ব'ছন (Boson) হৈছে পূৰ্ণসংখ্যক স্পিনবিশিষ্ট একধৰণৰ উপ-পাৰমানৱিক কণিকা (Subatomic particle)। এই কণিকাই বসু-আইনষ্টাইন পৰিসংখ্যা(Bose–Einstein statistics)মানি চলে। প্ৰখ্যাত ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী সত্যেন্দ্ৰ নাথ বসুৰ (ব'ছ-আইনষ্টাইন পৰিসংখ্যাৰ ব'ছ) নামানুসাৰে এই কণিকাৰ নামকৰণ কৰা হৈছে।১'ব'ছন' নামটো পোনপ্ৰথমবাৰৰ বাবে তাত্ত্বিক পদাৰ্থবিজ্ঞানী প'ল ডিৰাকে ব্যৱহাৰ কৰিছিল।ব'ছন কণিকাৰ উদাহৰণ হৈছে ফ'ট'ন, গ্লোৱন, W আৰু Z ব'ছন।
একেটা শক্তিস্তৰত একাধিক ব'ছন একেলগে থাকিব পাৰে, যিটো পাউলিৰ নীতি মানি চলা ফাৰ্মিয়ন কণিকাৰ পক্ষে সম্ভব নহয়।
তথ্যসূত্ৰ
- Sakurai, J.J. (1994). Modern Quantum Mechanics (Revised Edition), pp 361–363. Addison-Wesley Publishing Company, ISBN 0-201-53929-2.
- Srednicki, Mark (2007). Quantum Field Theory , Cambridge University Press, ISBN 978-0-521-86449-7.
তথ্যসূত্ৰ
- ↑ boson (dictionary entry). Merriam-Webster's Online Dictionary
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব'ছন” প্ৰবন্ধৰ সংশোধন ৩৮১৯৩২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।