ব্যক্তিগত বিত্ত(Personal finance) হৈছে এজন ব্যক্তি বা এটা পৰিয়ালৰদ্বাৰা বিত্তীয় সম্পদসমূহ এক নিয়ন্ত্ৰিত পদ্ধতিৰে বাজেট তৈয়াৰ কৰা, সঞ্চয় কৰা আৰু ব্যয় কৰাৰ বাবে কৰা বিত্তীয় ব্যৱস্থাপনা (financial management), য'ত বিভিন্ন বিত্তীয় বিপদাশংকা (various financial risks) আৰু ভৱিষ্যতৰ জীৱনৰ ঘটনাসমূহক বিবেচনা কৰা হয়।
ব্যক্তিগত বিত্তৰ পৰিকল্পনা কৰোঁতে, এজন ব্যক্তিয়ে বিভিন্ন বেংকিং সামগ্ৰী (যেনে— চেকিং একাউণ্ট বা চলিত খাতা, সঞ্চয় একাউণ্ট, ক্ৰেডিট কাৰ্ড, আৰু ঋণ), বীমা সামগ্ৰী (যেনে— স্বাস্থ্য বীমা, অক্ষমতা বীমা, জীৱন বীমা, আদি), আৰু বিনিয়োগ সামগ্ৰীৰ (যেনে— বণ্ড, শ্বেয়াৰ বা ষ্টক (capital stock), স্থাবৰ সম্পত্তি বা ৰিয়েল এষ্টেট, আদি) উপযোগিতাৰ কথা বিবেচনা কৰিব লাগে; ইয়াৰ লগতে ক্ৰেডিট স্ক’ৰ (credit score) বা ঋণৰ মানদণ্ড, আয়কৰ (ইনকাম টেক্স), অৱসৰকালীন পুঁজি আৰু পেন্সন পৰ্যবেক্ষণ তথা ব্যৱস্থাপনা কৰাটোও ইয়াৰ ভিতৰত পৰে।
ইতিহাস
ব্যক্তিগত বিত্তৰ (personal finance) এক সুকীয়া বিশেষ শাখা গঢ়ি উঠাৰ পূৰ্বে, ইয়াৰ সৈতে ওচৰ সম্পৰ্ক থকা বিভিন্ন বিষয় যেনে— পৰিয়াল অৰ্থনীতি (family economics) আৰু গ্ৰাহক অৰ্থনীতি (consumer economics), ১০০ বছৰতকৈও অধিক সময় ধৰি বিভিন্ন মহাবিদ্যালয়ত গৃহ অৰ্থনীতি (home economics) ৰ অংশ হিচাপে শিকোৱা হৈছিল।
১৯২০ চনত চিকাগো বিশ্ববিদ্যালয় ([University of Chicago)ত হেজেল কিৰ্ক (Hazel Kyrk) ৰ গৱেষণা প্ৰবন্ধ (Dissertation) পৰিয়াল অৰ্থনীতি (family economics) আৰু গ্ৰাহক অৰ্থনীতি (consumer economics)শাখাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।১
একেখন বিশ্ববিদ্যালয়ৰে গৃহ অৰ্থনীতি (home economics) বিষয়ৰ অধ্যাপিকা মাৰ্গাৰেট জি. ৰিডক (Margaret G. Reid) গ্ৰাহকৰ আচৰণ (consumer behavior) আৰু ঘৰুৱা আচৰণৰ (household behavior) অধ্যয়নৰ এগৰাকী অন্যতম বাটকটীয়া বা অগ্ৰণী ব্যক্তি হিচাপে স্বীকৃতি দিয়া হয়।২
১৯৪৭ চনত, নোবেল বঁটা বিজয়ী হাৰ্বাট এ. চাইমনে (Herbert A. Simon) মত প্ৰকাশ কৰিছিল যে সীমিত শিক্ষাগত সম্পদ আৰু ব্যক্তিগত প্ৰৱণতাৰ বাবে এজন সিদ্ধান্ত গ্ৰহণকাৰীয়ে সদায় সৰ্বোত্তম বিত্তীয় সিদ্ধান্ত ল'ব নোৱাৰে।
ব্যক্তিগত বিত্তৰ গৱেষণা কেইবাটাও তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত, যেনে— সামাজিক বিনিময় তত্ত্ব (social exchange theory) আৰু এণ্ড্ৰাগজী বা প্ৰাপ্তবয়স্কৰ শিক্ষণ তত্ত্ব (andragogy)। আমেৰিকাত, ১৯৫০ চনৰপৰা ১৯৭০ চনৰ ভিতৰত এই ক্ষেত্ৰখনৰ বিকাশত আমেৰিকান এছ’চিয়েচন অৱ ফেমিলী এণ্ড কনজুমাৰ চায়েঞ্চেছ (American Association of Family and Consumer Sciences) আৰু ‘আমেৰিকান কাউন্সিল অন কনজুমাৰ ইণ্টাৰেষ্টছ’ৰ দৰে পেছাদাৰী সংস্থাসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰে। ১৯৮৪ আৰু ১৯৮৫ চনত ক্ৰমে আইঅ’ৱা ষ্টেট ইউনিভাৰ্চিটি (Iowa State University)-ত ‘এছ’চিয়েচন ফৰ ফাইনেন্সিয়েল কাউঞ্চেলিং এণ্ড প্লেনিং এডুকেচন’ (Association for Financial Counseling and Planning Education) (AFCPE) আৰু ‘একাডেমী অৱ ফাইনেন্সিয়েল চাৰ্ভিচেছ’ (Academy of Financial Services) (AFS) প্ৰতিষ্ঠা কৰা হৈছিল। AFCPE-য়ে এই ক্ষেত্ৰৰ পেছাদাৰীসকলৰ বাবে কেইবাটাও প্ৰমাণ-পত্ৰ বা চাৰ্টিফিকেচন প্ৰদান কৰিবলৈ আৰম্ভ কৰে, যেনে— এক্ৰেডিটেড ফাইনেন্সিয়েল কাউঞ্চেলৰ (Accredited Financial Counselor) (AFC) আৰু চাৰ্টিফাইড হাউছিং কাউঞ্চেলৰ (Certified Financial Planner) (CHC)।
১৯৯০ চনৰ পূৰ্বে, মূলসুঁতিৰ অৰ্থনীতিবিদ আৰু বাণিজ্য বিভাগসমূহৰ (business faculties) পৰা ব্যক্তিগত বিত্তৰ অধ্যয়নে বৰ বিশেষ গুৰুত্ব পোৱা নাছিল। অৱশ্যে, ১৯৯০ চনৰপৰা আমেৰিকাৰ কেইবাখনো বিশ্ববিদ্যালয়, যেনে— ব্ৰিগহাম য়ং ইউনিভাৰ্চিটি (Brigham Young University), আইঅ’ৱা ষ্টেট ইউনিভাৰ্চিটি (Iowa State University), আৰু ছান ফ্ৰান্সিস্কো ষ্টেট ইউনিভাৰ্চিটি (San Francisco State University)-এ স্নাতক (undergraduate) আৰু স্নাতকোত্তৰ (graduate) দুয়োটা পৰ্যায়তে বিত্তীয় শৈক্ষিক কাৰ্যসূচী আগবঢ়াবলৈ আৰম্ভ কৰে। এই প্ৰতিষ্ঠানসমূহে ‘দ্য জাৰ্নেল অৱ ফাইনেন্সিয়েল কাউঞ্চেলিং এণ্ড প্লেনিং’ আৰু ‘জাৰ্নেল অৱ পাৰ্চনেল ফাইনেন্স’-ৰ দৰে গৱেষণা আলোচনীত (journals) কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰবন্ধ প্ৰকাশ কৰিছিল। ২০০০ চনৰ আৰম্ভণিৰফালে গ্ৰাহকসকলৰ বিত্তীয় সক্ষমতা বা দক্ষতাৰ সন্দৰ্ভত উদ্বেগ বৃদ্ধি পোৱাৰ লগে লগে, সাধাৰণ ৰাইজ বা কিছুমান নিৰ্দিষ্ট গোট যেনে— যুৱ প্ৰজন্ম আৰু মহিলাসকলক লক্ষ্য কৰি বিভিন্ন শিক্ষণ কাৰ্যসূচী গঢ়ি উঠে। এই শৈক্ষিক কাৰ্যসূচীসমূহক প্ৰায়েই "বিত্তীয় সাক্ষৰতা" (financial literacy) বুলি জনা যায়। অৱশ্যে, ২০০৮ চনৰ গোলকীয় বিত্তীয় সংকটৰ (2008 financial crisis) পিছলৈকে ব্যক্তিগত বিত্ত শিক্ষাৰ বাবে কোনো মানক বা নিৰ্দিষ্ট পাঠ্যক্ৰম (standardized curriculum) নাছিল। আমেৰিকাৰ জনসাধাৰণৰ মাজত বিত্তীয় সাক্ষৰতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ২০০৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘প্ৰেছিডেণ্টছ এডভাইজৰী কাউন্সিল অন ফাইনেন্সিয়েল কেপাবিলিটি’ (President's Advisory Council on Financial Capability) গঠন কৰা হৈছিল। এই পৰিষদে বিত্তীয় শিক্ষাত এটা নিৰ্দিষ্ট মানদণ্ড বা ষ্টেণ্ডাৰ্ড তৈয়াৰ কৰাৰ গুৰুত্বৰ ওপৰতো বিশেষ জোৰ দিছিল।
ব্যক্তিগত বিত্তৰ নীতি
ব্যক্তিগত বিত্তৰ নীতিসমূহ (Personal finance principles)ব্যক্তিগত বিত্তৰ সৰ্বজনীন বা সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হোৱা নীতিসমূহ নিৰ্ধাৰণ কৰাটো কঠিন, কাৰণ:
- উপাৰ্জন, সম্পত্তি আৰু ব্যৱহাৰ বা খৰচৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰ স্থিতি যথেষ্ট ভিন্ন হয়।
- বিভিন্ন দেশৰ মাজত কৰ (tax) আৰু বিত্তীয় নিয়ম-কানুনসমূহ পৃথক হয়।
- ভৌগোলিকভাৱে আৰু সময়ৰ লগে লগে বজাৰৰ পৰিস্থিতি সলনি হৈ থাকে।
এজন বিত্তীয় উপদেষ্টাই (financial advisor) জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা আৰু উচ্চ সম্পদশালী ব্যক্তিসকলক ব্যক্তিগতকৃত পৰামৰ্শ আগবঢ়াব পাৰে। তথাপি, চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক হেৰল্ড পোলাক (Harold Pollack) আৰু ব্যক্তিগত বিত্তীয় লেখিকা হেলাইন ওলেনে (Helaine Olen) যুক্তি দৰ্শায় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেক্ষাপটত, এক ভাল ব্যক্তিগত বিত্তীয় পৰামৰ্শ কেইটামান সৰল দিশৰ ওপৰতহে নিৰ্ভৰ কৰে:
- প্ৰতি মাহে ক্ৰেডিট কাৰ্ডৰ সম্পূৰ্ণ বকেয়া ধন (balances) পৰিশোধ কৰক।
- কৰ-পৰৱৰ্তী আয়ৰ (post-tax income) ১০-২০% অংশ সঞ্চয় আৰু বিনিয়োগৰ বাবে সুকীয়া কৰি ৰাখক।
- অতি কমেও ৬ মাহ চলিব পৰাকৈ এটা জৰুৰীকালীন পুঁজি (emergency fund) গঢ়ি তোলক।
- কৰ-ৰেহাইৰ সুবিধা থকা পুঁজি (tax-advantaged funds) যেনে— ৪০১(কে) [401(k)] অৱসৰকালীন পুঁজি, ব্যক্তিগত অৱসৰকালীন একাউণ্ট (IRA), আৰু ৫২৯ শিক্ষা সঞ্চয় পৰিকল্পনা (529 plan)সমূহত সৰ্বাধিক বৰঙনি আগবঢ়াওক।
- সঞ্চয় কৰা ধন বিনিয়োগ কৰাৰ সময়ত:
- কোনো একক বিত্তীয় প্ৰতিভূতি বা শ্বেয়াৰত (individual securities) কিনা-বেচা (trading) কৰাটো পৰিহাৰ কৰক।
- কম খৰচী আৰু বৈচিত্ৰ্যপূৰ্ণ মিউচুৱেল ফাণ্ডৰ (diversified mutual funds) সন্ধান কৰক, যিয়ে এজন ব্যক্তিৰ অৱসৰ গ্ৰহণৰ লক্ষ্য বৰ্ষ অনুসৰি বিপদাশংকা আৰু লাভৰ (risk vs. reward) মাজত সঠিক ভৰসাম্য বজাই ৰাখে।
- যদি আপুনি এজন বিত্তীয় উপদেষ্টাৰ সহায় লৈছে, তেন্তে তেওঁক আপোনাৰ সৰ্বোত্তম স্বাৰ্থত কাম কৰিবলৈ এটা বিশ্বাসী কৰ্তব্য বা বিশ্বস্তু দায়িত্ব (fiduciary duty) মানি চলিবলৈ বাধ্য কৰাওক।৩
ব্যক্তিগত বিত্তীয় পৰিকল্পনা প্ৰক্ৰিয়া
ব্যক্তিগত বিত্তীয় পৰিকল্পনা প্ৰক্ৰিয়া (Personal financial planning process)ব্যক্তিগত বিত্তৰ মূল উপাদানটো হৈছে বিত্তীয় পৰিকল্পনা (financial planning), যিটো এক গতিশীল বা পৰিৱৰ্তনশীল প্ৰক্ৰিয়া (dynamic process) আৰু ইয়াৰ বাবে নিয়মীয়া পৰ্যবেক্ষণ তথা পুনৰ মূল্যায়নৰ (monitoring and re-evaluation) প্ৰয়োজন হয়। সাধাৰণতে, ইয়াৰ সৈতে পাঁচটা পদক্ষেপ জড়িত হৈ থাকে:
১. মূল্যায়ন (Assessment): এজন ব্যক্তিৰ বিত্তীয় স্থিতি মূল্যায়ন কৰিবলৈ তেওঁৰ বিত্তীয় বিৱৰণীসমূহৰ (financial statements) এক সৰলীকৃত ৰূপ প্ৰস্তুত কৰা হয়, য'ত বেলেন্স শ্বীট (balance sheet) আৰু আয়ৰ বিৱৰণী (income statement) অন্তৰ্ভুক্ত থাকে। এখন ব্যক্তিগত বেলেন্স শ্বীটত ব্যক্তিগত সম্পত্তি বা এছেটসমূহৰ (যেনে— গাড়ী, ঘৰ, কাপোৰ-কানি, শ্বেয়াৰ, বেংক একাউণ্ট, ক্ৰিপ্টোকাৰেন্সী) মূল্যৰ লগতে ব্যক্তিগত দায়বদ্ধতা বা লায়াবিলিটিজসমূহৰ (যেনে— ক্ৰেডিট কাৰ্ডৰ ধাৰ, বেংক ঋণ, বন্ধকী বা মৰটগেজ) তালিকা প্ৰস্তুত কৰা হয়। আনহাতে, এখন ব্যক্তিগত আয়ৰ বিৱৰণীত ব্যক্তিগত আয় আৰু ব্যয় বা খৰচৰ তালিকা থাকে।
২.লক্ষ্য নিৰ্ধাৰণ (Goal setting): ইয়াত হ্ৰস্বম্যাদী (short-term) আৰু দীৰ্ঘম্যাদী (long-term) দুয়ো ধৰণৰ একাধিক লক্ষ্য থকাটো প্ৰত্যাশিত। উদাহৰণস্বৰূপে, এটা দীৰ্ঘম্যাদী লক্ষ্য হ’ব পাৰে "৬৫ বছৰ বয়সত ১,০০০,০০০ ডলাৰৰ প্ৰকৃত সম্পত্তি বা নেট ৱৰ্থৰ (net worth) সৈতে অৱসৰ গ্ৰহণ কৰা", আনহাতে এটা হ্ৰস্বম্যাদী লক্ষ্য হ’ব পাৰে "অহা মাহত এটা নতুন কম্পিউটাৰ ক্ৰয় কৰিবলৈ পইচা সঞ্চয় কৰা।" বিত্তীয় লক্ষ্য নিৰ্ধাৰণ কৰিলে এজন ব্যক্তিয়ে অৰ্জন কৰিব বিচৰা চৰ্ত আৰু প্ৰত্যাশাসমূহ নিৰূপণ কৰি বিত্তীয় পৰিকল্পনাটোক সঠিক দিশত পৰিচালিত কৰাত সহায় কৰে।
৩.পৰিকল্পনা প্ৰস্তুতকৰণ(Plan creation): বিত্তীয় পৰিকল্পনাটোত পূৰ্বৰ পদক্ষেপত নিৰ্ধাৰণ কৰা বিত্তীয় লক্ষ্যসমূহ কেনেকৈ পূৰণ কৰিব পৰা যাব, তাৰ বিতং বিৱৰণ থাকে। উদাহৰণস্বৰূপে, ইয়াত অপ্ৰয়োজনীয় খৰচ হ্ৰাস কৰা, চাকৰি বা ব্যৱসায়ৰপৰা উপাৰ্জন বৃদ্ধি কৰা, অথবা কোনো স্থায়ী আমানত বা ফিক্সড ডিপজিটত (fixed deposit) বিনিয়োগ কৰা আদি অন্তৰ্ভুক্ত হ’ব পাৰে।
৪.কাৰ্যকৰীকৰণ (Execution): এটা বিত্তীয় পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ প্ৰায়ে অনুশাসন, অধ্যৱসায় আৰু ত্যাগৰ প্ৰয়োজন হয়। বহুতো লোকে এই ক্ষেত্ৰত বিভিন্ন পেছাদাৰী ব্যক্তি যেনে— হিচাপৰক্ষক (accountant), বিত্তীয় পৰিকল্পনাকাৰী (financial planner), বিনিয়োগ উপদেষ্টা (investment adviser), আৰু আইনজীবী বা অধিবক্তাৰ (lawyer) সহায় লয়।
৫.পৰ্যবেক্ষণ আৰু পুনৰ মূল্যায়ন (Monitoring and reassessment): এজন ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সঠিক দিশত গৈ আছেনে নাই, তাৰ উৱাহ ল’বলৈ বিত্তীয় পৰিকল্পনাটো নিয়মিত ব্যৱধানত পৰ্যবেক্ষণ কৰা হয়। সময় বাগৰি যোৱাৰ লগে লগে আৰু পৰিস্থিতিৰ পৰিৱৰ্তন হ’লে প্ৰয়োজনীয় সালসলনি বা সালসলনি কৰিবলৈ এই তথ্যসমূহ মূল্যায়ন কৰা হয়।৪
ব্যক্তিগত বিত্তৰ লক্ষ্য
ব্যক্তিগত বিত্তৰ লক্ষ্যসমূহ (Goals for personal finance):আধুনিক যুগত মানুহে নিজৰ বিত্তীয় ব্যৱস্থা বুজি পোৱা আৰু ইয়াক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল:
১. পূৰ্ণাংগ আনুষ্ঠানিক শিক্ষাৰ অভাৱ: যদিও বহু দেশে ব্যক্তিগত বিত্তৰ ক্ষেত্ৰত কিছু আনুষ্ঠানিক শিক্ষা প্ৰদান কৰে, তথাপি অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংগঠন (Organisation for Economic Co-operation and Development) (OECD) ৰ গৱেষণাই দেখুৱাইছে যে যিবোৰ অঞ্চলত ই বাধ্যতামূলক নহয়, তাত বিত্তীয় সাক্ষৰতাৰ হাৰ একেবাৰে কম — আনকি জাপানৰ দৰে উন্নত দেশসমূহতো।
- ৰাজহুৱা শিক্ষাত ব্যক্তিগত বিত্তৰ শিক্ষা সদায় বাধ্যতামূলক কৰা নহয়; উদাহৰণস্বৰূপে, ২০২৪ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাইস্কুলসমূহৰ প্ৰায় ৩০% তকৈ কমসংখ্যক স্কুলত স্নাতক (graduation) ডিগ্ৰী লাভৰ বাবে ব্যক্তিগত বিত্তৰ পাঠ্যক্ৰম বাধ্যতামূলক নাছিল।৫
- যিসকল স্নাতক (graduation) বিত্তীয় শিক্ষা লাভ কৰিছে, তেওঁলোকৰ গড় ক্ৰেডিট স্ক’ৰ অধিক ভাল হয় আৰু তেওঁলোকে অধিক সুবিধাজনক চৰ্তত ঋণ লাভ কৰে।৬
- গতিকে, শিক্ষা-ব্যৱস্থাত বিত্তীয় পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ গুৰুত্ব আৰু ইয়াৰ ফলত ব্যক্তিগত বিত্তীয় শিক্ষাত অহা প্ৰজন্মগত পৰিৱৰ্তনৰ মাজত থকা সম্পৰ্কটোক অনুধাৱন কৰাটো অতি প্ৰয়োজনীয়।৭
২. কৰ্মসংস্থাপনৰ বয়স হ্ৰাস পোৱা (Shortened employable age): বিগত বৰ্ষবোৰত স্বয়ংক্ৰিয়কৰণ বা অটোমেচন (automation) আৰু পৰিৱৰ্তনশীল প্ৰয়োজনীয়তাৰ আগমনৰ লগে লগে, সমগ্ৰ বিশ্বতে শাৰীৰিক পৰিশ্ৰম বা যান্ত্ৰিক কাম-কাজৰ সৈতে জড়িত কেইবাটাও চাকৰি ক্ৰমান্বয়ে অপ্ৰয়োজনীয় বা বিলুপ্ত হৈ পৰিছে।৮
- চাকৰিৰ কেইবাটাও সুযোগ অধিক শ্ৰম ব্যয় বা মজুৰি থকা দেশসমূহৰপৰা কম শ্ৰম ব্যয় থকা দেশবোৰলৈ স্থানান্তৰিত হৈছে, যাৰ ফলত কোম্পানীসমূহে উৎপাদন বা পৰিচালন খৰচ কমাই ৰাখিবলৈ সক্ষম হৈছে।৯
- যুব প্ৰজন্মৰ জনসংখ্যা যথেষ্ট ডাঙৰ হোৱা অৰ্থনীতিত, যি নতুন প্ৰযুক্তিৰ সৈতে অধিক সুসজ্জিত হৈ কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিছে, তাত দক্ষতা বৃদ্ধি নকৰা মধ্যম স্তৰৰ কৰ্মচাৰীসকলক নতুন কৰ্মচাৰীসকলে প্ৰতিষ্থাপন কৰিব পাৰে, যাৰ ফলত সংগঠনসমূহৰ খৰচ কম হয়।১০
৩.জীৱন প্ৰত্যাশা বৃদ্ধি (Increased life expectancy): স্বাস্থ্যসেৱাৰ অভূতপূৰ্ব উন্নতিৰ ফলত আজিৰ যুগৰ মানুহ পূৰ্বৰ প্ৰজন্মসমূহৰ তুলনাত অধিক বয়সলৈকে জীয়াই থাকে। আনকি উন্নয়নশীল অৰ্থনীতিসমূহতো গড় জীৱন প্ৰত্যাশা (average life expectancy) বৃদ্ধি পাইছে। ই ক্ৰমান্বয়ে ৬০ বছৰৰপৰা ৮১ বছৰ বা তাতকৈও অধিক ওপৰলৈ বৃদ্ধি পাইছে; যিয়ে কৰ্মসংস্থাপনৰ বয়স হ্ৰাস পোৱাৰ সৈতে মিলি এক পৰ্যাপ্ত পৰিমাণৰ বৃহৎ অৱসৰকালীন পুঁজি বা ৰিটায়াৰমেণ্ট কৰ্পাছ (retirement corpus) গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আৰু ব্যক্তিগত বিত্তৰ গুৰুত্বক অধিক শক্তিশালী কৰি তুলিছে।১১
৪.চিকিৎসা ব্যয় বৃদ্ধি (Rising medical expenses): প্ৰেছক্ৰিপচনৰ দৰব বা ঔষধৰ মূল্য, চিকিৎসালয়ৰ যত্ন, নাৰ্ছিং সেৱা, বিশেষ চিকিৎসা বা স্পেচিয়েলাইজড কেয়াৰ, আৰু বাৰ্ধক্যজনিত বা জেৰিয়াট্ৰিক কেয়াৰৰ (geriatric care) খৰচকে ধৰি সকলো ধৰণৰ চিকিৎসা ব্যয় বিগত বৰ্ষবোৰত যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত বহুতো খৰচ ব্যক্তিগত বীমা পলিচি (private insurance policies) অথবা কেন্দ্ৰীয় বা ৰাষ্ট্ৰীয় বীমা কাৰ্যসূচীসমূহৰ (federal or national insurance programs)দ্বাৰা সুৰক্ষিত বা সামৰি লোৱা নহয়।১২
তথ্যসূত্ৰ
- ↑ name="Tahira">Tahira, K. Hira. (1 December 2009). Personal finance: Past, present, and future. Social Science Research Network. Iowa State University - Department of Human Development and Family Studies. পৃ. 4–16
- ↑ (2010). Guide to the Margaret G. Reid Papers 1904–1990. The University of Chicago Library
- ↑ Can The Best Financial Tips Fit On An Index Card?. NPR
- ↑ (28 May 2015). Goals:Setting financial goals. CNN
- ↑ Hughes, Stephanie. (2024-02-27). More US high schools now require personal finance courses. Marketplace
- ↑ name=":02">Hughes, Stephanie. (2024-02-27). More US high schools now require personal finance courses. Marketplace
- ↑ Hayes, Deacon. (7 November 2017). How to retire early: everything you need to achieve financial independence when you want it. Simon and Schuster. ISBN 978-1-4405-9989-7
- ↑ Figure 1.1. Risk of job loss due to automation. OECD
- ↑ Berger, Suzanne. (2006). How we compete: what companies around the world are doing to make it in today's global economy. Currency Doubleday. ISBN 0-385-51359-3
- ↑ The Future of Jobs Report 2018
- ↑ 6.1. Life expectancy has increased remarkably in OECD countries. OECD
- ↑ Wandel, William H. (June 1960). Rising Medical Care Costs with Special Reference to Hospital Expenses. The Journal of Insurance. পৃ. 65–68
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্যক্তিগত বিত্ত” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৬৭ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।