সাগৰীয় দ্বীপ
৯ প্ৰবন্ধ
-
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈছে বংগোপসাগৰ আৰু আন্দামান সাগৰৰ সন্ধিস্থলৰ এলানি দ্বীপ মালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। অঞ্চলটি ইণ্ডোনেছিয়াৰ আচেহ অঞ্চলৰ উত্তৰত অৱস্থিত, আন্দামান সাগৰে ইয়াক থাইলেণ্ড আৰু ম্যানমাৰৰ পৰা পৃথক কৰি ৰাখিছে।
-
লাক্ষাদ্বীপ
লাক্ষাদ্বীপ বা লক্ষদ্বীপ যি পৃৰ্বতে লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদীৱি দ্বীপপুঞ্জ নামৰে পৰিচিত আছিল, হৈছে ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ পৰা ২০০-ৰ পৰা ৪৪০ কিলোমিটাৰ দূৰত্বত আৰৱ সাগৰত অৱস্থিত দ্বীপপুঞ্জৰ সমূহ। দ্বীপপুঞ্জটো ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল।
-
বালি, ইণ্ডোনেছিয়া
বালি ইণ্ডোনেছিয়াৰ এক দ্বীপ অঞ্চল আৰু প্ৰদেশ। বালি আৰু ইয়াৰ কাষৰ কিছু ক্ষুদ্ৰ দ্বীপ নুচা পেনিদা, নুচা লেমবনগান আৰু নুচা চেনিনগানৰ লগ লাগি এই প্ৰদেশ গঠিত হৈছে। ইয়াৰ ৰাজধানী হৈছে ডেনপাচাৰ। ই দ্বীপটোৰ দক্ষিণাঞ্চলত অৱস্থিত। পূব জাভা অঞ্চলৰ ৩.২ কিলোমিটাৰ দূৰত বালি দ্বীপ অৱস্থিত।
-
আৰুবা
আৰুবা নেদাৰলেণ্ডৰ ভিতৰৰ এখন সাংবিধানিক দ্বীপ ৰাষ্ট্ৰ; ই দক্ষিণ কেৰিবিয়ান সাগৰৰ ভেনিজুৱেলাৰ পেৰাগুয়ানা উপদ্বীপৰ পৰা ২৯ কিলোমিটাৰ (১৮ মাইল) উত্তৰত আৰু কুৰাচাওৰ পৰা ৮০ কিলোমিটাৰ (৫০ মাইল) উত্তৰ-পশ্চিমে অৱস্থিত।
-
হোক্কাইডো
হোক্কাইডো হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে এযো, য়েযো, য়েছো আদি। হোক্কাইডো হোনশু দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।
-
যলযলা জাযীৰা
যলযলা জাযীৰা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ। এই দ্বীপটো ২০১৩ চনৰ ২৪ ছেপ্টেম্বৰত পাকিস্তানত সংঘটিত ভূমিকম্পৰ পিছত সৃষ্টি হয়।
-
ইয়' জিমা
ইয়' জিমা, officially Iō-tō, হৈছে জাপানৰ তিনিটা আগ্নেয়গিৰি দ্বীপৰ মাজৰটো। পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত এই দ্বীপটো প্ৰায় ৫ মাইল (৮ কি:মি:) দীঘল, ৭৩০ মিটাৰ-৪ কি:মি: বহল, আৰু ইয়াৰ মাটিকালি ৮ বৰ্গমাইল (২০ বৰ্গকি:মি:)। ই ট'কিয়' পৰা ৬৫০ নটিকেল মাইল (৭৫০ মাইল; ১২০০ কি:মি:) দূৰত অৱস্থিত।
-
ইলহা দা কুইমাদা গ্ৰাণ্ডে
ইলহা দা কুইমাদা গ্ৰাণ্ডে বা সৰ্পদ্বীপ (Ilha da Queimada Grande) ব্ৰাজিলৰ ছাও পাওলো চহৰৰ পৰা ৯৩ মাইল দক্ষিণে অৱস্থিত এটা সাগৰীয় দ্বীপ, যিটো দ্বীপক পৃথিৱীৰ ভয়ংকৰ আৰু মাৰাত্মক দ্বীপ বুলি কোৱা হয়। কিয়নো এই দ্বীপত কেৱল বিষাক্ত সাপহে পোৱা যায়।
-
বেৰেন দ্বীপ, আন্দামান
বেৰেন দ্বীপ আন্দামান সাগৰত অৱস্থিত এখন দ্বীপ। ভাৰত মহাসাগৰৰ বংগোপসাগৰত অৱস্থিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আন্দামান দ্বীপসমূহৰ পূবে এই দ্বীপ অৱস্থিত। বেৰেন দ্বীপত অৱস্থিত বেৰেন আগ্নেয়গিৰি দক্ষিণ এছিয়াৰ একমাত্ৰ প্ৰমাণিত সক্ৰিয় আগ্নেয়গিৰি।