চাৰিআলি বীণাপাণি নাট্য সমাজ বিশ্বনাথ চাৰিআলিৰ এটা সাংস্কৃতিক অনুষ্ঠান। এই অঞ্চলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, ব্যৱসায়িক, ৰাজনৈতিক আৰু ক্ৰীড়া জগতত এই অনুষ্ঠানটিয়ে অগ্ৰণী ভুমিকা লৈ আহিছে। ১৯৩১ চনৰ নবেম্বৰ মাহত এই অনুষ্ঠানৰ জন্ম হৈছিল।১৯৩১ চনৰ ১ নবেম্বৰত যজ্ঞেশ্বৰ বৰঠাকুৰৰ সভাপতিত্বত প্ৰথমখন অধিবেশন বহে। নাট্য সমাজৰ লগত আছে দেশপ্ৰাণ "লক্ষ্মীধৰ স্মৃতি পুথি ভঁৰাল", "বীণাপাণি নাট্য সমাজ আৰু বীণাপাণি কো-অপাৰেটিভ ষ্ট’ৰ্ছ। ২০১০ চনৰ ২৬,২৭ আৰু ২৮ মাৰ্চত বীণাপাণি নাট্য সমাজে মহাৰজত জয়ন্তী উদ্যাপন কৰে।১
বীণাপাণি নাট্য মন্দিৰ
বৰ্তমান বীণাপাণি নাট্য মন্দিৰ অঞ্চলটোৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ।২ এই নাট্য মন্দিৰে অঞ্চলটোৰ নাট্যকৰ্মী সকলক নাট্য-চৰ্চ্চাৰ সুযোগ দিবলৈ সক্ষম হৈছে। সাংস্কৃতিক কাৰ্যসূচীৰ উপৰিও চৰকাৰী-বেচৰকাৰী সভা সমিতি, উৎসৱৰ স্থান হিছাবে পৰিগণিত হৈ আহিছে। ই নিয়মীয়াকৈ 'সদৌ অসম সূৰ্য বৰা সোঁৱৰণি একাংকিকা নাট্য প্ৰতিযোগিতা' অনুষ্ঠিত কৰি আহিছে।৩ বীণাপাণি নাট্য মন্দিৰৰ লগত এটা নাট্য মঞ্চ সংলগ্ন হৈ আছে।৪
বীণাপাণি নাট্য মঞ্চ
এই নাট্য মঞ্চৰ আৰ্হি জাপানৰ পৰা লোৱা হৈছে। বীণাপাণি নাট্য মঞ্চ ঘুৰ্ণীয়মান মঞ্চ। ই বৰ্তমান অসমৰ একমাত্ৰ সক্ষম ঘুৰণ ৰঙ্গমঞ্চ।এই মঞ্চৰ উদ্ভৱ ঘটে জাপানত। 'কাবুকি' নাটক উপস্থাপন বাবে প্ৰয়োজন হোৱা বস্তুগত দৃশ্যৰ ব্যাপক প্ৰয়োগৰ বাবেই এই প্ৰক্ৰিয়া উদ্ভাবনৰ প্ৰয়োজন হয়।(জাপানী ভাষাত যাক কোৱা হয় "মাৱাৰি বুটাই "।)
বহিঃ সংযোগ
www2.ntj.jac.go.jp/unesco/kabuki/en/3/3_03_07.ht
তথ্যসূত্ৰ
- ↑ আৰিয়া-বীনাপাণি নাট্য সমাজৰ মহাৰজত জয়ন্তীৰ স্মৃতিগ্ৰন্থ(২০০৯-২০১০)
- ↑ Culture Of Biswanath Chariali. Little Star School
- ↑ (September 28, 2007). Drama contest. The Telegraph
- ↑ আৰিয়া-বীনাপাণি নাট্য সমাজৰ মহাৰজত জয়ন্তীৰ স্মৃতিগ্ৰন্থ(২০০৯-২০১০)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীণাপাণি নাট্য সমাজ” প্ৰবন্ধৰ সংশোধন ৩৮৫৫০৪ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।