা তিনি বছৰ ধৰি কেৱল মোডী ডাঙৰীয়াৰ মন কি বাত হে চলি আছে। কিন্তু আমি কেৱল দুখীয়াৰ বাবে ভেংগীবাথক লৈয়েই চিন্তিত।”৮

তথ্যসূত্ৰ

  1. ↑ Vangi Bath Recipe: How to Make this South Indian Brinjal Rice. NDTV Food
  2. ↑ Sanwari, Ahad. (2022-03-04). Vangi Bath: An Aromatic, Flavourful Delight. Seema
  3. ↑ VANGI BHATH. WELCOME TO VAHREHVAH
  4. ↑ Sisodiya, Alekya. Vangi Bhath Recipe, How to make Vangi Bhath – Vaya.in
  5. ↑ Sisodiya, Alekya. Vangi Bhath Recipe, How to make Vangi Bhath – Vaya.in
  6. ↑ ramyaanagu. (2020-09-06). Vangi Bath · Brinjal Rice. A Moms Cookbook
  7. ↑ Fairy Tale Eggplant Info: Learn How To Grow Fairy Tale Eggplants. Gardening Know How
  8. ↑ (2017-08-17). Congress counters 'Mann ki Baat' with 'vangibath'. The Hindu

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাংগী বাথ” প্ৰবন্ধৰ সংশোধন ৬০২৫৬৮ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।