অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভণিতা জগদেও বৰাদে

ভণিতা জগদেও বৰাদে (জন্ম: ১৯৭৫) এগৰাকী ভাৰতীয় সংৰক্ষক। তেওঁ মহাৰাষ্ট্ৰৰ বুলধানাত বাস কৰে। ইয়াত তেওঁ সাপ উদ্ধাৰৰ বাবে এটা প্ৰতিষ্ঠান চলায়। তেওঁ ভাৰত চৰকাৰৰ পৰা ২০২০ চনৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ২৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভণিতা জগদেও বৰাদে (জন্ম: ১৯৭৫) এগৰাকী ভাৰতীয় সংৰক্ষক। তেওঁ মহাৰাষ্ট্ৰৰ বুলধানাত বাস কৰে। ইয়াত তেওঁ সাপ উদ্ধাৰৰ বাবে এটা প্ৰতিষ্ঠান চলায়। তেওঁ ভাৰত চৰকাৰৰ পৰা ২০২০ চনৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষটো দেখা দিয়া মহামাৰী ক'ভিড-১৯ ৰ বাবে এই পুৰস্কাৰ ২০২২ চনত পলমকৈ প্ৰদান কৰা হৈছিল। সাপ উদ্ধাৰৰ ক্ষেত্ৰত তেওঁ গিনিজ বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।

কেৰিয়াৰ

ভণিতাৰ ভাৰত বৰ্ষৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এক কৃষক পৰিয়ালত আনুমানিক ১৯৭৫ চনত জন্ম হয়, আৰু যিহেতু তেওঁ এখন খেতি প্ৰধান ঠাইত ডাঙৰ দীঘল হৈছিল সেয়ে বন্যপ্ৰাণীৰ সৈতে তেওঁ স্বাচ্ছন্দ্যত থাকিবলৈ শিকিছিল। তেওঁৰ বন্ধুবৰ্গই স্থানীয় পৰিৱেশৰ প্ৰতি তেওঁৰ আগ্ৰহক সমৰ্থন কৰিছিল লগতে এই কাৰ্যত তেওঁক সহায়-সহযোগ আগবঢ়াইছিল।১ তেওঁ কেতিয়াও সাপৰ কামোৰ নোখোৱাকৈ ১২ বছৰ বয়সত বিষাক্ত সাপ ধৰিবলৈ আৰম্ভ কৰিছিল, সেয়েহে স্থানীয় লোকসকলে সাপ দেখিলেই তেওঁক ফোন কৰে। তেওঁ চয়ৰে ভাঞ্চাৰে বহুমুখী ফাউণ্ডেচন প্ৰতিষ্ঠা কৰিছিল আৰু বৰ্তমানলৈ ৫০,০০০ তকৈও অধিক সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, এই সাপবোৰ তেওঁ উদ্ধাৰৰ পিছত তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিয়ে।

বৰাদে সাপৰ কামোৰৰ চিকিৎসা কেনেদৰে কৰিব লাগে সেইবিষয়েও শিক্ষা প্ৰদান কৰে।২ তেওঁ সাপৰ বিষয়ে বাস্তৱিক তথ্য প্ৰদান কৰি অফিডিঅ'ফোবিয়া (সাপৰ ভয়) হ্ৰাস কৰাৰ প্ৰতি লক্ষ্য ৰাখে। তেওঁ মানুহক জানিবলৈ দিয়ে যে- "ভাৰতত মাত্ৰ দহ শতাংশ সাপ বিষাক্ত, আৰু প্ৰতিখন চিকিৎসালয়ত মুক্তভাৱে এণ্টিভেনম ঔষধ উপলব্ধ। সাপবোৰে আন্ধাৰ ঠাইত বাস কৰিবলৈ ভাল পায়, আৰু তেওঁলোকে মানুহক আক্ৰমণ কৰিব নিবিচাৰে।" ১

বৰাদে বৰ্তমানলৈ ধৰা সাপৰ সংখ্যাই বহুকেইটা ৰেকৰ্ড গঠন কৰিছে। সেইসমূহৰ ভিতৰত গিনিজ বুক অফ ৰেকৰ্ডছ অন্তৰ্ভুক্ত।১ জীৱ-জন্তুৰ প্ৰতি তাইৰ সহানুভূতিৰ অনুভূতি (জীৱদয়া) বিশেষকৈ সাপৰ বাবে প্ৰসাৰিত। অৱশ্যে মৌমাখিৰ সৈতেও তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে।১ তেওঁ বৰ্তমান তেওঁৰ স্বামীৰ সৈতে মহাৰাষ্ট্ৰৰ বুলধানাত বাস কৰে।২৩

পুৰস্কাৰ আৰু স্বীকৃতি

ভাৰতীয় ডাক সেৱাই তেওঁৰ প্ৰতিকৃতিৰ মোহৰ প্ৰৱৰ্তন কৰি বৰাদেৰ কৃতিত্বক স্বীকৃতি দিছিল।৪ ২০২২ চনৰ আন্তৰ্জাতিক নাৰী দিৱসত তেওঁ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ২০২০ চনৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰে। কোভিড-১৯ মহামাৰীৰ বাবে অনুষ্ঠানটো পিছুৱাই দিয়া হৈছিল। প্ৰেছ কভাৰেজে তেওঁক "প্ৰথম মহিলা সাপ উদ্ধাৰকাৰী" বুলি অভিহিত কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ Nari Shakti Puraskars honour Nari Shakti’s triumph over social, economic and physical challenges. pib.gov.in
  2. ↑ (8 March 2022). 3 Maharashtra women honoured with Nari Shakti Puraskar including 'First woman snake-rescuer of India'. Free Press Journal
  3. ↑ (14 October 2017). वश में किए 51 हजार नाग.. ये हैं 'नाग मोहिनी'. News18 हिंदी
  4. ↑ (8 March 2022). Snake rescuer, organic farmer, entrepreneur - 29 women conferred Nari Shakti award. The New Indian Express
  5. ↑ Kainthola, Deepanshu. (8 March 2022). President Presents Nari Shakti Puraskar for the Years 2020, 2021. Tatsat Chronicle Magazine

সম্পৰ্কিত শ্ৰেণী

নাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভণিতা জগদেও বৰাদে” প্ৰবন্ধৰ সংশোধন ৬০২৫৬৬ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।