বুলডগ (Bulldog),১২ যাক ইংলিছ বুলডগ বা ব্ৰিটিছ বুলডগ বুলিও জনা যায়, হৈছে এক মজলীয়া আকাৰৰ কুকুৰৰ প্ৰজাতি।৩ ই হৈছে এক পেশীবহুল, ডাঙৰ কুকুৰ যাৰ মুখখন কোঁচ খোৱা। বুলডগবোৰ জনপ্ৰিয় পোহনীয়া জন্তু; আমেৰিকান কেনেল ক্লাবৰ মতে এইবিধ কুকুৰ ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পঞ্চম জনপ্ৰিয় বিশুদ্ধ প্ৰজাতিৰ কুকুৰ।৪
অবয়ব
বুলডগবোৰৰ বিশেষভাৱে বহল মুৰ আৰু কান্ধ থাকে। ভ্ৰূত সাধাৰণতে ছালৰ ডাঠ ভাঁজ থাকে; ঘূৰণীয়া, ক'লা, বহল চকু; নাকৰ ওপৰেৰে ভাঁজৰ সৈতে এটা চুটি মুখ; ডিঙিৰ তলত ওলমি থকা ছাল; ওলমি থকা ওঁঠ আৰু জোঙা দাঁত। ৩
স্বভাৱ
আমেৰিকান কেনেল ক্লাবৰ মতে, বুলডগৰ স্বভাৱ দয়ালু, দৃঢ়, আৰু সাহসী (দুষ্ট বা আক্ৰমণাত্মক নহয়)।৫

বেছিভাগৰ বন্ধুত্বপূৰ্ণ, ধৈৰ্য্যশীল, কিন্তু জেদী প্ৰকৃতিৰ হয়। শিশুৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ প্ৰৱণতাৰ বাবে বুলডগবোৰক উৎকৃষ্ট পাৰিবাৰিক পোহনীয়া জন্তু হিচাপে স্বীকৃতি দিয়া হয়। ৩ সাধাৰণতে, বুলডগবোৰ শিশু, অন্যান্য কুকুৰ আৰু অন্যান্য পোহনীয়া জন্তুৰ সৈতে ভালদৰে মিলা-মিছা কৰাৰ বাবে জনাজাত।৬
তথ্যসূত্ৰ
- ↑ Bulldog Dog Breed Information. American Kennel Club
- ↑ Bulldog Breed Information. Animal On Planet
- ↑ "Get to Know the Bulldog", 'The American Kennel Club', Retrieved 29 May 2014
- ↑ American Kennel Club 2013 Dog Registration Statistics Historical Comparisons & Notable Trends, The American Kennel Club, Retrieved 18 May 2016
- ↑ American Kennel Club – Bulldog. Akc.org. Retrieved on 9 June 2012
- ↑ Ewing, Susan. (2006). Bulldogs for dummies. Wiley Publishing. ISBN 978-0-7645-9979-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুলডগ” প্ৰবন্ধৰ সংশোধন ৩৮২১৭৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।