বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান (ইংৰাজী ভাষা: Augmented Satellite Launch Vehicle) বা অগ্ৰগামী উপগ্ৰহ উৎক্ষেপণ যান (ইংৰাজী ভাষা: Advanced Satellite Launch Vehicle) (সংক্ষেপে ASLV) নিম্ন ভূ-কক্ষপথত ১৫০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহ স্থাপন কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা বিকশিত পাঁচটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট।১ এটা ভূ-স্থিৰ কক্ষপথত পেলোড স্থাপন কৰিবলৈ প্ৰয়োজনীয় প্ৰযুক্তিৰ বিকাশ সাধন কৰাৰ উদ্দেশ্যে ১৯৮০ দশকৰ সময়ছোৱাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই প্ৰকল্পটো আৰম্ভ কৰে।২৩ এ এছ এল ভিৰ আৰ্হি উপগ্ৰহ উৎক্ষেপণ যানৰ আধাৰত প্ৰস্তুত কৰা হৈছিল।৪একে সময়তে পি এছ এল ভি আৰু বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান দুয়োটা কাৰ্যসূচীৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পৰ্যাপ্ত পুঁজি নাছিল আৰু সেয়েহে প্ৰাৰম্ভিক উন্নয়নশীল উৰণৰ পাছতেই এ এছ এল ভি কাৰ্যসূচীৰ অৱসান ঘটোৱা হয়।২ সম্প্ৰসাৰিত ৰোহিণী উপগ্ৰহ শৃংখলা আছিল এ এছ এল ভিৰ পেলোড।৪
যান
এ এছ এল ভি আছিল পাঁচটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট। ৪৭° নতি সহ ৪০০ কিলোমিটাৰৰ এটা কক্ষপথত প্ৰায় ১৫০ কিলোগ্ৰাম ওজনৰ পেলোড স্থাপন কৰিব পৰাকৈ এ এছ এল ভিৰ ধাৰণ ক্ষমতা আছিল। উৎক্ষেপণৰ সময়ত এ এছ এল ভিয়ে ৯২, ৭৮০ kgf থ্ৰাষ্ট্ উৎপাদন কৰিছিল। ২৩.৫ মিটাৰ দৈৰ্ঘ্যৰ আৰু ১ মিটাৰ আন্তঃব্যাসৰ এই ৰকেটখনৰ ওজন আছিল ৪১,০০০ কিলোগ্ৰাম।৪
ইতিহাস
এ এছ এল ভিয়ে চাৰিটাকৈ উৎক্ষেপণ সম্পন্ন কৰিছিল। ইয়াৰে দুবাৰ বিফল, এবাৰ আংশিকভাৱে বিফল আৰু এবাৰ সফল হৈছিল। ১৯৮৭ চনৰ ২৪ মাৰ্চত এ এছ এল ভিয়ে প্ৰথম উৰণ সম্পন্ন কৰিছিল আৰু ১৯৯৪ চনৰ ৫ মে'ত কৰা উৎক্ষেপণ আছিল এ এছ এল ভিৰ অন্তিম উৰণ।
উৎক্ষেপণ ইতিহাস
বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যানৰ চাৰিওটা উৎক্ষেপণ সতীশ ধৱন মহাকাশ কেন্দ্ৰত থকা এ এছ এল ভি নিক্ষেপণ মঞ্চৰ পৰা কৰা হৈছিল।
| ক্ৰমিক নং | শিৰোনাম | তাৰিখ / সময় (UTC) | উৎক্ষেপণ যান | উৎক্ষেপণ স্থলী | পেলোড | পেলোড ভৰ | কক্ষপথ | ব্যৱহাৰকাৰী | পৰিণাম |
|---|---|---|---|---|---|---|---|---|---|
| ১ | ASLV-D1 | ২৪ মাৰ্চ, ১৯৮৭৫৬ | বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান | সতীশ ধৱন মহাকাশ কেন্দ্ৰ | SROSS-1 | 150 কিলোগ্ৰাম | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | |
| উৎক্ষেপণৰ পাছতেই প্ৰথম পৰ্যায়ত জ্বলিবলৈ ব্যৰ্থ হয়। | |||||||||
| ২ | ASLV-D2 | ১৩ জুলাই, ১৯৮৮৫৬ | বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান | সতীশ ধৱন মহাকাশ কেন্দ্ৰ | SROSS-2 | 150 কিলোগ্ৰাম | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | |
| Control problems caused launcher to disintegrate | |||||||||
| ৩ | ASLV-D3 | ২০ মে’, ১৯৯২৫৬ | বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান | সতীশ ধৱন মহাকাশ কেন্দ্ৰ | SROSS-C | 106 কিলোগ্ৰাম | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | ৭ |
| Orbit lower than expected and incorrect spin-stabilization. Decayed quickly. | |||||||||
| ৪ | ASLV-D4 | ৫ মে’, ১৯৯৪৫৬ | বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান | সতীশ ধৱন মহাকাশ কেন্দ্ৰ | SROSS-C2 | 113 কিলোগ্ৰাম | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | ৭ |
লগতে চাওক
- উপগ্ৰহ উৎক্ষেপণ যান
- পি এছ এল ভি
- জি এছ এল ভি
তথ্যসূত্ৰ
- ↑ ASLV
- ↑ Archived copy
- ↑ Menon, Amarnath. (15 April 1987). Setback in the sky. India Today
- ↑ Encyclopedia Astronautica Index: 1
- ↑ McDowell, Jonathan. Launch Log. Jonathan's Space Page
- ↑ List of ASLV Launches
- ↑ heasarc.gsfc.nasa.gov/docs/heasarc/missions/sros link|date=June 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান” প্ৰবন্ধৰ সংশোধন ৫১৯৮৭৭ (২১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।