অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গম্ভীৰা

গম্ভীৰা (Gombhira) হৈছে ভাৰত উপমহাদেশৰ পূব অংশৰ বংগ অঞ্চলৰ পৰা উৎপত্তি হোৱা এক প্ৰকাৰৰ গীত। বৰ্তমান উত্তৰ-পূব পশ্চিম বংগ, ভাৰত আৰু উত্তৰ-পশ্চিম বাংলাদেশত এই সংগীতৰ প্ৰচলন হৈ আছে। পশ্চিম বংগত (ভাৰত) মালদা জিলাক কেন্দ্ৰ কৰি এই গীতৰ প্ৰচলন হৈ আছে।

হালনাগাদ: ৪ এপ্ৰিল ২০২৪ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

গম্ভীৰা (Gombhira) হৈছে ভাৰত উপমহাদেশৰ পূব অংশৰ বংগ অঞ্চলৰ পৰা উৎপত্তি হোৱা এক প্ৰকাৰৰ গীত। বৰ্তমান উত্তৰ-পূব পশ্চিম বংগ, ভাৰত আৰু উত্তৰ-পশ্চিম বাংলাদেশত এই সংগীতৰ প্ৰচলন হৈ আছে।১২৩৪৫

পশ্চিম বংগত (ভাৰত) মালদা জিলাক কেন্দ্ৰ কৰি এই গীতৰ প্ৰচলন হৈ আছে। আনহাতে বাংলাদেশৰ চাপাই নবাবগঞ্জ জিলা গম্ভীৰা প্ৰদৰ্শনৰ মূল কেন্দ্ৰ। এই পৰম্পৰা ওচৰৰ ৰাজশাহী আৰু নাওগাঁও জিলাতো জনপ্ৰিয়।৩ এই শৈলী বিশেষভাৱে সুকীয়া ছন্দ আৰু দুজন পৰিবেশকে নৃত্য সহ পৰিবেশন কৰে। ইয়াৰ জড়িয়তে সামাজিক সজাগতা বৃদ্ধিৰ বাবে এটা বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ধাৰণা কৰা হয় যে, গম্ভীৰা উৎসৱৰ প্ৰচলন হৈছিল শিৱপূজাক কেন্দ্ৰ কৰি৷ শিৱৰ আন এক নাম “গম্ভীৰ’’৷ সেয়ে, শিৱৰ বাবেই হোৱা এই উৎসৱ গম্ভীৰা উৎসৱ আৰু শিৱৰ বন্দনা গীতেই হ’ল গম্ভীৰা গাীত৷ মালদহ অঞ্চলত ঘাইকৈ চ’ত মাহৰ সংক্ৰান্তিৰ সময়ৰ শিৱপূজা উপলক্ষে পাৰ হৈ অহা বছৰটোৰ ঘটনাৱলী নৃত্য-গীত আৰু অভিনয়ৰ দ্বাৰা পৰিৱেশন কৰা হয়৷ ইয়াত অন্তৰ্ভূক্ত তিনিটা পৰ্বত গম্ভীৰা মুখা পিন্ধি নৃত্য কৰা হয়৷৬

গম্ভীৰা মাস্ক

চ'ত মাহৰ সংক্ৰান্তিৰ উৎসৱত উত্তৰ বংগৰ মালদা জিলাৰ সমগ্ৰ অঞ্চলতে গম্ভীৰা নৃত্য প্ৰদৰ্শন কৰা হয়। স্থানীয় সূত্ৰধৰ সমাজে নিম আৰু ডিমৰু গছৰ পৰা তৈয়াৰ কৰা এই মাস্ক ব্যৱহাৰ কৰে। কেতিয়াবা মাটিৰ মুখাও ব্যৱহাৰ কৰা হয়।৭ গম্ভীৰা নৃত্যৰ বিশেষ বৈশিষ্ট্য বিশেষ মুখা, নিম আৰু ডিমৰু গছৰ অংশৰ পৰা তৈয়াৰ কৰাৰ উপৰি কেতিয়াবা মাটিৰেও নিৰ্মাণ কৰা হয়।৮ গম্ভীৰা গীতৰ তালে তালে এই মুখাসমূহ পিন্ধি নৃত্য কৰা হয়। মুখাবোৰ বিভিন্ন হিন্দু পৌৰাণিক কাহিনীৰ নানা চৰিত্ৰ, যেনে, বাণ, কালী, নৰসিংস, বাঁশুলী, গৃধিনীবিশাল, চামুণ্ডা, উগ্ৰচণ্ডা, ঝঁটাকালী, মহিষমৰ্দিনী, লক্ষ্মী, সৰস্বতী, হিৰণ্যকশিপুবধ, তাৰকবধ, শুম্ভ-নিশুম্ভ বধ আদিৰ হয়। ইয়াৰ ভিতৰত সকলোতকৈ আকৰ্ণীয় মুখা হ’ল নৰসিংহ মুখা।৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bangladesh. Calaccitra o Prakāśana Bibhāga. (1988). Bangladesh Quarterly, Volume 8. University of California. পৃ. 4–8
  2. ↑ A. F. Salahuddin Ahmed; Bazlul Mobin Chowdhury. (2004). Bangladesh, national culture, and heritage: an introductory reader. Independent University, Bangladesh. পৃ. 407–410. ISBN 978-984-8509-00-5
  3. ↑ Don Rubin; Chua Soo Pong; Ravi Chaturvedi. (2001). The World Encyclopedia of Contemporary Theatre: Asia/Pacific. Taylor & Francis. পৃ. 78–86. ISBN 9780415260879
  4. ↑ (20 June 2009). Mango festival and cultural programme in Chapainawabganj. The Daily Star
  5. ↑ (9 August 2014). Rajshahi University School, College wins divisional round. The Daily Star
  6. ↑ চৌধুৰী, দুলাল সম্পাদিত (২০০৪)। বাংলাৰ লোকসংস্কৃতিৰ বিশ্বকোষ। কলকাতা: আকাদেমি অৱ ফোকলোৰ। পৃষ্ঠা ২৯৭–২৯৮।
  7. ↑ The Mask. Biswa Bangla
  8. ↑ বিশ্ববাংলা
  9. ↑ চৌধুৰী, দুলাল সম্পাদিত (২০০৪)। বাংলাৰ লোকসংস্কৃতিৰ বিশ্বকোষ। কলকাতা: আকাদেমি অব ফোকলোৰ। পৃষ্ঠা ১৯৩–১৯৪।

সম্পৰ্কিত শ্ৰেণী

গীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গম্ভীৰা” প্ৰবন্ধৰ সংশোধন ৪১৬৯৩৩ (৪ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।