হিন্দু সৌৰ বৰ্ষপঞ্জী
৪ প্ৰবন্ধ
-
বৃষভ (মাহ)
বৃষভ বা বৃষ হৈছে হিন্দু সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ। এই মাহটো বৃষ ৰাশিৰ সৈতে সম্পৰ্কিত আৰু ই গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মে' মাহৰ দ্বিতীয়াৰ্ধ আৰু জুন মাহৰ প্ৰথমাৰ্ধক সামৰি লয়। বৃষভ মাহটো হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ জ্যেষ্ঠ বা জেঠ মাহৰ সমসাময়িক। বৃষভৰ পূৰ্বৱৰ্তী মাহ মেষ আৰু পৰৱৰ্তী মাহ মিথুন।
-
মিথুন (মাহ)
মিথুন ভাৰতীয় সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ। এই মাহটো মিথুন ৰাশিৰ চিহ্নৰ সৈতে সম্পৰ্কিত আৰু ই গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ জুনৰ দ্বিতীয়াৰ্ধ আৰু জুলাইৰ প্ৰথমাৰ্ধ সামৰি লয়। মিথুন হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ আষাড় বা আহাৰ মাহৰ সৈতে পৰে। মিথুনে ভাৰতীয় উপমহাদেশত বাৰিষা ঋতুৰ আৰম্ভণিক চিহ্নিত কৰে।
-
মেষ (মাহ)
মেষ (मेष) হৈছে ভাৰতীয় সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ। এই মাহটো মেষ ৰাশিৰ চিহ্নৰ সৈতে সাদৃশ্য থকা আৰু ই এপ্ৰিলৰ প্ৰায় দ্বিতীয়াৰ্ধ আৰু গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মে' মাহৰ প্ৰথমাৰ্ধত পৰে। মেষ হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ মাহ বৈশাখ বা ব'হাগৰ সৈতে সমসাময়িক। মেষৰ পূৰ্বৱৰ্তী সৌৰ মাহ হৈছে মীন আৰু পৰৱৰ্তী সৌৰ মাহ বৃষভ।
-
কৰ্কট (মাহ)
কৰ্কট বা কৰ্ক হৈছে হিন্দু সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ। ই কৰ্কট ৰাশিৰ জ্যোতিষ চিহ্নৰ সৈতে সম্পৰ্কিত। এই মাহটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ জুলাই মাহৰ দ্বিতীয়াৰ্ধ আৰু আগষ্ট মাহৰ প্ৰথমাৰ্ধক লৈ গঠিত। কৰ্কট মাহ হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ মাহ শ্ৰাৱণ বা শাওণৰ সমসাময়িক।